কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডেকেৰুবাḍekerubāAdjective
ডেকা বয়স পোবা; উৰিব পৰা; উৰণীয়া (চৰাই)
young; able to fly, as a bird
- ডেকেৰুৱাde.ke.ru.waVerbal Adj.
ডেকা বয়স পোৱা বা পূৰ্ণ-বয়স্ক প্ৰাপ্ত হোৱা
fully developed into youth or adult
- ডেক’ৰাশ্বনVerbal Noun
সাজ- সজ্জা
The process of decorating something
- ডেগḍegaNoun
এবিধ পেট বহল আৰু চুটি মাটিৰ ভাত ৰন্ধা পাত্ৰ; মঠীয়া
a kind of earthen vessel
- ডেগচি
ডেগতকৈ সৰু পাত্ৰ।
- ডেগীḍegīNoun
হাতীৰ পাছ ভৰিত মৰা ফঁইৰ বান্দা
a coil of rope into which the hind legs of an elephant are inserted and tied together to prevent the animal from straying to a long distance while feeding
- ডেগ্ḍegIntransitive verb
ডেই যা; ওপৰেদি পাৰ হৈ যা (হাতীক কোবাত)
to step over; to cross
- ডেঙাৰḍeṅāraNoun
মাজ-বহল আৰু দুই মূৰে অলপ চেপ এবিধ বাঁহৰ কাঠীৰে সজা মাছ ধৰা যতন
a kind of fish trap
- ডেঙুৰde.ngurMaterial Noun
জেওৰা পাৰ হ’ব নোৱাৰাকৈ ছাগলীৰ ডিঙিত পথালিকৈ আঁৰি দিয়া মাৰি
a horizontal bar suspended from the neck of a goat to prevent its straying into a fenced place
- ডেঙৰḍeṅaraNoun
ডাকুৰ।
- ডেডনিḍeḍaniNoun
ডেডোবা কাৰ্য্য।
- ডেডাIntransitive verb
চিত্কাৰ কৰ্; কষ্ট বা বেদনা পাই চিয়ঁৰি কেঁকা; আৰ্ত্তনাদ কৰ্
to groan or scream loudly
- ডেডাউৰি
ডাঙৰকৈ মৰা গৰ্জ্জন বা চিয়ঁৰ; উচ্চ শব্দ
a loud growl or scream; a roaring noise
- ডেডাউৰি মাৰ্de.da.u.ri marVerb-Intran.
To utter a sudden and loud outcry, as in joy, triumph, or exultation or to attract attention
- ডেডাউৰিয়াIntransitive verb
ডেডা; ডেডাউৰি মাৰ্; বৰকৈ চিয়ঁৰ্ বা গোজৰ্; উচ্চ শব্দ কৰ্
to growl; to roar
- ডেনমাৰ্কden.markProper Noun
উত্তৰ ইউৰোপৰ এখন দেশ।
Sweden, officially the Kingdom of Sweden, is a Scandinavian country in Northern Europe. Sweden borders Norway and Finland, and is connected to Denmark by a bridge-tunnel across the Øresund.
- ডেফাḍephāAdjective
লাগিব লগা হোবা; এবাৰ-দুবাৰ মাথোন লগা (গছ)
about to fructify; fructifying for the first time
- ডেবḍebaAdjective
এক আৰু আধা
one and a half
- ডেব-দাম্ফিḍeba-dāmphiNoun
লম্ফ-জম্ফ; আস্ফালন; যেনে-"হুঙ্কাৰ কৰিলঃ সেনা ঝিঙ্কৰিলঃ ডেব-দাম্ফি আতি কৰে" (মা. ক., অযোধ্যাকাণ্ড)।
- ডেবাTransitive verb
আধা-পোৰা কৰ্
to over- heat; to overcook