কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডেবাḍebāNoun
এটা মাছ মৰা যতন [সোঁত থকা পানীত পথালিকৈ এখন চাং পাতি তাৰ তলত এখন বান দিয়া যায়, মাছে বানত খুন্দা খাই জাঁপ মাৰি পাৰ হ'বলৈ যাওঁতে চাঙত পৰে।]
a platform raised across a stream with a fence below; being obstructed in their passage, the fish jump up and fall into the platform where they are caught
- ডেবা-ছালি
ডেবা গছৰ ছাল, যাক তামোলৰ লগত বা তামোলৰ অভাবত খায়।
- ডেবা-দিয়াḍebā-diẏāNoun
ৰিহাৰ আগৰ আঁচু আৰু কেচৰ মাজত বৈ দিয়া ঠেক কাপোৰখিনি [কোনোবে ইয়াক "বৰপুলি" কয়।]।
- ডেবাইḍebāiAdjective
ক'লা পৰি যোবা; তেজ অচল হৈ বিবৰ্ণ হোবা; যেনে -"ল'ৰাটো কান্দি কান্দি ডেবাই হ'ল; "
pale; wan
- ডেবিট কাৰ্ডde.bit kardMaterial Noun
এখন প্লাষ্টিকৰ বেঙ্ক কাৰ্ড, যাৰ সহায়ত নিৰ্দিষ্ট বেঙ্ক একাউণ্টৰ গ্ৰাহকে এ টি এম ব্যৱস্থাৰ দ্বাৰা প্ৰয়োজনীয় ধন উলিয়াব পাৰে আৰু তেওঁৰ বেঙ্কৰ পৰা টকা প্ৰতক্ষ্যভাৱে ব্যয় কৰিব পাৰে ৷
a bankcard (usually plastic) that enables the holder to withdraw money by ATM system or to have the cost of purchases charged directly to the holder's bank account.
- ডেম-ডেমীয়াḍema-ḍemīẏāAdjective
ৰসাল; কোমল আৰু ৰস থকা; কেঁচা (ফল বা পাত)
suppy; juicy
- ডেমডেউকাḍemaḍeukāNoun
চেঁচুকত হোবা এবিধ বীজলীয়া, ৰসাল আৰু বৰ চনকা ক্ষুদ্ৰ গছ; কঁৰীয়া বীজলৰ গছ [তাৰ দুই মূৰ জোঙা, বুঢ়া গুটি একোটা চেপা মাৰি ভাঙিলে মাইকী মানুহে কাণত পিন্ধা কৰিয়াৰ ৰূপ ধৰে।]
a kind of herb
- ডেমাকḍemākaNoun
কথা নুশুনা বা হুকুম নমনা গুণ বা স্বভাব
obstinacy
- ডেমাকিde.ma.kiAbstract Noun
নিজৰ ইচ্ছাৰ মতে চলা মইমত স্বভাৱৰ ৷
the quality or state of being obstinate.
- ডেমাকীde.ma.kiProper Adj.
নিজৰ কাম বা মতত স্থিৰ হৈ থকা বা সলনি কৰিব নোখোজা।
Tenaciously unwilling or firmly continuing in one's action or opinion despite advice.
- ডেমেহde.mehVerb-Intran.
to become full grown, fully developed
- ডেমেহাAdjective
পৈণত হোবা (ফল)
mature
- ডেমেহীয়াAdjective
পৈণত হোবা (ফল)
mature
- ডেমেহ্ḍemehIntransitive verb
পৈণত হ; বুঢ়া হ; পকিবৰ উপযুক্ত হ
to be mature, as a fruit
- ডেলেḍeleIntransitive verb
কাতি হৈ পৰ্ (হাতী)
to lie down on one side
- ডেস্কdeksMaterial Noun
লিখা-পঢ়া কৰিবলৈ, কম্পিউটাৰ ৰাখিবলৈ বা বিভিন্ন কাৰ্য্যলয়ত ব্যৱহাৰ কৰিবলৈ বিভিন্ন সামগ্ৰী ৰাখিব পৰা দেৰাজ থকা এখন টেবুল৷ ইয়াক কেৱল এটা ফালেহে বহিব পৰাকৈ ব্যৱহাৰ কৰা হয়৷
A desk is a furniture form and a class of table often used in a work or office setting for reading or writing on or using a computer. Desks often have one or more drawers to store office supplies and papers. Unlike a regular table, usually only one side of a desk is suitable to sit on.
- ডেড়াIntransitive verb
চিত্কাৰ কৰ্; কষ্ট বা বেদনা পাই চিয়ঁৰি কেঁকা; আৰ্ত্তনাদ কৰ্
to groan or scream loudly
- ডেঢ়িḍeṛhiNoun
কোনো সংখ্যা বা পৰিমাণ পূৰ হৈ বাঢ়ি থকা ভাগ; নিৰুপিত লেখ-জোখতকৈ বেছি হোবা ভাগ; অধিকা
surplus; excess
- ডেৰderProper Adj.
এক আৰু আধা
one and half part of a given entity.
- ডেৰকুৰিder.ku.riAbstract Noun
একুৰি আৰু দহ; ২০ আৰু দহৰ যোগফল - ৩০ ৷
The cardinal number that is the sum of twenty and ten - 30.