কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰণবীৰCommon Noun
কোনো ক্ৰীড়া বা প্ৰতিযোগিতাত বিজয়ী হোৱা ব্যক্তি বা দল
the party or person who won a game or competition
- ৰণভগনীয়াron.bho.go.niyaCommon Noun
যুদ্ধত হাৰি যুদ্ধক্ষেত্ৰৰ পৰা আনঠাইলৈ পলাই যোৱা সৈনিক/লোক৷
those who run away from the battle field to safer places after they are defeated.
- ৰণভূমিro.no.bhu.miMaterial Noun
যুদ্ধ কৰা মুকলি ঠাই ।
the place where a battle is, or was, fought.
- ৰণভেৰীro.no.bhe.riMaterial Noun
যুদ্ধৰ সময়ত বজোৱা মৃদঙ্গ-সদৃশ বাদ্য বিশেষ।
a drum-like musical instrument especially played during war.
- ৰণমত্তProper Adj.
ৰণত গৰ্বিত, উল্লসিত, আত্মহাৰা বা উন্মত্ত হোৱা
intoxicated with zeal for war
- ৰণশিঙাron.xi.ngaMaterial Noun
তীক্ষ্ণ ধ্বনি বিশিষ্ট পিতলৰ পেপা , সাধাৰণতে সৈন্যবাহিনীত ধ্বনিৰে সংকেত দিবলৈ ব্যৱহৃত হয়৷
A treble instrument usually made of copper, like the trumpet with less expanded bell and shorter tube, more conical with a very high frequency node. Generaly used for signaling in the Army.
- ৰণস্থলro.nos.tholMaterial Noun
যুদ্ধ কৰা মুকলি ঠাই ।
the place where a battle is, or was, fought.
- ৰণস্থলীron.stho.liMaterial Noun
যুদ্ধ কৰা মুকলি ঠাই ।
the place where a battle is, or was, fought.
- ৰণহুংকাৰron.hung.karAbstract Noun
Phrase or slogan shouted to make troops ready for war
- ৰণাঙ্গনro.nang.gonMaterial Noun
যুদ্ধ কৰা মুকলি ঠাই ।
the place where a battle is, or was, fought.
- ৰণাৰাম চৌধুৰীro.na.ram sou.dhu.riProper Noun
বৃটিছৰ লগত যুদ্ধ কৰা প্ৰথম অসমীয়া স্বাধীনতা সংগ্ৰামী৷ অসমীয়া জাতিৰ বাবে কথাটো আচহুৱা হ`লেও অসমত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ সুচনা কৰা প্ৰথম অসমীয়া গোৱলপাৰা জিলাৰ তেতিয়াৰ মেছপাৰাৰ প্ৰৱল প্ৰতাপী জমীদাৰ শ্ৰী ৰণাৰাম চৌধুৰী ৷ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁৰ জমীদৰিৰ ওপৰত লগোৱা কৰ দিবলৈ অস্বীকাৰ কৰে আৰু কোম্পানীয়ে এই সম্পৰ্কে হেচাঁ প্ৰয়োগ কৰাত ১৭৮৮-৮৯ চনত তেওঁ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গোৱালপাৰাস্থ শিবিৰত আক্ৰমণ চলায়৷ পিছলৈ গোৱালপাৰাস্থ শিবিৰৰ ভাৰপ্ৰাপ্ত বৃটিছ ৰাজহ সংগ্ৰহ বিষয়া কেপ্টইন বেইলীয়ে ১৭৮৮ চনৰ ২৩ আগষ্টত ৰংপুৰৰ ৰাজহ বোৰ্ডলৈ প্ৰেৰণ কৰা চিঠিযোগে ৰণাৰাম চৌধুৰীক এজন ডকাইত বুলি অভিযোগ আনে আৰু পিছলৈ সেই মৰ্মে তেওঁৰ জমীদাৰি বাজেয়াপ্ত কৰা হয় ৷ জমীদাৰি বাজেয়াপ্ত হোৱাৰ পিছত তেওঁ বৃটিছৰ বন্দীত্ব গ্ৰহণ নকৰি গাৰোপাহাৰৰ গভীৰ হাবিত পূনৰ যুদ্ধৰ প্ৰস্তুতি চলাই থাকতে ১৭৯০ চনত তেওঁৰ মৃত্যু হয়৷
He was a landloard of Goalpara during letter halh of sixteen (1700s) century. He revolted against British East India company. He died in the year 1790 during self exile
- ৰণিতraṇitaAdjective
ধ্বনিত
resonant
- ৰণুৱাro.nuwaCommon Noun
যুদ্ধত নিপুণ আৰু যুদ্ধ কৰা ব্যক্তি|
A person engaged or experienced in warfare.
- ৰণোন্মত্তProper Adj.
যুদ্ধৰ বাবে উদ্যত বা উত্তেজিত
a person who advocates, endorses, or tries to precipitate war
- ৰণ্ড-ভণ্ডraṇḍa-bhaṇḍaAdjective
লৰ্বাং-তৰ্বাং; লণ্ডভণ্ড; লটিঘটি; যেনে-"স্ত্ৰীৰ দোষে স্বামী ৰণ্ড-ভণ্ড" (ডাক-চৰিত)
harassed; troubled; confused
- ৰণ্ডভণ্ডron.do.bhon.doAbstract Noun
কোনো লোকক অহৰহ অশান্তি দিয়া কাৰ্য্য।
the act or an instance of harassing, or disturbing, pestering, or troubling repeatedly.
- ৰণ্ডাron.daCommon Noun
a woman who engages in sexual intercourse for money
- ৰণ্ডীraṇḍīNoun
বেশ্যা
a prostitute
- ৰণৰংগীProper Adj.
ৰণ কৰি ভাল পোৱা
one who loves war
- ৰণৰঙ্গীraṇaraṅgīAdjective
ৰণত পাৰ্গত; যুদ্ধ-প্ৰিয়; যেনে-"দুয়ো বীৰ ৰণৰঙ্গীঃ কৰে দুয়ো অঙ্গভঙ্গী" (ৰুক্মিণী-হৰণ)।