কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পটেশ্বৰীpaṭeśbarīNoun
ৰজাৰ প্ৰধান ৰাণী; মাদৈ
the principal wife of a reigning king
- পটোবাৰpaṭobāraNoun
থিয় হৈ থকা মানুহ বা সৈন্য বা আন বস্ত্তৰ শাৰী; যেনে-"ৰাক্ষসেবো পটোবাৰে থাকে ঢাল ধৰি" (মা. ক., লঙ্কাকাণ্ড)
a row
- পটোলpo.to`lCommon Noun
টিয়ঁহ আৰু স্কোৱাচৰ দৰে, কিন্তু তাতকৈ সৰু আকৃতিৰ এবিধ পাচলি আৰু তাৰ লতা-জাতীয় গছ
A perennial vegetable, similar to cucumber and squash. It is a dioecious (male and female plants) vine (creeper) plant with heart-shaped leaves (cordate) and is grown on a trellis. The fruits are green with white or no stripes. Size can vary from small and round to thick and long — 2 to 6 inches (5 to 15 cm).
- পটোৱাৰAbstract Noun
একেডাল ৰেখাত সজোৱা বহু সংখ্যক ব্যক্তি বা বস্তু৷
a number of persons or things arranged in a line, esp. a straight line.
- পট্ পট্ কৰেpot pot ko.reAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- পট্ট-বস্ত্ৰpaṭṭa-bastraNoun
পাট-কাপোৰ
silk
- পট্টনpaṭṭanaNoun
থিতাপি; পট্টা দি থাপি থোবা কাৰ্য; নগৰ।
- পট্টমহিষীpot.to.mo.hi.xiCommon Noun
ৰাজপাটত থকা ৰজাৰ পত্নী অথবা বিধৱা পত্নী
The wife, widow or a consort of a reigning king.
- পট্টাpot.taMaterial Noun
ঘাট, বিল, মাটি আদি খাবলৈ বা দখল কৰিবলৈ স্বত্ব দিয়া পট্টা ৷
A contract granting use or occupation of property during a specified period in exchange for a specified rent.
- পট্টাদাৰCommon Noun
ঘাট, বিল, মাটি আদিৰ ব্যৱসায়িক স্বত্ব লাভ কৰা ব্যক্তি
A person or entity to whom a lease is given.
- পট্টাম্বৰpaṭṭāmbaraNoun
পাটৰ সাজ; পাটৰ কাপোৰ
silk-cloth
- পট্টাৰ্হাpot.tar.haCommon Noun
ৰাজপাটত থকা ৰজাৰ পত্নী অথবা বিধৱা পত্নী
The wife, widow or a consort of a reigning king.
- পট্টিpaṭṭiNoun
পটি; চহৰৰ চুবুৰী।
- পট্টিশpaṭṭiśaNoun
বৰ দীঘল দুইফালে ধাৰ থকা মূৰটো জোঙা এবিধ অস্ত্ৰ
a kind of weapon
- পঠনpaṭhanaNoun
পঢ়া কাৰ্য্য
the act of reading
- পঠন-অক্ষমতাAbstract Noun
এনে এটা অৱস্থা যিয়ে ব্যক্তিৰ পঢ়াৰ সামৰ্থ্যত বাধা দিয়ে
a learning disorder which interferes with a person`s ability to read
- পঠনীয়Adjective
পঢ়িব লগীয়া; পঢ়িবৰ উপযুক্ত; পঠোনোপযোগী
fit or proper to be read
- পঠাpaṭhāNoun
ডেকা বয়স পোবা ছাগলী; খাহী নকৰা ছাগলী
a grown up uncastrated goat
- পঠাওঁতা
প্ৰেৰণ কৰোঁতা।
- পঠিতpaṭhitaAdjective
পঢ়া
read