কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উত্তৰবস্ত্ৰut.tor.bos.troMaterial Noun
গা বা বিচনা ঢকা কাপোৰ, যেনে এড়ী চাদৰ, বিচনা চাদৰ
Sheet of cloth, used for covering something, typically upper part of body or bed
- উত্তৰবাদীCommon Noun
যাৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে ।
a person who is on trial for committing a crime.
- উত্তৰবাসut.tor.baxMaterial Noun
গা বা বিচনা ঢকা কাপোৰ, যেনে এড়ী চাদৰ, বিচনা চাদৰ
Sheet of cloth, used for covering something, typically upper part of body or bed
- উত্তৰমুখীut.tor.di.xeAdverb
উত্তৰ দিশে
In a northern direction
- উত্তৰমেৰুuttarameruNoun
পৱথিবীৰ উত্তৰ কেন্দ্ৰ বা সীমা
the north pole
- উত্তৰমেৰুবৱত্ত
উত্তৰ মেৰুৰ 23 ½ ডিগ্ৰী দক্ষ্যি পৱথিবীৰ ওপৰত টনা কাল্পনিক বৱত্ত বা ঘূৰণীয়া ৰেখা
the arctic circle or zone
- উত্তৰসূৰীut.tor.xu.riCommon Noun
কোনো স্থানত আন এজনতকৈ পাছত থকা বা অহা
one who follows another in a position
- উত্তৰাuttarāNoun
বিৰাট ৰজাৰ কন্যা; অভিমন্যুৰ ভাৰ্য্যা।
- উত্তৰা-উত্তৰিut.tora-ut.toriAbstract Noun
ৰাজনৈতিক, আৰ্থিক, সামাজিক বা ব্যক্তিগত কাৰণত শত্ৰুতা কৰা অৱস্থা বা কাৰ্য্য, সাধাৰণতে শাৰীৰিক হিংসা অবিহনে।
A state or act of enmity for political, economic, or social reasons usually without physical violence.
- উত্তৰাকাণ্ডuttarākāṇḍaNoun
ৰামায়ণৰ সপ্তম বা শেষ খণ্ড।
- উত্তৰাখণ্ডut.to.ra.khon.doProper Noun
উত্তৰ ভাৰতৰ এখন প্ৰদেশ।
Uttarakhand, formerly Uttaranchal, is a state in the northern part of India. It is often referred to as the Devbhumi due to the many Hindu temples and pilgrimage centres found throughout the state.
- উত্তৰাচলut.to.ra.solProper Noun
ভাৰতবৰ্ষৰ উত্তৰ সীমাত থকা, কাশ্মীৰৰ পৰা উত্তৰ-পূবলৈ বিয়পি থকা পৰ্বতমালা।
The tallest mountain range of the world, located north of India.
- উত্তৰাঞ্চলut.to.ran.solProper Noun
উত্তৰ ভাৰতৰ এখন প্ৰদেশ।
Uttarakhand, formerly Uttaranchal, is a state in the northern part of India. It is often referred to as the Devbhumi due to the many Hindu temples and pilgrimage centres found throughout the state.
- উত্তৰাধিকাৰut.to.ra.dhi.karAbstract Noun
সম্বন্ধ-সূত্ৰে মৃতকৰ সম্পত্তিৰ ওপৰত অধিকাৰ
Acquisition of property by descent or by will
- উত্তৰাধিকাৰিণীut.to.ra.dhi.ka.ri.niCommon Noun
এগৰাকী স্ত্ৰী বা কন্যা, যি পৰিয়ালৰ জ্যেষ্ঠজনৰ মৃত্যুৰ পাছত তেওঁৰ সা-সম্পত্তি ভোগ কৰাৰ ন্যায়িক অধিকাৰ পায়।
a woman or girl who receives or entitled to receive the property of someone generally elder one from her family after his/her death
- উত্তৰাধিকাৰীuttarādhikārīNoun
মৰা মানুহৰ ধনসম্পত্তিৰ গৰাকী; ওবৰিছ
an heir
- উত্তৰাধিকাৰী-সূত্ৰেAdverb
উত্তৰাধিকাৰী হোবাৰ কাৰণে; উত্তৰাধিকাৰী স্বত্বে
by the right of heirship
- উত্তৰাধৰCommon Noun
ওপৰৰ ওঁঠ |
The upper one of the two lips.
- উত্তৰাষাঢ়ut.to.ra.xarProper Noun
ধনু ৰাশি মণ্ডলৰ থকা উজ্জ্বল তৰা ৷ জ্যোতিষত উল্লেখ থকা ২৭টা নক্ষত্ৰৰ এটা ৷
One of 27 stars mentioned in indian astrology located in sagittarius
- উত্তৰাষাঢ়াuttarāṣāṛhāNoun
দুটা আষাঢ়া নক্ষত্ৰৰ পাছৰটো; একৈশ সংখ্যাৰ নক্ষত্ৰ
the twenty-first lunar mansion