কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চতুৰ মুহProper Noun
জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷
One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe.
- চতুৰঙ্গcaturaṅgaAdjective
হাতী; ঘোঁৰা, ৰথ আৰু পদাতি, এই চাৰিটা অঙ্গ বা ভাগ থকা (সৈন্য)
consisting of chariots, cavalry, elephants and infantry (said of an army)
- চতুৰতাso.tu.ro.taAbstract Noun
চতুৰৰ গুণ
the quality of being crafty.
- চতুৰন্তাMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- চতুৰমূহcaturamūhaNoun
চতুৰ্ম্মুখ।
- চতুৰশীতিতমso.tur.xi.ti.tomProper Noun
আশীতকৈ চাৰি বেছি ৷
four more than eighty; the symbol denoting 84. (৮৪ in Assamese)
- চতুৰস্ৰcaturasraAdjective
চাৰি চুক থকা; চাৰি-চুকীয়া
square; having four corners
- চতুৰাননcaturānanaNoun
চতুৰ্ম্মুখ ব্ৰহ্মা।
- চতুৰালিcaturāliNoun
চতুৰৰ গুণ; টেঙৰালি
cleverness; shrewdness
- চতুৰাশীProper Noun
আশীতকৈ চাৰি বেছি ৷
four more than eighty; the symbol denoting 84. (৮৪ in Assamese)
- চতুৰাশ্ৰমcaturāśramaNoun
ব্ৰহ্মচৰ্য্য, গাৰ্হস্হ্য, বানপ্ৰস্হ আৰু সন্ন্যাস, হিন্দুধৰ্ম্মমতে মনুষ্য-জীবনৰ এই চাৰি অবস্হা বা আশ্ৰম।
- চতুৰাৰ্য্য সত্যAbstract Noun
বুদ্ধ ধৰ্মত ৪টা মহান সত্যক- চতুৰাৰ্য্য সত্য- বোলে৷ এইকেইটা হল- দুখ কি; দুখৰ কাৰণ; দুখৰ অৱসান আৰু দুখ মিশ্ৰণৰ পথ৷
The Four Noble Truths are as follows: 1. The truth of Dukkha; 2. The truth of the origin of Dukkha; 3. The truth of the cessation of Dukkha; 4. The truth of the path, the way to liberation from Dukkha
- চতুৰীFeminine; Noun
চতুৰালি, চাতুৰী।
- চতুৰী-ভাজন-দৈcaturī-bhājana-dai
নিজে কাম নকৰি আনৰ কামত ছিদ্ৰ ধৰা তিৰী
a lazy woman finding fault with another's work
- চতুৰ্গুণcaturguṇaNoun
চাৰি গুণ
four times
- চতুৰ্থcaturthaAdjective
চাৰি সংখ্যা পূৰ কৰা; তিনিৰ পাছৰটো
the fourth
- চতুৰ্থাcaturthāNoun
মৱতকৰ কাৰণে মৰাৰ চতুৰ্থ অৰ্থাৎ চাৰি দিনৰ দিনা কৰা কাৰ্য্য
the ceremony performed on the fourth day after death
- চতুৰ্থাংশcaturthāṃśaNoun
চাৰি অংশৰ এক অংশ; চাৰি ভাগৰ এভাগ
one-fourth; a quarter
- চতুৰ্থাশ্ৰমso.tur.tha.sromAbstract Noun
সংসাৰৰ মায়া-মোহ ত্যাগ কৰা অৱস্থা
the state of abstaining of materislistic life
- চতুৰ্থাশ্ৰমীso.tur.tha.sro.miCommon Noun
ধৰ্মীয় নীতি-নিয়ম কঠোৰভাৱে পালন কৰি সংসাৰ ত্যাগী ধাৰ্মিক লোক।
member of a religious community of men living under vows.