কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাগবতী-ধৰ্মNoun
এক ঈশ্বৰ বাসুদেবক বা বিষ্ণুক উপাসনা কৰা নাৰদ আদি ঋষিসকলৰ দ্বাৰা প্ৰচাৰিত ঐকান্তিক ধৰ্ম্ম
the monotheism of the Bhāgavata
- ভাগবতী-ধৰ্ম্মNoun
এক ঈশ্বৰ বাসুদেবক বা বিষ্ণুক উপাসনা কৰা নাৰদ আদি ঋষিসকলৰ দ্বাৰা প্ৰচাৰিত ঐকান্তিক ধৰ্ম্ম
the monotheism of the Bhāgavata
- ভাগশেষbhag.xexAbstract Noun
ভাজকৰ দ্বাৰা সমানে বিভাজ্য নোহোৱা ভাজ্যৰ অংশ
the portion of the dividend that is not evenly divisible by the divisor
- ভাগাৰbhāgāraNoun
মৰা ঘৰচীয়া জন্ত্ত পেলোবা ঠাই
a place where carcasses of domestic animals are thrown
- ভাগি-ভুহৰিbhāgi-bhuhari
বিশৱঙ্খল দল হৈ।
- ভাগিনbhāginaNoun
ভনী বা বাইৰ পুতেক
a sister's son
- ভাগিনীbha.gi.niCommon Noun
ককায়েক-ভায়েক অথবা বায়েক, ভনীয়েকৰ ছোৱালী
the daughter of a brother or sister
- ভাগীbhāgīNoun
অংশীদাৰ; ভাগ পাওঁতা; ভগিয়াৰ
a sharer
- ভাগীদাৰbha.gi.darCommon Noun
আনৰ সৈতে কোনো কাম, বিশেষকৈ ব্যৱসায়ত অংশ লওঁতা।
Person who take part or shares with another or others, esp. in business.
- ভাগীৰথীbhāgīrathīNoun
গঙ্গা [স্বৰ্গৰপৰা তেওঁক ভগীৰথে নমাই আনে বুলি পুথিত লিখা আছে।]
the Ganges
- ভাগীৰথী-হুগলীbha.gi.ro.thi-hug.liProper Noun
পশ্চিম বংগত গংগাৰ সূঁতিটোৰ নাম হুগলী৷ ফাৰাক্কাৰ ওচৰত গংগা দুভাগ হৈছে, এভাগ হুগলী(ভাগীৰথী-হুগলী) নামেৰে দক্ষিণলৈ বৈ গৈছে, আনভাগ পদ্মা নামেৰে বাংলাদেশত সোমাইছে৷
(traditionally called `Ganga`) An approximately 260 kilometres (160 mi) long tributary of the Ganges River in West Bengal, India.
- ভাগুৰাbhāgurāAdjective
লগৰজনে নকৰিলে নিজেও নকৰা; বাগি ধৰা
refusing to do a work unless others also assist or co- operate
- ভাগেbhāgeVerb; Noun
ভাগলৈ; ভাগত; যেনে-"সাতভাগে কাট"
into parts
- ভাগে ভাগেbhāge, bhāgeAdverb
বেলেগে বেলেগে; eng >separately/eng>.
- ভাগে-ভাগেbha.ge-bha.geAdverb
Distinctly different parts or units
- ভাগ্bhāgIntransitive verb
খণ্ড হ; ফাট্
to crack
- ভাগ্যbhāgyaNoun
অদৱষ্ট; কপাল; দশা
destiny; luck
- ভাগ্য উদয় হbha.gyo u.doy hoVerb-Intran.
ভাল ভাগ্য আহ
to have fortune or good luck
- ভাগ্য পৰীক্ষাAbstract Noun
ভাগ্য পৰীক্ষা কৰা খেল ।
A distribution of prizes by lot or chance.A game of chance.
- ভাগ্য-লক্ষ্মীNoun
সৌভাগ্য
good fortune