কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দমনীয়damanīẏaAdjective
বশ কৰিব পৰা; দমিবৰ যোগ্য
capable of being subdued or controlled
- দমলাdamalāNoun
বালেখিনি জুৰি উখহি উঠা ছাল
a broad swelling on the skin
- দমলা-দমলAdjective
অনেক দমলাযুক্ত
full of swellings
- দমলা-দমলিNoun
অনেক দমলা
many blotches
- দমাdamāTransitive verb
দমন কৰ্; বশ কৰ্; আনৰ দ্বাৰায় বশ কৰা; . কৱদ
to subdue; to cause to be subdued or checked
- দমাঁতী
দোঁবা; চপৰা; যেনে-"ঋণী ভৈলো বুলি মাথা দমাই থাকয়" (নামঘোষা)
to bend down
- দমি ৰাখ্do.mi rakhVerb-Trans.
ভুল দেখুৱাই খঙেৰে কিবা কাম নকৰিবলৈ সকিয়াই দিয়া।
To counsel against wrong practices; to cation or advise; to warn against danger or an offense.
- দমিতAdjective
দমন কৰা; বশীভূত
checked; controlled
- দমুনসdo.mu.noxMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- দমোঁতা; দমাওঁতা
one who subdues or checks
- দমোৱাdo.mo`.waAbstract Noun
বল প্ৰয়োগ কৰি শেষ কৰা বা বশ কৰা
Putting an end or bring under subjugation esp. by use of force
- দম্damTransitive verb
দমা; দমন কৰ্; বশ কৰ্; শান্ত কৰ্
to subdue; to bring under control; to calm; to check
- দম্Intransitive verb
কম হ; শান্ত হ।
- দম্পAbstract Noun
যুক্তিসংগত আত্মসন্মানৰ অনুভূতি।
feeling of justifiable self-respect.
- দম্পতীdampatīNoun
ভাৰ্য্যা স্বামী উভয়; গিৰিয়েক-ঘৈণীয়েক বা মতা- মাইকী দুয়ো
a human pair; husband and wife, taken together
- দম্ফdom.phoAbstract Noun
মইবৰ ভাৱ বা অতিমাত্ৰা আত্মগৌৰৱ।
Aggressively assertive or overbearingly confident.
- দম্ভdambhaNoun
অহঙ্কাৰ; দৰ্প
pride; arrogance; ostentation
- দম্ভালি
দম্ভ বা অহঙ্কাৰ থকা স্বভাব বা গুণ
pride
- দম্ভীAdjective
দাম্ভিত; অহঙ্কাৰী; বৰকথীয়া
proud
- দম্ভোক্তিdom.bho`k.tiAbstract Noun
নিজৰ বিষয়ে ডাঙৰ ডাঙৰকৈ জহাই কোৱা কথা।
speaking of yourself in superlatives.