কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লক্ষণাৱতীlo.khyo.na.wo.tiProper Noun
এখন পৌৰাণিক ক্ষয়প্ৰাপ্ত চহৰ৷ পশ্চিম বংগত৷ গৌড়ৰ অন্য এটা নাম লক্ষণাৱতী। বেজবৰুৱাৰ মতে এই চহৰ ‘আমাৰ শংকলে কৰা’। অসমৰ পুৰণা মুচলমান সকল গৌড়ৰ পৰা অহা কাৰণে-গৰীয়া৷
A ruined city on the India-Bangladesh border, most of the former citadel is located in present day the Malda district of West Bengal, India,
- লক্ষপতিlo.khyo.po.tiCommon Noun
এক লাখ বা তাতোকৈ বেছি টকা অথবা টকাৰ সম্পত্তি থকা লোক; চহকী মানুহ ।
A person whose material wealth is valued at more than a million dollars
- লক্ষাধিকlo.khya.dhikProper Adj.
এক লাখতকৈ বেছি সংখ্যক
more than a hundred thousand in number
- লক্ষিতlo.khyi.toVerbal Adj.
যিটো ইতিমধ্যে দৰ্শন কৰা হৈছে।
That has already been seen.
- লক্ষীকান্তlo.khyi.kan.toProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- লক্ষীমপুৰlo.khim.purProper Noun
লখিমপুৰ বা লক্ষীমপুৰ হৈছে ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা৷ ইয়াৰ চাৰিসীমা হ’ল উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে যোৰহাট জিলা আৰু ব্ৰহ্মপুত্ৰ নদী, পূবে ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলা আৰু পশ্চিমে শোণিতপুৰ জিলা৷ জিলাখনৰ সদৰ হৈছে উত্তৰ লখিমপুৰ৷
Lakhimpur is an administrative district in the state of Assam in India. The district headquarters are located at North Lakhimpur.
- লক্ষ্lakṣTransitive verb
দেখ্; চকুৰে মন্
to see; perceive
- লক্ষ্ণৌlokh.nouProper Noun
উত্তৰ প্ৰদেশৰ ৰাজধানী৷ উত্তৰ প্ৰদেশৰ উল্লেখযোগ্য ইতিহাস প্ৰসিদ্ধ চহৰ৷
Lucknow is the capital city of the state of Uttar Pradesh, India. A major metropolitan city of India.
- লক্ষ্মণlakṣmaṇaNoun
সুমিত্ৰাৰ গৰ্ভত হোবা দশৰথ ৰজাৰ এজন পুতেক
a half-brother of Rāma
- লক্ষ্মীlakṣmīNoun
ধন-সম্পদ দিয়া দেবী
the goddess of wealth
- লক্ষ্মীকান্তNoun
বিষ্ণু
Visnu
- লক্ষ্মীনাথNoun
বিষ্ণু
Visnu
- লক্ষ্মীনাথ বেজবৰুৱাlokh.mi.nath bej.bo’’.ru.waProper Noun
অসমীয়া ভাষা-সাহিত্যৰ এক অগ্ৰণী পথপদৰ্শক আছিল লক্ষ্মীনাথ বেজবৰুৱা ৷ কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাই অমূল্য অৱদান আগবঢ়াই গৈছে ৷ কৃপাবৰ বৰুৱা ছদ্মনামতো বেজবৰুৱাই অনেক কৃপাবৰী সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপে চিনাকি দিছে৷ সেইবাবেই বেজবৰুৱাক সাহিত্যৰথী, ৰসৰাজ আখ্যা দিয়া হয় ৷ বেজবৰুৱাৰ জন্ম হয় ১৮৬৮ চনত মৰনৈপাৰৰ আহঁতগুৰি নামে ঠাইত ৷ দেউতাকৰ চাকৰিৰ বদলিৰ লগে লগে ক্ৰমে তেজপুৰ, লখিমপুৰ, গুৱাহাটী আদি বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰি শেষত কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰে ৷ কলিকতাত থাকোতেই চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগতে অন্যান্য কলিকতাত পঢ়ি থকা ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি সাধিনী সভা" নামে এখন সভা স্থাপন কৰে৷ এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন আলোচনী প্ৰকাশ কৰে৷ 'জোনাকী' আলোচনীৰ সম্পাদনাৰ উপৰিও তেওঁ ১৯০৯ চনত প্ৰকাশ কৰা 'বাঁহী' অলোচনীৰ প্ৰতিস্থা আৰু সম্পাদনা কৰে৷ ১৯২১ চনত 'সদৌ অসম ছাত্ৰ সন্মিলনীৰ' সভাপতি হোৱাৰ উপৰিও ১৯২৪ চনত গুৱাহাটীত বহা সাহিত্য সভাৰ সভাপতি হয় ৷ বেজবৰুৱা এজন আশাবাদী, উদাৰমনৰ আৰু দেশপ্ৰেমিক লোক আছিল৷ সমাজৰ দোষ-ত্ৰুটিবোৰ আঁতৰাই সমাজখন নিকা কৰি নতুন সমাজ গঢ়াৰ আশা কৰিছিল৷ অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' ৰচনা কৰি তেওঁ অসম প্ৰীতিৰ চিনাকি দিছিল ৷ আজিও এই সংগীত অসমৰ সকলো সভা অনুস্থানত অতি শ্ৰদ্ধাৰে গোৱা হয়৷
Lakshminath Bezbaruah who pioneered the modern Assamese literature occupies a very high position in the field of Indian literature. Born in 1868 in a well-known family of Assam, he had his early education at Sibsagar and his higher education at Calcutta. A many-sided personality- journalist, lecturer, poet and more especially writer- Laksminath Bezbaruah Set a high literary standard through the monthly periodical "Banhi" which he edited and published. A versaltile writer, his works incluide plays, stories, poems, humorous sketches and works of literary criticism. It was perhaps in his plats that he found his best literary expression. His poem "O'mor Apponar Desh" is among the best known songs of Assam. Into Assam's literary tradition he breathed new life. Honours so ught him out in his later life. In 1921, he presided over the All-Assam Students' Conference at Guahati. Two years later he was honoured as "Rasraj" for his humorous writings. He presided over the Guahati session of the Assam Sahitya Sabha in 1924. Lakshminath Bezbaruah was not only a literary figure of outstanding eminence but a istinguished leader of modern Assam.
- লক্ষ্মীনাৰায়ণlokh.mi.na.ra.yonProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- লক্ষ্মীন্দ্ৰlokh.min.droProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- লক্ষ্মীপতিNoun
বিষ্ণু
Visnu
- লক্ষ্মীমন্তAdjective
ঐশ্বৰ্য্য-বিভূতি থকা
prosperous; wealthy
- লক্ষ্মীমানAdjective
ঐশ্বৰ্য্য-বিভূতি থকা
prosperous; wealthy
- লক্ষ্মীশ্বৰlokh.mi.sworProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- লক্ষ্মীৱন্তProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth