কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এনেইeneiAdverb
একো নোহোবাকৈ; শুদাই; বেচ নোলোবাকৈ
for nothing; without price
- এনেকুবাenekubāAdjective
এই গঢ়ৰ; এই প্ৰকাৰৰ
of this description; such
- এনেকুৱাe.ne.ku.waProper Adj.
কোনো মানুহ, জীৱ-জন্তু অথবা আন কোনো বস্তুৰ গুণ, পৰিমাণ আদিৰ কথা উল্লেখ কৰিবলৈ ব্যৱহাৰ হয়| যেনেঃ এনেকুৱা মানুহৰ পৰা উপায় নাই|
Of the kind, character, degree, extent, etc., of that or those indicated or implied.
- এনেকেAdverb
কিবা কৰাৰ উপায় বা ধৰণ, যেনে- কামটো এনেদৰে কৰা
In a way or method shown/demonstrated
- এনেকৈenekaiAdverb
এইদৰে
in this manner
- এনেতেeneteAdverb
এনে সুযোগতে; এনে সময়তে
at such time or opportunity
- এনেদৰেe.ne.do.reAdverb
কিবা কৰাৰ উপায় বা ধৰণ, যেনে- কামটো এনেদৰে কৰা
In a way or method shown/demonstrated
- এনেধৰণৰe.ne.dho.ro.norProper Adj.
Have the characteristics shown or demonstrated.
- এনেবোৰene.bourPronoun
এটা বা এজনতকৈ অধিক বস্তু বা মানুহ আদি বুজাবলৈ ব্যৱহাৰ হয়৷
the plural of 'this'; used to refer to more than one person, things etc.
- এনেয়েe.ne.yeAdverb
কোনো মূল্য বা কাৰণ নোহোৱাকৈ ৷
without price or particular object.
- এন্-গেন্en-genNoun
খাওঁ-নেখাওঁ, কৰোঁ-নকৰোঁ কৰি অনিচ্ছা দেখুবা
hesitation; indifference
- এন্টাৰ্কটিকাen.tark.ti.kaProper Noun
কুমেৰু প্ৰদেশত অৱস্থিত এখন মহাদেশ
A continent located in the Antarctic circle
- এন্টিথ্ৰ’ম্বিনNoun
এন্টিথ্ৰ’ম্বিন
এন্টিথ্ৰ’ম্বিন
- এন্তentaPronoun
এইজন; এখতে; যেনে-"সাক্ষাত লক্ষ্মীৰ পতিঃ যিটো ভকতব গতিঃ এন্তে সেই পৰম পুৰুষ" (দশম)।
- এন্তেকালentekālaNoun
ইন্তেকাল; মৱত্যু।
- এন্দুৰen.durCommon Noun
নিগনিতকৈ ডাঙৰ, আৰু দীঘল নেজ থকা একে জাতীয় এবিধ স্তন্যপায়ী জন্তু।
any of several long-tailed rodents of the family Muridae, of the genus Rattus and related genera, distinguished from the mouse by being larger.
- এন্দূৰendūraNoun
ইন্দূৰ; মাটিৰ গাঁতত থকা এবিধ ডাঙৰ নিগনি বা শলিয়া
a rat
- এন্দূৰীয়াNoun
এন্দূৰৰ গাঁতৰ নিচিনা গাত বিন্ধা হৈ গেলি পকি যোবা ঘা; শৌচৰ দ্বাৰত এনে বেমাৰ হলে তাক পদুম- নলা বোলে
sinus
- এন্দ্ৰইডend.roidProper Noun
মূলত স্মাৰ্টফোনত ব্যৱহাৰ কৰা অপাৰেটিং চিষ্টেম৷ গুগলৰ দ্বাৰা প্ৰস্তুত।
A mobile operating system (OS) based on the Linux kernel and currently developed by Google. With a user interface based on direct manipulation, Android is designed primarily for touchscreen mobile devices such as smartphones and tablet computers, with specialized user interfaces for televisions (Android TV), cars (Android Auto), and wrist watches (Android Wear).
- এন্ধাৰendhāraNoun
আন্ধাৰ।