কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ও’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ওখোনokhonaNoun
মৰণা মাৰোঁতে খেৰ উজাৰি ইলুটি- সিলুটি কৰি দিয়া তিনি-চাৰি হাত দীঘল আৰু আগমূৰত ছয় আঙুলমান দীঘৰ বেঁকা আদি থকা এখণ্ড ভলুকা বাঁহৰ আগ
a one-pronged bamboo pitch- fork for turning up the paddy straw during the process of the grains being treaded out by cattle
- ওখোনিয়াTransitive verb
ওখোনেৰে মৰণাৰ খেৰ উজাৰি বা ইলুটি-সিলুটি কৰি দি
to turn up the paddy straw with the above instrument
- ওখোলokholaNoun
চিৰা, সান্দহ খুন্দোতে খুঁচৰি দিয়া বাঁহৰ ছলা; ৰোকোনা
a piece of pointed flat split bamboo for turning up fried rice when being pounded
- ওখোৰা-মোখোৰাokhorā-mokhorāAdjective
খলা-বমা; দ-বাম; ওখ- চাপৰ; অসমান; দোদোৰা
uneven
- ওখয়Verb; Noun
ওখৰ পৰিমাণত; উচ্চতাত
in height
- ওখৰা-মোখৰাokharā-mokharāAdjective
খলা-বমা; দ-বাম; ওখ- চাপৰ; অসমান; দোদোৰা
uneven
- ওগাইৰহo’.gai.rohProper Adj.
যিমান প্ৰয়োজন সিমানখিনি অভাৱ নোহোৱাকৈ পোৱা|
Of a quantity that can fulfil a need or requirement but without being abundant.
- ওগাইৰহ্ogāirahAdjective
অধিক; প্ৰচুৰ; যথেষ্ট; ইত্যাদি
abundant; plentiful; et cetera
- ওঙ্কাৰoṅkāraNoun
ওঁ শব্দ বা মন্ত্ৰ। "ওঁ" চোবাঁ।
- ওচ-মোচoca-mocaNoun
হিত-অহিত; ভাল-বেয়া; উচিত-অনুচিত
propriety or becomingness of speech
- ওচিনাocināNoun
ঘৰৰ চালৰ পানীৰে তিতি থকা ঠাই; পানীপোতা
the ground just below the eaves of a house; eaves-drop
- ওচৰocaraAdjective
নিকটস্হ ঠাই
vicinity; proximity
- ওচৰ চপাo`.sor so.paVerb-Trans.
ওচৰলৈ আন্ বা কম দূৰত্বলৈ আন্
to bring near or to bring to close proximity
- ওচৰ চাপ্Adjective
ওচৰলৈ বা কাষলৈ আহ্
to come near; to approach
- ওচৰ-ঘৰীয়াo`.sor-gho.ri.yaCommon Noun
ঘৰৰ কাষতে বাস কৰা ব্যক্তি
a person who lives nearby
- ওচৰ-চাপo’.sor-sapVerb-Intran.
সময় অথবা স্থানৰ পৰিবৰ্তন হৈ ওচৰলৈ/কাষলৈ আহ্ ৷
To come near or nearer, as in space or time.
- ওচৰ-চুবুৰীয়া
বিম. ওচৰৰ চুবুৰীত বা সমীপৰ গাবঁত থকা; সমীপত বাস কৰা
residing in the vicinity; neighbouring
- ওচৰ-পাঁজৰAdverb
কোনো এটা বস্তু বা স্থানৰ কেন্দ্ৰৰ পৰা তাৰ চাৰিও দিশত৷
in all directions from a center or point of reference.
- ওচৰতেo`.so.ro.teAdverb
বেছি দূৰত নহয় (কোনো ঘটনা ঘট বা কিবা কাম কৰ)
do or happen something not far off
- ওচৰা-উচৰিAdjective
পৰস্পৰ ওচৰ বা সমীপত থকা
mutually near