কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইলilaNoun
বৈবস্বত মনুৰ পুতেক, এজনৰ নাম [এওঁ এদিন চিকাৰ কৰিবলৈ গৈ শিবৰ কুমাৰ বনত সোমোবাত শিবৰ শাও লাগি তিৰোতা হয়। পাছে শিবই দয়া কৰি এমাহ পুৰুষ আৰু এমাহ তিৰোতা হৈ থাকিবলৈ বৰ দিয়ে। তিৰোতা হৈ থকা কালত এওঁৰ গৰ্ভত বুধৰ ঔৰসত পুৰুৰবা নামক এটি পুত্ৰ হয়]।
- ইলাilāNoun
বৈবস্বত মনুৰ পুতেক, এজনৰ নাম [এওঁ এদিন চিকাৰ কৰিবলৈ গৈ শিবৰ কুমাৰ বনত সোমোবাত শিবৰ শাও লাগি তিৰোতা হয়। পাছে শিবই দয়া কৰি এমাহ পুৰুষ আৰু এমাহ তিৰোতা হৈ থাকিবলৈ বৰ দিয়ে। তিৰোতা হৈ থকা কালত এওঁৰ গৰ্ভত বুধৰ ঔৰসত পুৰুৰবা নামক এটি পুত্ৰ হয়]।
- ইলাচীi.la.siCommon Noun
মছলাৰূপে ব্যৱহাৰ কৰা সুগন্ধি বীজ ধাৰণ কৰা এবিধ ভাৰতীয় উদ্ভিদ বা তাৰ বীজ।
A Indian herb or its seeds (Elettaria cardamomum) having capsular fruits with aromatic seeds used as a spice or condiment.
- ইলাবন্তilābantaNoun
উলুপীৰ গৰ্ভ-জাত অৰ্জ্জুনৰ পুতেক।
- ইলাবৱতilābawataNoun
জম্বুদ্বীপৰ নটা বিভাগৰ চতুৰ্থ বিভাগ
the fourth of the nine divisions of Jambu-dvīpa or the known world
- ইলাহিilāhiAdjective
বিৰাট; অতিৰিক্ত; অধিক।
- ইলাহীi.la.hiProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- ইলাৱৰ্তi.la.wor.toProper Noun
দক্ষিণ এছিয়াৰ এখন দেশ
a country in the south Asia
- ইলিকাi.li.kaMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- ইলিছi.lisProper Noun
পদ্মা, মেঘনা আৰু নামনি ব্ৰহ্মপুত্ৰত থকা এবিধ পৰিভ্ৰমী মাছ। ই বাংলাদেশৰ ৰাষ্ট্ৰীয় মাছৰূপে স্বীকৃত।
a migratory fish found in Padma, Meghna and lower Brahmaputra rivers. It is the national fish of Bangladesh.
- ইলিছ মাছi.lis masProper Noun
পদ্মা, মেঘনা আৰু নামনি ব্ৰহ্মপুত্ৰত থকা এবিধ পৰিভ্ৰমী মাছ। ই বাংলাদেশৰ ৰাষ্ট্ৰীয় মাছৰূপে স্বীকৃত।
a migratory fish found in Padma, Meghna and lower Brahmaputra rivers. It is the national fish of Bangladesh.
- ইলিয়াদi.li.yadProper Noun
কবি হমাৰে লেখা যুদ্ধ বিষয়ক কাব্য৷
The great poem book by Homer.
- ইলীহilīhaNoun
এবিধ বগা চেপেটা, বাকলি থকা, বৰ কাঁইটীয়া কিন্ত্ত খাবলৈ বৰ তেলী এহাত বা এমুঠন মান দীঘৰ মাছ
the hilsa fish; clupea ilisha
- ইলীহিilīhiNoun
এবিধ বগা চেপেটা, বাকলি থকা, বৰ কাঁইটীয়া কিন্ত্ত খাবলৈ বৰ তেলী এহাত বা এমুঠন মান দীঘৰ মাছ
the hilsa fish; clupea ilisha
- ইলুটি-সিলুটিiluṭi-siluṭiNoun
এফালৰপৰা আন ফাললৈ বাগৰা কাৰ্য্য; বাগৰা- বাগৰি
the act of rolling to this side and that; the act of tossing about
- ইলেকট্ৰনিকi.lek.tro.nikProper Adj.
of or pertaining to electronics or to devices, circuits, or systems developed through electronics.
- ইলেকট্ৰনিক টিকটilek.tro.nik ti.kotMaterial Noun
ৰেল, বিমান আদিৰ বাবে ৱেবচাইটৰ মাধ্যমেৰে ইলেকট্ৰনিক ভাবে কিনিব পৰা টিকট৷ বেংকৰ ক্ৰেডিট বা ডেবিট কাৰ্ডেৰে ইয়াৰ মূল্য পৰিশোধ কৰিব লাগে আৰু কিনোতাই কম্পিউটাৰৰ সহায়ত নিজে টিকট ছপা কৰি লব পাৰে৷
a ticket that can be electronically purchased through website of airlines, railways etc. and the payment is made through bank credit or debit card. The buyer can print his/her own ticket.
- ইলেকট্ৰিছীয়ানi.lek.tri.si.anCommon Noun
বিজুলী যোগান ধৰা কাম, বৈদ্যুতিক সামগ্ৰী লগোৱা বা মেৰামতি কৰা প্ৰশিক্ষণপ্ৰাপ্ত লোক৷
a trained person whose job is to connect or repair electrical equipment
- ইলেক্ilekNoun
গোটা টকা, মোন আদিৰ পাছত অনা, সেৰ আদি নেথাকিলে ব্যবহাৰ কৰা, নতুবা গোটা টকা, মোন আদিৰ পাছত অনা, সেৰ নেথাকি পাই, ছটাক থাকিলে দুইৰো মাজত ব্যবহাৰ কৰা চিন; যেনে-;ch>/ch>ch>/ch>
a sing placed after a figure denoting a whole number or placed between the whole number and a fraction of a lower grade
- ইলেক্ট্ৰনi.lek.tonMaterial Noun
লেপ্টন পৰিয়ালৰ এটা সুস্থিৰ প্ৰাথমিক মৌল, যাৰ ভৰ হৈছে ৯.১০৭×১০<sup>-২৮</sup> গ্ৰাম আৰু আধানৰ পৰিমান হৈছে -১.৬০২×১০<sup>-১৯</sup> কুলম্ব ৷ কোনো পৰমানুত ইলেক্ট্ৰনবোৰে ধনাত্মক নিউক্লিয়াছৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে ৷
A stable elementary particle in the lepton family having a mass at rest of 9.107×10<sup>-28</sup> grams and an electric charge of approximately -1.602×10<sup>-19</sup> coulombs. Electrons orbit about the positively charged nuclei of atoms in distinct orbitals of different energy levels, called shells. Electrons are the primary charge carriers in electric current.