কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উত্তেজনাময়ut.te.jo.na.moyProper Adj.
আৰামেৰে থাকিব নোৱাৰা, ব্যগ্ৰ আৰু চমকিত
nervous and anxious and unable to relax
- উত্তেজিতAdjective
ঘনাই আৰু বৰকৈ উচটোবা; উৎসাহ দি মন প্ৰবল কৰা
roused; excited; encouraged
- উত্তেজিত কৰ্ut.te.ji.to korVerb-Trans.
Activate sexually by visual activities or touching.
- উত্তেজিত হVerb-Intran.
কোনো কাম কৰিবলৈ বা কিবা চাবলৈ অধৈৰ্য্য হৈ পৰ্
to become restless to see or do something immediately
- উত্তোলকuttolakaNoun
গধুৰ বস্ত্ত তোলাৰ আহিলা
crane
- উত্তোলনuttolanaNoun
কোনো বস্ত্ত ওপৰলৈ তোলা কাৰ্য্য
the act of raising upwards
- উত্তোলিতut.to’.li.toProper Adj.
যিটো উত্তোলন কৰা হৈছে৷
to move or bring upward from the ground.
- উত্তৰuttaraNoun
কোনো প্ৰশ্ন বা কথাৰ সম্পৰ্কে ঘূৰাই কোবা বক্তক্য; জবাব; প্ৰতিবচন
an answer; a reply; a retort; refutation
- উত্তৰ আমেৰিকাut.tor a.me.ri.kaProper Noun
পশ্চিম গোলাৰ্দ্ধৰ উত্তৰস্থ মহাদেশ
The northern continent of the Western Hemisphere
- উত্তৰ দেut.tor deVerb-Trans.
আন এজনে কোৱা কথা বা কৰা কামৰ প্ৰতিক্ৰিয়া হিচাপে কিবা ক বা কৰ্
to say or do something as a reaction to something that has been said or done
- উত্তৰ প্ৰদেশut.tor pro.dexProper Noun
উত্তৰ ভাৰতৰ এখন প্ৰদেশ
Uttar Pradesh, abbr. UP, is a state located in northern India. It was created on 1 April 1937 as the United Provinces, and was renamed Uttar Pradesh in 1950.
- উত্তৰ ফাল্গুনীut.tor phal.gu.niProper Noun
কণ্যা আৰু তুলা ৰাশি অঞ্চলত থকা তৰা এটা ৷ ২৭টা নক্ষত্ৰৰ এটা
One of the 27 stars as mentioned in astrology.
- উত্তৰ ভাদ্ৰপদাut.tor bha.dro.po.daProper Noun
জ্যোতিষত উল্লেখ থকা ২৭টা নক্ষত্ৰৰ এটা ৷ মীনৰাশি মণ্ডলতে অৱস্থিত ৷
One of the 27 stars as found in Indian astrology. It is between pisces.
- উত্তৰ মীমাংসাut.tor mi.mang.xaMaterial Noun
প্রতিখন বেদ যি ৪ ধৰণৰ গ্রন্থৰ সমষ্টি তাৰ এখন হল উপনিষদ। ঋক, যজু, সাম, অথর্ব— প্রতিখন বেদ এটি সংহিতা (শ্লোক সংকলন), এটি ব্রাহ্মণা (প্রার্থনাসমূহৰ গদ্য ব্যাখ্যা) আৰু ব্রাহ্মণাৰ দুটি পৰিশিষ্ট— আৰণ্যক আৰু উপনিষদ—লৈ গঠিত।ভাৰতীয় দৰ্শনৰ যি ছটা সম্প্রদায়ে বেদৰ প্রামাণ্য স্বীকাৰ মানি লয়, তাৰে দুটা সম্প্রদায় নিঃসংশয়ে বৈদিক বা বেদমূলক। এটা হল পূর্ব-মীমাংসা বা সংক্ষেপে মীমাংসা, অন্যটি উত্তৰ মীমাংসা বা বেদান্ত। বেদৰ যত অন্ত হৈছে, অৰ্থাৎ উপনিষদৰ দৰ্শন হল বেদান্ত।
Upanishad are part of Vedic literature. The Upanishads are the end part of the Vedas which briefly expound the philosophic principles of the Vedas and are considered the essence of the Vedas. Hindu scriptures that constitute the core teachings of Vedanta or Uttara Mīmansa of the six orthodox schools of Hindu philosophy. The term veda means "knowledge" and anta means "end", and originally referred to the Upanishads, a collection of foundational texts in Hinduism.
- উত্তৰ লক্ষীমপুৰut.tor lo.khim.purProper Noun
অসমৰ লখিমপুৰ জিলাৰ সদৰ ঠাই৷
The head quater of Lakhimpur district of Assam
- উত্তৰ লখিমপুৰut.tor lo.khim.purProper Noun
অসমৰ লখিমপুৰ জিলাৰ সদৰ ঠাই৷
The head quater of Lakhimpur district of Assam
- উত্তৰ-আধুনিকut.tor-a.dhu.nikProper Adj.
উত্তৰ আধুনিকতাবাদৰ সৈতে জড়িত বা পৰা প্ৰভাৱিত
something connected to or strongly influenced by post modernism
- উত্তৰ-আধুনিকতাবাদut.tor-a.dhu.ni.ko.ta.badAbstract Noun
আধুনিকতাবাদৰ প্ৰতিক্ৰিয়া ৰূপে কুৰি শতিকাৰ শেহৰফালে কলা, সাহিত্য আদিত আবিৰ্ভাৱ হোৱা নতুন শৈলী, পৰীক্ষা-নিৰীক্ষা
a late 20th century style and movement in art, literature, architecture etc. that reacted against modernism
- উত্তৰ-কাণ্ডuttara-kāṇḍaNoun
ৰামায়ণৰ সপ্তম বা শেষ খণ্ড।
- উত্তৰ-কালuttara-kālaNoun
আগত কাল; ভবিষ্যৎ কাল
futurity