কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দলত্যাগ কৰ্dol.tyag korVerb-Trans.
বিপক্ষৰ দলত যোগ দিবলৈ নিজৰ আগৰ ৰাজনৈতিক দল এৰি যোৱা৷
to leave a political party to join another that is supposed to be an enemy of the former.
- দলদʼইলাProper Adj.
বেছিকৈ ডাল পাত ওলাই বাঢ়া
Characterized by rich or profuse growth
- দলদলনিdaladalaniNoun
দোপনি
a quagmire
- দলদলিdol.do.liAbstract Noun
তিতা, গভীৰ (কিন্তু ওপৰৰ পৰা ধৰিব নোৱাৰা) বালি বা বোকা যাৰ ওপৰেৰে পাৰ হ’বলৈ গ’লে তললৈ, সাধাৰণতে ওলাব নোৱাৰাকৈ, সোমাই যোৱা যায়| এনে গম পাব নোৱাৰা ভয়াবহ পৰিস্হিতি
a deep, wet sand which can suck in people, animal, vehicle etc. when they try to move over it; a wet, deep sand or mud that one can sink in if s/he walks on it. An unpredictable dangerous situation
- দলদলীয়াdaladalīẏāAdjective
তেজ-পানীৰে পুষ্ট; শ্ৰীমন্ত (ডেকা বা ল'ৰা- ছোবালী)
healthy; blooming
- দলদুপীয়াAdjective
হেঁচিলে তল যোবা এৰি দিলে আকৌ ওপঙা; তল-ওপৰ কৰা; হেন্দোল-দুপীয়া
beggy; rising and falling; going up and down (as a floating thing)
- দলদোপdol.do`pAbstract Noun
প্ৰচণ্ডভাৱে এবাৰ তল, এবাৰ ওপৰ কৰা অবিৰত কাৰ্য্য |
The act of rolling up and down.
- দলদোপ-হেন্দোলদোপ
বহুত মানুহৰ সমাগম হোবা দোপনি
rush of people
- দলনNoun
দলা বা মৰ্দ্দন কৰা কাৰ্য্য; দলোঁতা।
- দলনি
দলঘাঁহ ভৰি থকা ঠাই।
- দলনেতাdo.lo.ne.taCommon Noun
Leader of a team or a group of people
- দলপতিNoun
এটা দলৰ ছৰ্দাৰ; নেতা
leader of a group
- দলপতিহীনdo.lo.po.ti.hinProper Adj.
যাৰ নেতা নাই বা যাক নেতৃত্ব দিয়া ব্যক্তি নাই
having no leader or chief
- দলপনিdalapaniNoun
দোপনি; দলদলনি।
- দলপুঁবাdalapum̐bāNoun
দলনিত জন্মা এবিধ ফৰিং জাতীয় পোক
a kind of insect
- দলপুঙাdol.pu.ngaCommon Noun
দলনিত থকা তামবৰণীয়া ডেউকাৰে এবিধ হাঁহ৷
The jacanas are a group of waders in the family Charadriidae, which are identifiable by their huge feet and claws which enable them to walk on floating vegetation in the shallow lakes that are their preferred habitat. They are found worldwide within the tropical zone. The Bronze-winged Jacana breeds in India and southeast Asia. It is sedentary apart from seasonal dispersion. It lays four black-marked brown eggs in a floating nest. The males, as in some other wader families like the phalaropes, take responsibility for incubation. They are 29cm long, but the females are larger than the males. They are mainly black, although the inner wings are very dark brown and the tail is red.
- দলফলীয়াdalaphalīẏāAdjective
বেচিকৈ ভাল পাত ওলাই শ্ৰী ধৰা (পুলি)
luxuriant, as a seedling
- দলবদ্ধAdjective
সঙ্ঘবদ্ধ
united in a group
- দলবল লৈdol.bol loiAdverb
নিজৰ দল বা সমৰ্থকক লগত লৈ।
taking one`s group or party with.
- দলভAbstract Noun
ধৰ্মীয় বা নৈতিক বিধি-বিধান উলঙ্ঘা কৰা কোনো কাৰ্য্য, বিশেষকৈ যদি ই ইচ্ছাকৃত হয়।
A transgression of a religious or moral law, especially when deliberate.