কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধুৰু্পdhu.rupProper Adj.
প্ৰকৃত তথ্যৰ সৈতে সম্পূৰ্ণ মিল থকা
Consistent with fact or reality
- ধুৰ্ততাdhur.to.taAbstract Noun
lack of honesty; a disposition to lie, cheat, or steal
- ধূঁতূৰাdhūm̐tūrāNoun
"ধঁতুৰা" চোবাঁ।
- ধূঁৱাকুঁইdhu~wa.ku~iProper Adj.
এনে অপৰিষ্কাৰ বা ধোঁৱাময় অৱস্থা যে দেখা বা শুনাত অসুবিধা।
in a condition full of haze or other noises making it difficult for things to be seen or heard.
- ধূতকপলীয়াdhūtakapalīẏāAdjective
দুৰ্কপলীয়া; ভাগ্যহীন; ফুটাকপলীয়া
unfortunate
- ধূতিdhūtiNoun
চুৰিয়া
a long and broad waist cloth used by men; a loin cloth
- ধূতীdhūtīNoun
চুৰিয়া
a long and broad waist cloth used by men; a loin cloth
- ধূন-পেচdhun.pesAbstract Noun
ধুনীয়া সাজ-পোচাক, আ-অলঙ্কাৰ আৰু প্ৰসাধনেৰে নিজক দেখিবলৈ শুৱনি কৰা কাৰ্য
making oneself look beautiful by wearing nice costume, ornaments and make-up
- ধূনতীdhu.no.tiProper Adj.
সাজোন কাচোন কৰি ভাল পোৱা ছোৱালী৷
The girl who is very stylish.
- ধূনাAdjective
(পু. অ.) অনেক বাৰ বা বৰকৈ মোহাৰি বা টঙনিয়াই ধুনা; কপাহৰ নিচিনা কোমল কৰা; তুলাতুল
softened by crushing
- ধূনাdhūnāNoun
পোলোঙা আৰু ওখ ডাঙৰ এবিধ আওকাঠী গছ [কাটিলে বা ঘা লাগিলে ইয়াৰ গাৰপৰা আৰু গুৰিত মাটিৰ তলতে স্বাভাবিকতে বহু পৰিমাণে এবিধ জাংফাই-বৰণীয়া, চনকা আৰু সুগন্ধি এঠা ওলায়; ইয়াৰ আৰু এটা উপজাতি আছে, তাক মতা-ধূনা বোলে, তাৰ এঠা নোলায়।]
a kind of resin; Canarium bengalense or Artimisia indica
- ধূনা গছdhu.na gosCommon Noun
এবিধ গছ যাৰ আঠাক ধূলা বোলা হয় আৰু কঠিন হৈ যোৱা এনে আঠা জ্বলালে সুগন্ধি ওলায় ৷
a tree from which a hydrocarbon secretion or resin is obtained. The resin gives a pleasant smell, when burnt.
- ধূনাধুনীAdjective
(পু. অ.) অনেক বাৰ বা বৰকৈ মোহাৰি বা টঙনিয়াই ধুনা; কপাহৰ নিচিনা কোমল কৰা; তুলাতুল
softened by crushing
- ধূপdhūpaNoun
গন্ধ দ্ৰব্যৰ গুড়ি লিপি কৰা সুগন্ধি ধোঁবা ওলোবা দীপ-শলা
incense
- ধূপকাঠীdhup.ka.thiMaterial Noun
জ্বলালে লাহে-লাহে জ্বলা আৰু সুন্দৰ সুবাসৰ সৃষ্টি কৰিব পৰা দ্ৰব্যৰে লেপন দিয়া কাঠৰ ক্ষীণ দণ্ড।
a thin wooden stick covered with a substance that burns slowly and produces a sweet smell.
- ধূপদানীdhup.da.niMaterial Noun
কোনো ধৰ্মীয় অনুষ্ঠানত ধূপ জ্বলোৱা পাত্ৰ ৷
Vessel or aperatus used for burning incense.
- ধূপলdhūpalaNoun
খৰাং বতৰ; খৰ
drought
- ধূপাdhūpāTransitive verb
অধিক তাপ দি ডেবা বা আধা পোৰা কৰ্
to cause to be scorched; to over cook
- ধূপাধাৰdhūpādhāraNoun
ধূপৰ আধাৰ; ধূপ জলোবা পাত্ৰ
a vessel for burning incense
- ধূপাবলীdhūpābalīNoun
"দীপান্বিতা" চোবাঁ।