কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধনতন্ত্ৰdho.no.ton.troAbstract Noun
এক অৰ্থনৈতিক ব্যৱস্থা য’ত সম্পদৰ উৎপাদন, বিতৰণ আৰু বিনিময়ৰ আহিলাসমূহ মূলতঃ ব্যক্তিগত মালিক অথবা নিগমৰ হাতত ন্যস্ত থাকে৷
an economic system in which investment in and ownership of the means of production, distribution, and exchange of wealth is made and maintained chiefly by private individuals or corporations.
- ধনদdho.nodProper Noun
হিন্দু ধৰ্মীয় বিশ্বাস মতে উত্তৰ দিশ আৰু ধনৰ অধিপতি আৰু মহাদেৱ বা শিৱৰ ভঁৰালী।
according to Hindu belief, the god of wealth, the master of the north and the treasurer of Lord Shiva.
- ধনদাdho.no.daProper Noun
হিন্দু বিশ্বাস অনুসৰি ধন সম্পত্তিৰ দেৱী৷ ভগৱান বিষ্ণুৰ পত্নী৷
the goddess of wealth according to Hindu faith. Wife of Lord Vishnu and daughter of Lord Shiva and Parvati, thus sister of Ganesh and Saraswati.
- ধনদানুজProper Noun
ৰামায়নত থকা লংকাৰ এজন ৰাক্ষসৰ ৰজা৷ দহটা মূৰ আৰু বিশখন হাত আছিল আৰু সীতাক অপহৰণ কৰাৰ বাবে ৰামচন্দ্ৰৰ হাতত মৃত্যু হয়৷
Ravana was ten-headed, twenty-armed mythical king of ancient Sri Lanka. with great supernatural power, who is said to have ruled Lanka about 6000 years ago. He plays a major role in Hindu mythology, especially in the Ramayana, where he is mainly depicted negatively as a brute, and most infamously as having kidnapped Rama's wife Sita and being killed by her husband.
- ধনদাবাজীCommon Noun
সুবিধা পালেই তাৰ সুযোগ গ্ৰহণ কৰা ব্যক্তি
a person who takes advantage of opportunities as and when they arise.
- ধনদেৱতাdho.no.de.bo.taProper Noun
হিন্দু ধৰ্মীয় বিশ্বাস মতে উত্তৰ দিশ আৰু ধনৰ অধিপতি আৰু মহাদেৱ বা শিৱৰ ভঁৰালী।
according to Hindu belief, the god of wealth, the master of the north and the treasurer of Lord Shiva.
- ধনন্তৰীdho.non.to.riCommon Noun
যি যৰা ফুকা বা ঘৰুৱা দৰব দি সৰু সুৰা বেমাৰ ভাল কৰে
a person who practises informal and/or traditional means to cure desease
- ধনপতি
ধনৰ অধিপতি দেবতা; কুবেৰ
the Indian god of wealth
- ধনপ্ৰেষdhon.prexMaterial Noun
ডাক-যোগে ধন পঠোৱা নথি
a document to send money
- ধনবন্তAdjective
অধিক ধন থকা; চহকী; ধনী
wealthy
- ধনবলdho.no.bolAbstract Noun
ধন বা ঐশ্বৰ্য্যৰ হেতু লাভ কৰা ক্ষমতা।
the power of money.
- ধনবানAdjective
অধিক ধন থকা; চহকী; ধনী
wealthy
- ধনভঁড়ালী
ৰজা বা ধনী লোকৰ ধন যাৰ হাতত থাকে; ধন-ভঁৰাল ৰক্ষা কৰা বিষয়া
a treasurer
- ধনভাণ্ডাৰdhon.bhan.darAbstract Noun
ৰাজ্য এখনৰ ৰাজহ আৰু ৰাজহুৱা পূঁজি পৰিচালনা বা ব্যৱস্থাপনা কৰা বিভাগ, অথবা তেনে কাম কৰা স্থান
Department managing public funds and revenue of a state or a place for these purposes
- ধনমেৰুDHO.NO.ME.RUMaterial Noun
এক ধনাত্মক মেৰু, এক পৰিবাহী যাৰ জড়িয়তে বিদ্যুৎ প্ৰৱাহ বেটাৰীত প্ৰৱেশ কৰে।
A POSITIVE ELECTRODE, A CONDUCTOR BY WHICH CURRENT ENTERS A BATTERY.
- ধনলুব্ধdhon.lub.dhoProper Adj.
ধন-সম্পত্তিৰ অতিশয় লোভ থকা
extremely greedy for money
- ধনলোভীdhon.lo`.bhiProper Adj.
ধন-সম্পত্তিৰ অতিশয় লোভ থকা
extremely greedy for money
- ধনশালীProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- ধনশিৰিdhon.xi.riProper Noun
উজনি অসমৰ এখন নদী ৷ ডিমাপুৰ আৰু গোলাঘাট চহৰ দুখন ইয়াৰ পাৰতেই অৱস্থিত ৷ এই উপনদী গোলাঘাট জিলাত ব্রহ্মপুত্রৰ লগত মিলিত হৈছে ৷ ইয়াৰ প্রাচীন নাম ধনশ্রী ৷
A river of Upper Assam. Golaghat and Dimapur city are situated beside this river. This river falls into Brahmaputra in Golaghat district. The ancient name of the river is Dhanasree.
- ধনশ্ৰীdhanaśrīNoun
সঙ্গীতৰ ৰাগ-বিশেষ।