কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰসালীrasālīAdjective
ৰসাল; সাৰুবা (মাটি)
not dry; fertilised by moisture; moist
- ৰসাস্বাদনro.xa.swa.donVerbal Noun
কোনো বস্তুৰ সোৱাদ বা জুতি লোৱা কাৰ্য্য
enjoyment of the taste of something
- ৰসায়নrasāẏanaNoun
ৰোগ নাশ কৰা বীৰ্য্যবান ঔষধ
a kind of tonic medicine
- ৰসায়ন-শাস্ত্ৰrasāẏana-śāstraNoun
মূল আৰু যৌগিক পদাৰ্থৰ গুণ আৰু সেই- বিলাকৰ পৰস্পৰ সংযোগত কেনেকৈ আৰু কি কি আন বস্ত্ত উৎপন্ন হয় সেই বিষয়ে জ্ঞান দিয়া শাস্ত্ৰ
Chemistry
- ৰসায়নবিজ্ঞানro.xa.yon.big.gyanAbstract Noun
পদাৰ্থসমূহৰ গঠন, সিবোৰৰ পাৰস্পৰিক বিক্ৰিয়া আৰু বিভিন্ন অৱস্থাত সিবোৰে দেখুওৱা ধৰ্ম সম্বন্ধে অধ্যয়ন কৰা বিজ্ঞানৰ শাখা
The science of matter; the branch of the natural sciences dealing with the composition of substances and their properties and reactions.
- ৰসায়নবিজ্ঞানীro.xa.yon.bi.gya.niCommon Noun
ৰসায়ন বিজ্ঞানৰ অধ্যয়ন আৰু গৱেষণা কৰা ব্যক্তি
A specialist in chemistry. Chemistry can be defined as the science of matter; the branch of the natural sciences dealing with the composition of substances and their properties and reactions.
- ৰসায়নবিদro.xa.yon.bidCommon Noun
ৰসায়ন বিজ্ঞানৰ অধ্যয়ন আৰু গৱেষণা কৰা ব্যক্তি
A specialist in chemistry. Chemistry can be defined as the science of matter; the branch of the natural sciences dealing with the composition of substances and their properties and reactions.
- ৰসায়নবিদ্যাro.xa.yon.bi.dyaAbstract Noun
পদাৰ্থসমূহৰ গঠন, সিবোৰৰ পাৰস্পৰিক বিক্ৰিয়া আৰু বিভিন্ন অৱস্থাত সিবোৰে দেখুওৱা ধৰ্ম সম্বন্ধে অধ্যয়ন কৰা বিজ্ঞানৰ শাখা
The science of matter; the branch of the natural sciences dealing with the composition of substances and their properties and reactions.
- ৰসায়নশাস্ত্ৰro.xa.yon.xax.troAbstract Noun
পদাৰ্থসমূহৰ গঠন, সিবোৰৰ পাৰস্পৰিক বিক্ৰিয়া আৰু বিভিন্ন অৱস্থাত সিবোৰে দেখুওৱা ধৰ্ম সম্বন্ধে অধ্যয়ন কৰা বিজ্ঞানৰ শাখা
The science of matter; the branch of the natural sciences dealing with the composition of substances and their properties and reactions.
- ৰসিকrasikaAdjective
কবিতা আদিৰ ৰস বুজা, ঘাইকৈ আদি ৰস বুজা
appreciating tastes of poetry, gallantry, etc.
- ৰসিকতাro.xi.ko.taAbstract Noun
কোনো ব্যক্তি বা নাটক আদিৰ কৌতুকভৰা বা খুহুঁতীয়া গুণ
a comic, funny quality of a person or a drama etc
- ৰসিকতা কৰ্ro.xi.ko.ta korVerb-Intran.
মানুহক হহুঁৱাবলৈ খুহুঁতীয়া কথা ক
To say something funny to make people laugh
- ৰসোত্তমro.xo`t.tomMaterial Noun
এবিধ জুলীয়া ধাতু
a liquid metal. With a freezing point of −38.83 °C and boiling point of 356.73 °C, mercury has one of the narrowest ranges of its liquid state of any metal.
- ৰস্তিদেবrastidebaNoun
এজন চন্দ্ৰবংশী ৰজাৰ নাম [এওঁ বৰ দানী আছিল।]।
- ৰস্যro.xyoMaterial Noun
মানুহ আৰু অন্য মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ সঞ্চালন তন্ত্ৰৰ মাজেদি প্ৰৱাহিত জুলীয়া পদাৰ্থ; মানুহৰ ক্ষেত্ৰত ই প্লাজমাৰ দ্বাৰা গঠিত, য’ত লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু অনুচক্ৰিকা বিলাক ওপঙি থাকে ৷
the fluid that circulates in the principal vascular system of human beings and other vertebrates, in humans consisting of plasma in which the red blood cells, white blood cells, and platelets are suspended
- ৰসৰাজro.xo.rajProper Noun
অসমীয়া ভাষা-সাহিত্যৰ এক অগ্ৰণী পথপদৰ্শক আছিল লক্ষ্মীনাথ বেজবৰুৱা ৷ কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাই অমূল্য অৱদান আগবঢ়াই গৈছে ৷ কৃপাবৰ বৰুৱা ছদ্মনামতো বেজবৰুৱাই অনেক কৃপাবৰী সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপে চিনাকি দিছে৷ সেইবাবেই বেজবৰুৱাক সাহিত্যৰথী, ৰসৰাজ আখ্যা দিয়া হয় ৷ বেজবৰুৱাৰ জন্ম হয় ১৮৬৮ চনত মৰনৈপাৰৰ আহঁতগুৰি নামে ঠাইত ৷ দেউতাকৰ চাকৰিৰ বদলিৰ লগে লগে ক্ৰমে তেজপুৰ, লখিমপুৰ, গুৱাহাটী আদি বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰি শেষত কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰে ৷ কলিকতাত থাকোতেই চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগতে অন্যান্য কলিকতাত পঢ়ি থকা ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি সাধিনী সভা" নামে এখন সভা স্থাপন কৰে৷ এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন আলোচনী প্ৰকাশ কৰে৷ 'জোনাকী' আলোচনীৰ সম্পাদনাৰ উপৰিও তেওঁ ১৯০৯ চনত প্ৰকাশ কৰা 'বাঁহী' অলোচনীৰ প্ৰতিস্থা আৰু সম্পাদনা কৰে৷ ১৯২১ চনত 'সদৌ অসম ছাত্ৰ সন্মিলনীৰ' সভাপতি হোৱাৰ উপৰিও ১৯২৪ চনত গুৱাহাটীত বহা সাহিত্য সভাৰ সভাপতি হয় ৷ বেজবৰুৱা এজন আশাবাদী, উদাৰমনৰ আৰু দেশপ্ৰেমিক লোক আছিল৷ সমাজৰ দোষ-ত্ৰুটিবোৰ আঁতৰাই সমাজখন নিকা কৰি নতুন সমাজ গঢ়াৰ আশা কৰিছিল৷ অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' ৰচনা কৰি তেওঁ অসম প্ৰীতিৰ চিনাকি দিছিল ৷ আজিও এই সংগীত অসমৰ সকলো সভা অনুস্থানত অতি শ্ৰদ্ধাৰে গোৱা হয়৷
Lakshminath Bezbaruah who pioneered the modern Assamese literature occupies a very high position in the field of Indian literature. Born in 1868 in a well-known family of Assam, he had his early education at Sibsagar and his higher education at Calcutta. A many-sided personality- journalist, lecturer, poet and more especially writer- Laksminath Bezbaruah Set a high literary standard through the monthly periodical "Banhi" which he edited and published. A versaltile writer, his works incluide plays, stories, poems, humorous sketches and works of literary criticism. It was perhaps in his plats that he found his best literary expression. His poem "O'mor Apponar Desh" is among the best known songs of Assam. Into Assam's literary tradition he breathed new life. Honours so ught him out in his later life. In 1921, he presided over the All-Assam Students' Conference at Guahati. Two years later he was honoured as "Rasraj" for his humorous writings. He presided over the Guahati session of the Assam Sahitya Sabha in 1924. Lakshminath Bezbaruah was not only a literary figure of outstanding eminence but a istinguished leader of modern Assam.
- ৰহrahaNoun
ৰস; জোল; মিঠা ৰস; জুলীয়া বস্ত্ত
juice; sweet liquor
- ৰহ খাroh khaVerb-Trans.
যৌগ সংযোগ কৰা কাৰ্য
to have sexual intercourse
- ৰহ থাraha, thā
জাক ফুৰ্; পাল খা (জন্ত্তবে)
to copulate (said of animal pairs)
- ৰহ দিয়াroh di.yaProper Adj.
বেছিকৈ পকি ৰস ওলাবলগীয়া বা ওলোৱা ৷
More or deeply ripened.