ৰণাৰাম চৌধুৰী
ro.na.ram sou.dhu.ri
অৰ্থ
বৃটিছৰ লগত যুদ্ধ কৰা প্ৰথম অসমীয়া স্বাধীনতা সংগ্ৰামী৷ অসমীয়া জাতিৰ বাবে কথাটো আচহুৱা হ`লেও অসমত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ সুচনা কৰা প্ৰথম অসমীয়া গোৱলপাৰা জিলাৰ তেতিয়াৰ মেছপাৰাৰ প্ৰৱল প্ৰতাপী জমীদাৰ শ্ৰী ৰণাৰাম চৌধুৰী ৷ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁৰ জমীদৰিৰ ওপৰত লগোৱা কৰ দিবলৈ অস্বীকাৰ কৰে আৰু কোম্পানীয়ে এই সম্পৰ্কে হেচাঁ প্ৰয়োগ কৰাত ১৭৮৮-৮৯ চনত তেওঁ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গোৱালপাৰাস্থ শিবিৰত আক্ৰমণ চলায়৷ পিছলৈ গোৱালপাৰাস্থ শিবিৰৰ ভাৰপ্ৰাপ্ত বৃটিছ ৰাজহ সংগ্ৰহ বিষয়া কেপ্টইন বেইলীয়ে ১৭৮৮ চনৰ ২৩ আগষ্টত ৰংপুৰৰ ৰাজহ বোৰ্ডলৈ প্ৰেৰণ কৰা চিঠিযোগে ৰণাৰাম চৌধুৰীক এজন ডকাইত বুলি অভিযোগ আনে আৰু পিছলৈ সেই মৰ্মে তেওঁৰ জমীদাৰি বাজেয়াপ্ত কৰা হয় ৷ জমীদাৰি বাজেয়াপ্ত হোৱাৰ পিছত তেওঁ বৃটিছৰ বন্দীত্ব গ্ৰহণ নকৰি গাৰোপাহাৰৰ গভীৰ হাবিত পূনৰ যুদ্ধৰ প্ৰস্তুতি চলাই থাকতে ১৭৯০ চনত তেওঁৰ মৃত্যু হয়৷
He was a landloard of Goalpara during letter halh of sixteen (1700s) century. He revolted against British East India company. He died in the year 1790 during self exile
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ