কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইস্পাতis.patMaterial Noun
কম কাৰ্ব্বন-যুক্ত ৰূপান্তৰিত লো, যাৰ কঠিনতা, নমনীয়তা আৰু শক্তি নিহিত থকা কাৰ্ব্বনৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ হয় ৷
any of various modified forms of iron, artificially produced, having a carbon content less than that of pig iron and more than that of wrought iron, and having qualities of hardness, elasticity, and strength varying according to composition and heat treatment: generally categorized as having a high, medium, or low-carbon content
- ইহঁতi.ho~tPronoun
এটা বা এজনতকৈ অধিক বস্তু বা মানুহ আদি বুজাবলৈ ব্যৱহাৰ হয়৷
the plural of 'this'; used to refer to more than one person, things etc.
- ইহকালihakālaNoun
জম্মিবৰপৰা মৰণলৈকে সময়; এই জন্ম
this life
- ইহজগতi.ho.jo.gotMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- ইহজনমi.ho.jo.nomAbstract Noun
পৃথিৱীত বাস কৰা কালত কৰা কাৰ্য্য ৷
one's activities upon the earth.
- ইহজন্মihajanmaNoun
এই জীবন; ইহকাল
this birth or life
- ইহজীৱনAbstract Noun
পৃথিৱীত বাস কৰা কালত কৰা কাৰ্য্য ৷
one's activities upon the earth.
- ইহত-তিহতihata-tihataAdverb
অনিৰ্দ্দিষ্ট দৰকাৰত; অ'ত- ত'ত
for this and that
- ইহত-সিহতihata-sihataAdverb
অনিৰ্দ্দিষ্ট দৰকাৰত; অ'ত- ত'ত
for this and that
- ইহলীলাi.ho.li.laAbstract Noun
পৃথিৱীত বাস কৰা কালত কৰা কাৰ্য্য ৷
one's activities upon the earth.
- ইহলীলা সম্বৰণi.ho.li.la xom.bo.ronAbstract Noun
প্ৰাণ নোহোৱা হৈ যোৱা অৱস্থা
the state of not having life
- ইহলীলা সম্বৰণ কৰ্i.ho.li.la xom.bo.ron korVerb-Intran.
কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
The termination of all biological functions that sustain a living organism.
- ইহলোকihalokaNoun
এই জগত
this world
- ইহলোক সামৰ্i.ho.lo`k xa.morVerb-Intran.
কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
The termination of all biological functions that sustain a living organism.
- ইহলৌকিকi.ho.lou.kikProper Adj.
পৃথিৱীত থকা অথবা তাৰ সংলগ্ন বস্তু যিবোৰ চিৰস্থায়ী নহয় ৷
Characteristic of or devoted to the temporary world as opposed to the spiritual world.
- ইহসংসাৰi.ho.xong.xarAbstract Noun
পৃথিৱীত বাস কৰা কালত কৰা কাৰ্য্য ৷
one's activities upon the earth.
- ইহাঙ্কihāṅkaPronoun
এওঁলোকক; যেনে-"আশ্বাসিবি ইহাঙ্ক সুমিত্ৰা আৰু আই" (মা. ক. অযোধ্যাকাণ্ড)।
- ইহাতihātaAdverb
ইয়াত; এনেকুবা হ'লে।
- ইহাত-সিহাতihāta-sihātaNoun
এহাতে আহি বা গৈ আনহাতে যোবা বা দিয়া; বেছি বেলি নথকা বা নৰখা; বেগাই খৰচ হোবা বা কৰা
mere change of hands; transitory nature
- ইহানihānaPronoun
এওঁৰ।