কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধুবুৰীdhu.bu.riProper Noun
ব্ৰহ্মপুত্ৰ নদৰ পাৰত অৱস্থিত নামনী অসমৰ এখন সৰু চহৰ| ই একে নামৰ জিলাখনৰো সদৰ|
A small town in lower Assam situated at the bank of river mighty Brahmaputra. It is also the headquarters of a district by the same name.
- ধুমdhuma
হিলৈ বা ঢোলৰ মাতৰ নিচিনা ডাঙৰ শব্দ
an imitative word used to express the report of a gun or the sound of a drum
- ধুম-ধামdhum-dhamAbstract Noun
শুৱনি, দেখনিয়াৰ চেহেৰা; চকুত চমক লগোৱা প্ৰদৰ্শন।
brilliant or gorgeous appearance; an instance or display of imposing pomp or grandeur.
- ধুম-ধুপালdhuma-dhupālaNoun
উচ্চ শব্দেৰে কৰা খং; ডাবি-হুঁকি; হাই-উৰুমি
loud and angry rebuke; taunt
- ধুম-ধুপালনিdhuma-dhupālaniNoun
উচ্চ শব্দেৰে কৰা খং; ডাবি-হুঁকি; হাই-উৰুমি
loud and angry rebuke; taunt
- ধুম-নাঙঠdhuma-nāṅaṭhaAdjective
একেবাৰে নাঙঠ; সম্পূৰ্ণ উলঙ্গ
stark naked
- ধুম-পিটাdhuma-piṭāNoun
বৰকৈ পিটন বা মৰিওবা কাৰ্য্য
severe beating
- ধুমকলাdhumakalāAdjective
দবা কলা; বৰ কলা
very deaf
- ধুমকেতুdhum.ke.tuCommon Noun
সাধাৰণতে এক বিষম-কেন্দ্ৰিক কক্ষপথেৰে সূৰ্য্যক প্ৰদক্ষিণ কৰা এটা মহাজাগতিক বস্তু, যি ধূলি আৰু ধোঁৱাৰ আৱৰণেৰে আবৃত এক কেন্দ্ৰীয় ভৰেৰে গঠিত ৷ ধূলি আৰু ধোঁৱাই সূৰ্য্যৰ পৰা দূৰলৈ প্ৰসাৰিত এডাল নেজৰো সৃষ্টি কৰিব পাৰে ৷
a celestial body moving about the sun, usually in a highly eccentric orbit, consisting of a central mass surrounded by an envelope of dust and gas that may form a tail that streams away from the sun
- ধুমগাইৰাProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work
- ধুমচিdhumaciNoun
বাৰিচ নথকাত আহোম ৰজাঘৰলৈ যোবা সম্পত্তি।
- ধুমধামেৰেdhum.dha.me.reAdverb
মহা আড়ম্বৰেৰে বা অতি উলহ-মালহেৰে
characterized by ceremonial pomp or splendour
- ধুমধুইমাProper Adj.
সচৰাচৰ আকৃতিতকৈ বেছি আহল-বহল আকৃতিৰ।
of a size more than the average.
- ধুমধুপালdhum.dhu.palAbstract Noun
চিয়ঁৰ-বাখৰ, শৃঙ্খলাহীন আৰু বিমোৰত পৰা এক অৱস্থা
a state of commotion and noise and confusion; violent agitation
- ধুমধুপালনিdhum.dhu.pa.lo.niAbstract Noun
চিয়ঁৰ-বাখৰ, শৃঙ্খলাহীন আৰু বিমোৰত পৰা এক অৱস্থা
a state of commotion and noise and confusion; violent agitation
- ধুমধুমনিNoun
ধুম্ ধুম্ কৰা কাৰ্য্য।
- ধুমধুমাIntransitive verb; Noun
ডাঙৰ কাঠৰ খণ্ড
a big piece of timber
- ধুমাdhumāAdjective
শকত; ডাঙৰ
stout
- ধুমা-পিটাAdjective
ধুমেৰে খুন্দা বা পিটাৰ নিচিনা; ডাঙৰ শব্দ বা হাই কৰা; তুমুল; প্ৰবল (দন্দ, বৰষুণৰ)
heasy; noisy; boisterous
- ধুমাখুন্দাAdjective
ধুমেৰে খুন্দা বা পিটাৰ নিচিনা; ডাঙৰ শব্দ বা হাই কৰা; তুমুল; প্ৰবল (দন্দ, বৰষুণৰ)
heasy; noisy; boisterous