কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডেওনাḍeonāNoun
মানুহে ডেই যাব পৰা কিন্ত্ত গৰু বা ছাগে চেৰাই যাব নোবৰা দুবাৰ-মুখত দিয়া চাপৰ জেওৰা বা বেৰ
a low fence or wall erected at a gate which a man can pass over, but which cattle cannot
- ডেওপাৰণিdeo`.pa.ra.niVerbal Noun
গাৰ বা মনৰ দুখৰ পৰা হোৱা শাৰীৰিক অস্থিৰতা৷
a twisting of the body from side to side, as in pain and inability to rest or relax or be still.
- ডেকdekMaterial Noun
জাহাজৰ মজিয়া ।
the top outside floor of a ship or boat.
- ডেকচিMaterial Noun
পানী বা আন জুলীয়া দ্ৰব্য উতলাবলৈ ব্যবহৃত ওপৰফালে সাঁফৰ থকা নালীমুখৰ পাত্ৰ ।
a metal container with a lid, spout and handle used for boiling water.
- ডেকাḍekāAdjective
যুবা
young
- ডেকা কুৰি
বা
- ডেকা কঢ়ে যোবাḍekā, kaṛhe, yobā
ডেকা বয়সতে মৰা (শাও দিয়া মাত)
a term of malediction or cursing
- ডেকা-কাল
ডেকা মানুহৰ বয়স বা অবস্হা; যৌবন
youth
- ডেকা-গাভৰুde.ka-ga.bho.ruCommon Noun
১৮ বছৰৰ ওপৰৰ অবিবাহিত পুৰুষ।
young unmarried people of both sexes usually above 18 years.
- ডেকা-চাংḍekā-cāmNoun
বিয়া নকৰোবা ডেকাবিলাক থকা চাংঘৰ
the separate residences for the unmarried young men
- ডেকা-ধনি
যৌবন-সুলভ উদ্ধতালি।
- ডেকা-ৰজা
যুবৰাজ
a prince
- ডেকাকালde.ka.kalAbstract Noun
মানুহৰ জীৱনৰ শিশুকাল আৰু পূৰ্ণবয়স্ক হোৱাৰ মাজৰ সময়খিনি
The time of life between childhood and maturity
- ডেকাগিৰীde.ka.gi.riProper Noun
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ (১৪৪৯-১৫৬৮) অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক ৷ অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলা, সাহিত্য-সংস্কৃতি সকলো ক্ষেত্ৰতে শঙ্কৰদেৱৰ অৱদান বিৰল ৷ ১৪৪৯ চনত নগাঁৱৰ আলিপুখুৰি নামে ঠাইত বাৰ-ভূঞাঁৰ বংশত তেখেতৰ জন্ম হয় ৷ বাৰ বছৰ বয়সত তেখেতে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰি অতি কম দিনৰ ভিতৰতে কোনো মাত্ৰা নোহোৱাকৈ এক অনুপম কবিতা (কৰতল কমল কমল দল নয়ন) ৰচনা কৰি নিজৰ প্ৰতিভাৰ পৰিচয দিছিল ৷ ৰচনাৰীতি অনুসৰি শঙ্কৰদেৱৰ ৰচনাক ছটা ভাগত ভগাব পাৰি (১) অনুবাদমূলক- ভাগৱতৰ প্ৰথম, দ্বিতীয়, দশম, একাদশ আৰু দ্বাদশ স্কন্ধ'ৰ অনুবাদ, উত্তৰাকাণ্ড ৰামায়ণ (২) কাব্য- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিনীহৰণ, বলিছলন, অমৃত মন্থন, কুৰুক্ষেত্ৰ, অজামিল উপাখ্যান (৩) অংকীয়া নাট- পত্নীপ্ৰসাদ, কালিয়াদমন, কেলিগোপাল, ৰুক্মিনী হৰণ, পাৰিজাত হৰণ, ৰামবিজয় (৪) গীত- বৰগীত, ভটিমা (৫) নাম প্ৰসঙ্গ- কীৰ্তন, গুণমালা (৬) ভক্তিতত্ত্ব- ভক্তি ৰত্নাকৰ, ভক্তি প্ৰদীপ ৷ শঙ্কৰদেৱে পোনপ্ৰথমবাৰৰ কাৰণে 'চিহ্নযাত্ৰা' নাট লিখি পটত চিত্ৰ আঁকি সাত বৈকুণ্ঠৰ তাৎপৰ্য ব্যাখ্যা কৰিছিল ৷ কীৰ্তন তেখেতৰ কবিত্বৰ শ্ৰেষ্ঠ নিদৰ্শন আৰু অসমীয়া সাহিত্যৰ কীৰ্তিস্তম্ভ ৷ অসমীয়া সংস্কৃতিলৈ নামঘৰ, সত্ৰ, খোল, আৰু মুখাশিল্প আৰু সত্ৰীয়ানৃত্ৰৰ ক্ষেত্ৰত শঙ্কৰদেৱৰ অৱদান উল্লেখযোগ্য ৷ ১৫৬৮ চনত প্ৰায় ছকুৰি বছৰ বয়সত শঙ্কৰদেৱৰ বৈকুণ্ঠপ্ৰয়াণ হয় ৷
Mahapurusha Srimanta Sankardeva (1449-1568) saint-scholar, playwright,social-religious reformer, is a colossal figure in the cultural and religious history of Assam, India. Sankaradeva was born into the Shiromani (chief) Baro-Bhuyans family, near Bordowa in Nagaon in a village called Ali-pukhuri. He began attending the tol or chatrasaal(school) of the renowned scholar Mahendra Kandali at the age of twelve and soon wrote his first verses: karatalakamala kamaladalanayana | His literary works, we can divide in Six part as (1) Transliteration- Bhagavat (Book VI, VIII, I, II, VII, X, XI, XII; IX not available), Ramayana (uttarakanda). (2) Poetic works (kavya)- Harischandra-upakhyana, Rukmini-harana, Ajamilopakhyana, Bali-chalana Kurukshetra-yatra, Amrta-manthana. (3) Drama (Naat)- Patni-prasada, Kalia-damana, Keli-gopala, Rukmini-harana, Parijata-harana, Ram-vijay.(4) Songs - Borgeet, Bhatima (5) NamPrasang- Kirtana-ghosha, Gunamala.(6) Bhakti Theory- Bhakati-pradipa, Bhakti Ratnakara. Sattriya dance, that Sankaradeva first conceived and developed and which was later preserved for centuries by the sattras, is now among the classical dance forms of India.Thus, in 1568, after leading a most eventful life dedicated to enlighten humanity; the Mahapurusha passed away - within six months of his stay at Bheladonga -at the remarkable age of 120 years.
- ডেকাদেও
হিন্দুৰ ডাঙৰ মানুহৰ ডেকাক মতা মাত
a word applied to the junior male members of a respectable Hindu family
- ডেকাবৰাde.ka.bo.raCommon Noun
ৰাতি বিহু পালনৰ সময়ত ডেকা সকলক নেতৃত্ব দিয়া মুখিয়াল৷ (ৰাতি বিহু চাওক)
a team leader leading the boys during the celebration of Rati Bihu.
- ডেকালি
ডেকাৰ স্বভাব প্ৰকাশ কৰা কাৰ্য্য
youthful act
- ডেকাৰজাde.ka.ro.jaCommon Noun
the heir apparent to the throne in a royal or imperial monarchy
- ডেকুৰḍekuraNoun
জন্ত্তৰ ভৰিত বান্ধি দিয়া চুটি এৰাল জৰী
a short tether fastened on a leg of an animal
- ডেকেৰীḍekerīAdjective
যৌবন-কাল পোবা (তিৰোতা)
young