কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উকীল সংঘAbstract Noun
কোনো ক’ৰ্ট কাছাৰীৰ উকীলসকলৰ আনুস্থানিক সংগঠন৷
A union of the advocates of a court.
- উকীল সন্থাAbstract Noun
কোনো ক’ৰ্ট কাছাৰীৰ উকীলসকলৰ আনুস্থানিক সংগঠন৷
A union of the advocates of a court.
- উকীল-পত্ৰukīla-patraNoun
কটকী বা উকীলে এক ৰজাৰপৰা আন ৰজালৈ নিয়া পত্ৰ
a diplomatic epistle to a kind sent by another through an accredited agent
- উকুচ্-কুচ্Abstract Noun
কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
urgent need of quick action;
- উকুতukutaAdjective
উক্ত; উল্লেখ কৰা; যেনে-"তাতেসে মৰণ-কাল কৰিলো উকুত" (ৰত্নাবলী)
mentioned
- উকুনবাড়িMaterial Noun
মৰণা মাৰোঁতে শস্য গোটাবলৈ বা লুটিয়াবলৈ ব্যৱহাৰ কৰা আগ বেঁকা এডাল মিহি,দীঘল বাঁহ ৷
a bamboo hook for gathering grains in straw.
- উকুলিওবাAdjective
মুখৰপৰা বাজ কৰা; উকিলিয়াই পেলোবা
ejected from the mouth
- উকুলিয়াu.ku.li.yaVerb-Trans.
মুখৰ ভিতৰত থকা আধা চোবোৱা খাদ্য বাহিৰলৈ উলিয়া
to eject food (still inside the mouth) from the mouth.
- উকুলীয়াukulīẏāTransitive verb
মুখৰপৰা বাহিৰ কৰ্; মুখৰপৰা উলিয়া
to eject from the mouth
- উকুৰাu.ku.raAbstract Noun
পীৰা বা অন্য আসন নোহোৱাকৈ ভৰিৰ তলুৱাত ভৰ দি বহা ৷
An act of sitting on the sole of the feet without any means of chair, stool etc.
- উক্তuktaAdjective
কোবা; কথিত
spoken; said
- উক্ত
ধৰ্ম্মাবলম্বী পুৰুষ
a man who retires from worldly life to meditate in the woods
- উক্তিuktiNoun
কথা; বাক্য; বচন
a speech; a saying or statement
- উক্মুকukmukaNoun
উশাহ বন্ধ হোবা যেন অবস্হা; ফোঁপনি; যেনে-"খেদয় পশুকঃ কৰি উকমুক; নপাবয় কেহোঁ লাগ" (শঙ্কৰ-চৰিত)।
- উক্মুকৰ পোবালিukmukara, pobāliNoun
মিছা, নোহোবা বা হ'ব নোবৰা বস্ত্ত; নোপজা বা নোপোবা বস্ত্ত; যেনে-"পছ মাৰিবলৈ গৈ এটা উক্মুকৰ পোবালি পালো" (অৰ্থাৎ একো নেপালো)
nothing; an imaginary thing having no real existence
- উক্ৰাukrāNoun
জুই লগাই বা আঙঠা ভৰাই আনিবৰ কাৰণে বান্ধি লোবা খেৰৰ জুমুধি
a twist of straw for carrying fire from one place to another
- উখটukhaṭaAdjective
আমঠ; উখৰা
obstinate; hot- tempered
- উখণ্ডিukhaṇḍi
অবজ্ঞা কৰি; তিৰষ্কাৰ কৰি; যেনে-"ৰাজাৰ ইঙ্গিতে কৰ্ণ মহাৰথী দ্ৰোণক বোলে উখণ্ডি" (বিৰাটপৰ্ব্ব)
by way of rebuking
- উখনা-উখনিukhanā-ukhaniNoun
উত্তৰা-উত্তৰি; কথাৰ খৰিয়াল; বাদ-বিবাদ; বাচ্যাবাচ্যি
an altercation
- উখল মাখলu.khol ma.kholAbstract Noun
কোনো গুৰুত্বহীন বিষয় সম্পৰ্কে উত্তেজনা
excitement over something unimportant