কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উদাৰহৃদয়u.dar.hri.doyProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- উদাৰাudārāNoun
উদৰ বা পেটৰপৰা উচ্চাৰিত হৈ ওলোবা সঙ্গীতৰ সপ্তকৰ এটা গভীৰ সূৰ
the deepest note in music
- উদাৰীকৰণu.da.ri.ko.ronVerbal Noun
এক মুক্ত প্ৰতিযোগিতামূলক বজাৰৰ স্বাৰ্থত অৰ্থনীতি মুকলি কৰিবলৈ সাধাৰণভাৱে আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অধিক উদাৰ আৰু মুক্ত হোৱা কাৰ্য্য।
the act of becoming more generous and open in general and in business to open up an economy in favor of free competitive market.
- উদিudi
বি, ৰুবলৈ নিয়া পাণ আদিৰ ঠেঙুলি
young offshoot of a creeper intended for planting; a cutting
- উদি কৰ্u.di korVerb-Trans.
কোনো পাত্ৰত থকা সকলো বস্তু আঁতৰাই পেলোৱা
to make (something) clear by removing the things it contains
- উদিতuditaAdjective
উদয়; প্ৰকাশিত হোবা
coming to view
- উদিত সূৰ্যu.di.to xur.joMaterial Noun
ৰাতিপুৱাৰ উঠি অহা বেলি
the rising morning sun
- উদিনাud.inaAbstract Noun
পৰহিৰ আগৰ বা পিছৰ দিনটো
The next day to 'day after tomorrow' OR 'day before yesterday', used in Dhubri district area, some parts of lower Assam
- উদিশudiśaNoun
সন্ধান; উবাদিহ; যেনে-"কোনে নিলে নাতি একো নাপাইলে উদিশ" (কুমৰ-হৰণ)।
- উদিয়াudiẏāTransitive verb
ঢাকনি গুচাই উলিয়াই দি; ব্যক্ত কৰ্; প্ৰকাশ কৰ
to uncover; to expose to the view
- উদীচীudi.siAbstract Noun
এটা ভৌগোলিক দিশ, কম্পাছৰ শীৰ্ষটোৱে যিফালে মূৰ কৰি থাকে।
a cardinal compass point, the direction in which a compass needle points.
- উদীচ্যProper Adj.
উত্তৰদিশে থকা.
Situated or belonging to the North.
- উদীপAbstract Noun
কোনো নদী বা হ্ৰদৰ পানী পাৰৰ ঠাইবোৰত উপচি পৰা, বিশেষকৈ যিবিলাক ঠাই সাধাৰণতে পানীত ডুব নাযায়
overflowing of water from a river or lake, esp. over land not usually submerged
- উদীয়মানudīẏamānaAdjective
ওপৰলৈ উঠা; প্ৰতিষ্ঠা লাভ কৰিবলৈ আৰম্ভ কৰা
promising
- উদুলি-মুদুলিuduli-muduliNoun
অনেক মানুহ গোট খোবাৰপৰা হোবা তোলপাৰ; হুলস্হূল
confusion or tumult caused by a crowd of people; bustle
- উদুলিমুদুলিu.du.li.mu.du.liAbstract Noun
চিয়ঁৰ-বাখৰ, শৃঙ্খলাহীন আৰু বিমোৰত পৰা এক অৱস্থা
a state of commotion and noise and confusion; violent agitation
- উদ্udIntransitive verb
উদয় হ
to rise
- উদ্গতিudgatiNoun
উন্নত অবস্হা; ওপৰলৈ উঠা; ডাঙৰ হোবা; শ্ৰীবৱদ্ধি
improvement; advancement; prosperity
- উদ্গনিud.go.niAbstract Noun
সহমত বা সমৰ্থন প্ৰকাশ
the expression of approval and support
- উদ্গাৰudgāraNoun
উগাৰ।