কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধূলিNoun
মিহি বালি; মাটিৰ গুড়ি
dust
- ধূলি উঠ্
ধূলি হৈ যা; ধূলি বা গুড়ি হ
to be reduced to dust
- ধূলি-মাকতিNoun
ধূলি আৰু সেই নিচিনা বস্ত্ত
dust and similar things
- ধূলিময়Adjective
ধূলিযুক্ত
dust like
- ধূলিস্যাৎ কৰ্dhu.li.xyat korVerb-Trans.
সম্পূৰ্ণকৈ ধ্বংস কৰি নোহোৱা কৰ্ বা ধ্বংসস্তূপত পৰিণত কৰ্
Completely destroy or reduce to utter ruin or nonexistence
- ধূলিয়নdhūliẏanaNoun
সৰু গোলাকৱতি হৈ দেখা দিয়া একপ্ৰকাৰ কাঠফুলা।
- ধূলিয়ৰিAdjective
ধূলিযুক্ত
dust like
- ধূলিয়ৰি পথCommon Noun
বালিচঁহীয়া মাটিত বা বালিচঁহীয়া মাটিৰে বন্ধা ৰাস্তা।
a road constructed with or on sandy soil.
- ধূলিয়ৰি বাটCommon Noun
বালিচঁহীয়া মাটিত বা বালিচঁহীয়া মাটিৰে বন্ধা ৰাস্তা।
a road constructed with or on sandy soil.
- ধূলীdhu.liMaterial Noun
অপৰিষ্কাৰ পদাৰ্থ, যেনে মাটিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণা।
any foul or filthy substance, esp. powdery soil.
- ধূলীয়াAdjective
ধূলিৰ নিচিনা
like powder
- ধূলীয়া-উফিNoun
ধূলিৰ দৰে হৈ মূৰৰ ছাল এৰাই উঠি যোবা এবিধ ৰোগ
darndruff
- ধূলীয়া-কঠীয়াdhūlīẏā-kaṭhīẏāNoun
শুকান মাটিত গজোবা কঠীয়া; "কঠীয়া" চোবাঁ
rice seedling grown in dry land
- ধূলীয়া-ষাঠdhūlīẏā-ṣāṭhaNoun
ষাঠ (অম্বুবাচী) লাগিবৰ আগেয়ে তিনি দিন হোবা ধূলি মাৰ নিওবা বৰষুণ অৰ্থাৎ অলপীয়া বৰষুণ
a slight rain falling on three days just preceding the days of Ambuvācī in the month of Āshāḍha
- ধূসৰdhūsaraNoun
মটীয়া বগা, ছাই বা ধোঁবা বৰণ
the grey colour; dusky white colour
- ধূসৰিতAdjective
ধূসৰ বৰণ হোবা; যেনে-"ধূলি-ধূসৰিত হুয়া দেখিতে কুৎসিত" (নাৰীপৰ্ব্ব)।
- ধূৰুপdhu.rupProper Adj.
যিটো নিশ্চয়কৈ হ’ব; বিশ্বাসযোগ্যতা, স্বভাৱ, ক্ৰিয়া আদি সম্পৰ্কে কোনো সন্দেহ নথকা
destined to happen; free from doubt as to the reliability, character, action, etc., of something
- ধূৰুপকৈdhu.rup.koiAdverb
হোৱা বা কৰাৰ বাবে পূৰ্বে নিৰ্দ্ধাৰণ বা সিদ্ধান্ত কৰা কোনো কথা।
sth determined, specified or decided earlier to happen/do.
- ধূৰ্জটিdhūrjaṭiNoun
শিব
a name of Śiva
- ধূৰ্জতিdhur.ja.tiProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.