কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ড্ৰোনMaterial Noun
আলোকচিত্ৰ গ্ৰহণ, চলচিত্ৰ গ্ৰহণ, নিৰীক্ষণ আদি কামত ব্যৱহাৰ কৰা এবিধ উৰণীয়া যন্ত্ৰ
an unmanned areal or flying vehicle used for surveillance and photography
- ডড়াdo.raVerb-Trans.
কোনো কাৰ্য্য নকৰিবলৈ বা কৰিবলৈ আগতিয়াকৈ সতৰ্কবানী দিয়া ৷
Warn in advance or beforehand; give an early warning.
- ডঢ়ḍaṛhaAdjective
দৱঢ়; যেনে-"শুনি পাৰ্থে আথে-বেথে গৈল ডঢ় হুই" (কীৰ্ত্তন)
firm
- ডঢ়াḍaṛhāTransitive verb
দৱঢ় কৰ্; সবল কৰ্
to strengthen
- ডঢ়াইAdverb
কৱদ.
- ডয়নCommon Noun
(সাধাৰণতে মহিলাই)মুখ ঢাকিবলৈ বা ধূলি বালি বা আনৰ দৃষ্টিৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা পাতল কাপোৰ৷ চাদৰ, শাড়ী আদিৰ আগটো মূৰৰ ওপৰৰ পৰা মুখৰ ফালে কিছু তললৈ পেলাই ওৰণি লয়৷
a piece of thin,(transparent) cloth worn especially by women in some countries to hideor protect the face.
- ডৰḍaraNoun
ডৰি; ভয়
fear
- ডৰখḍarakhaNoun
এৰাল
a tether
- ডৰাḍarāNoun
জোবা; পানী ৰাখিবলৈ আৰু চহ কৰিবলৈ সুচলৰ নিমিত্তে চাৰিওফালে সৰু আলি বান্ধি ভাগ কৰা মাটিৰ খন্দা
a plot of ground; a small division of cultivated land
- ডৰা-ডৰAdjective
অনেক খণ্ড হোবা; অনেক খণ্ড কৰি ভাগ কৰা; খন্দা খন্দা
divided into small plots or compartments
- ডৰা-ডৰেAdverb
অনেক ডৰা কৰি; এখন্দাৰ পাছত সিখন্দা
in many patches; plot by plot
- ডৰা-পতাAdjective
ডৰা পাতি থকা; খণ্ড খণ্ড হৈ বা খন্দা খন্দা হৈ থকা (মাটি)
divided into small plots or compartments
- ডৰিḍariNoun
ডৰ; যেনে-"ডৰিতহে ল'ৰাই পঢ়ে"
fear
- ডৰিয়লাḍariẏalāAdjective
গাঁৰিয়লি।
- ডৰুকḍarukaNoun
ভয়াতুৰ; যেনে-"জোঁক পোক মশ ডাঁশঃ দেশি তুমি হৈবা ত্ৰাসঃ স্বভাবে ডৰুক তিৰী জাতি" (মা. ক., অযোধ্যাকাণ্ড)
subject to fear; timid
- ডৰুবাḍarubāTransitive verb
ভয় দেখুবা; ভয় খুবা; . কৱদ
to intimidate; to put in fear
- ডৰুৱাdo.ruwaVerb-Trans.
ডাবি-ধমকি বা অন্য উপায়ে কোনো কাম কৰিবলৈ বা নকৰিবলৈ বাধ্য কৰোৱা |
To force into or deter from some action by inducing fear
- ডৰ্Intransitive verb
ভয় কৰ্; . কৱদ
to be afraid
- ড’ড’do`.do`Common Noun
এবিধ বিলুপ্ত চৰাই৷ মৰিচাচ দ্বীপত পোৱা গৈছিল৷
An extinct flightless bird that was endemic to the island of Mauritius, east of Madagascar in the Indian Ocean. Its closestgenetic relative was the also extinct Rodrigues solitaire, the two forming thesubfamily Raphinae of the family of pigeons and doves.