কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পংকময়pong.ko.moyAdjective Adj.
বোকাই ঢাকি ৰখা বা বোকাৰে পৰিপূৰ্ণ।
covered in or full of mud (of a surface or solid object).
- পংকাকুলpong.ka.kulProper Adj.
বোকাৰে আৱৰি থকা।
covered with mud.
- পংকিলpong.kilAdjective Adj.
বোকাই ঢাকি ৰখা বা বোকাৰে পৰিপূৰ্ণ।
covered in or full of mud (of a surface or solid object).
- পংক্তিpong.tiAbstract Noun
গান বা কবিতাৰ এটা বিশেষ শাৰী ৷
A specific line of a poem or a song.
- পংক্তি [সং.] পংতিpaṅkti
[saং.], panti/hw> বি. শাৰী
a line; row
- পংখীpong.khiCommon Noun
এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।
A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings.
- পংগুpong.guProper Adj.
শাৰীৰিক (অথবা মানসিক) ভাৱে বাধাগ্ৰস্ত, যেনে কলা, কণা, হাত-ভৰি ভঙা আদি
Limited in any physical (or mental) abilities, like blindness, hearing impairment , amputation etc
- পংগু কৰ্pong.gu korVerb-Intran.
কোনো ব্যক্তিৰ স্থায়ীভাৱে কোনো অংগৰ ক্ষতি কৰি পেলোৱা
to damage the functioning of a limb or any other organ permanently
- পংতিpong.tiAbstract Noun
গান বা কবিতাৰ এটা বিশেষ শাৰী ৷
A specific line of a poem or a song.
- পংপঙাই ফুৰ্pampaṅāi, phur
যেনিয়ে পাই তেনিয়ে ফুৰি ফুৰ্
to walk about
- পইগম্বৰpoi.gom.borCommon Noun
কোনো বিশেষ ধৰ্মৰ বাণী প্ৰচাৰ কৰোতা৷
a person, usually a priest, who is involved in religious preaching
- পইচাpaicāNoun
এক অনাৰ চাৰি ভাগৰ এভাগ পৰিমাণৰ এটা তামৰ মোহৰ
a pice
- পইছাpaichāNoun
এক অনাৰ চাৰি ভাগৰ এভাগ পৰিমাণৰ এটা তামৰ মোহৰ
a pice
- পইজাৰpoi.jarMaterial Noun
সাধাৰণতে ঘৰৰ ভিতৰত পিন্ধা, সহজতে ভৰিত সোমোৱা পাদুকা।
A loose shoe easily slipped on; A kind of shoe worn indoors.
- পইতলাpoi.to.laMaterial Noun
ভাওনাত ভাৱৰীয়াই ভৰিত পৰিধান কৰা এক বিশেষ ধৰণৰ খৰম সদৃশ যঁতন ৷
A special kind of fancy shoe used in Assamese Bhaona
- পইতাpoi.taProper Adj.
পাছদিনা খাবলৈ বুলি পানী দি থোৱা ভাত
Left over food, immersed in water for the next day
- পইদাpaidāNoun
জন্ম
birth
- পইন্টাৰpo.in.tarAbstract Noun
A symbol appearing on a display screen in a GUI that lets the user select a command by clicking with a pointing device or pressing the enter key when the pointer symbol is positioned on the appropriate button or icon.
- পইমালpoi.malAbstract Noun
হানি কৰিবৰ ক্ষমতা থকা এক সম্ভাব্য অৱস্থা| ই এতিয়ালৈকে কাৰো কোনো হানি কৰা নাই, কিন্তু তেনে কৰিব পাৰিব বুলি সন্দেহ কৰা হৈছে|
A possible existence of a situation capable of causing harm. It has not affected anybody yet, but has been speculated.
- পইৰাpairāNoun
পৰ্ব্বতৰ গোৰালি বা মাটিত লাগি থকা ভাগ
the foot of a hill