কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডুখৰীয়া-লোণNoun
পুঙৰ লুণীয়া পানী বাঁহৰ চুঙা বা আন পাত্ৰত পগাই কৰা ডোখৰ হৈ থকা অপৰিষ্কাৰ লোণ
coarse unrefined salt
- ডুগডুগিdug.du.giMaterial Noun
মাজ চিঞা আৰু দুই মূৰ ঘুৰণীয়া আৰু ছালেৰে ছোৱা এবিধ ভাৰতীয় বাদ্য৷ তাক এহাতে লৈ জোকাৰিলে মাজতে জৰীৰে ওলমাই দিয়া এটা বা দুটা গুটিয়ে দুই মূৰে আঘাত কৰি শব্দ কৰে৷ হিন্দু ধৰ্মৰ দেৱতা শিৱৰ এবিধ প্ৰধান বাদ্য৷
Indian Musical Instrument Damaru is the most common hour-glass drum in India. There are two drumheads on each side of the resonator which are laced together with cord. Near the centre of the lacing are two loose knoted cords. The knots on each end strike both heads to produce a rattling sound. Damru is one of the attributes of several deities and gods (of Hindus), particularly of Shiva.
- ডুগিḍugiNoun
ধান-চাউল আদি থোবা সৰু পাচি
a small basket for grain
- ডুগি-ডাইনাḍugi-ḍāināNoun
তবলা আৰু তবলাৰে সৈতে বাওঁ হাতেৰে বজোবা বাদ্য
a pair of drums played jointly in Indian music
- ডুগীdu.giMaterial Noun
তবলাৰ সাধাৰণতে বাওঁহাতেৰে বজোৱা মাটিৰ বা ধাতুৰ বহল অংশটো৷ মাটি বা ধাতুৰ খৌলাটোৰ ওপৰত চামৰাৰ এখন পাতল আৱৰণ থাকে৷ এই অংশটোৰ পৰা গম্ভীৰ (গুম-গুমণি তোলা) শব্দ ওলাই৷
the metal or earthen drum in the tabla that provides the bass notes.
- ডুগুপ্সাḍugupsāNoun
ঘৱণা; নিন্দা।
- ডুণ্ডুলCommon Noun
স্ত্ৰীগিফৰ্মেছ্ বৰ্গৰ অন্তৰ্গত, ঠেঙত চুটি পাখি আৰু হাঁকোটা থকা, ডাঙৰ মূৰ আৰু চুটি বেঁকা ঠোঁট যুক্ত, আগলৈ ওলোৱা ডাঙৰ চকুৰে এবিধ নিশাচৰ পৰভোজী প্ৰাণী৷ ইহঁতৰ গোটেই গা পাতল, কোমল পাখিৰে আৱৰি থাকে বাবে প্ৰায় শব্দ নকৰাকৈ উৰিব পাৰে৷
Any of various often nocturnal birds of prey of the order Strigiformes, having hooked and feathered talons, large heads with short hooked beaks, large eyes set forward, and fluffy plumage that allows for almost noiseless flight.
- ডুব খা
তল যা; বুৰ যা
to be under water, to be flooded
- ডুব মাৰ্
বুৰ মাৰ্
to sink; to dive
- ডুবডুবীয়াAdjective
কাণ বা মুখলৈকে পৰ্; চপ্চপীয়া; ডুবাওঁ ডুবাওঁ বা তল নিয়াওঁ নিয়াওঁ হোবা
full to the brim; about to be overflown
- ডুবনNoun
জুবা বা বুৰা কাৰ্য্য।
- ডুবাTransitive verb
বুৰা; পানীত তল নিবা; পানীৰ তল কৰা
to cause to sink or to be drowned
- ডুবাইdu.baiProper Noun
A trade center and major city in the Arabian Peninsula. It is the commercial center and the biggest city of the United Arab Emirates.
- ডুবাওনdu.ba.wonVerbal Noun
পানীত জুবুৰিয়াই দিয়া কাৰ্য্য
The act of wetting something by submerging it.
- ডুবাৰুdu.ba.ruCommon Noun
গৱেষণা,অন্নেষণ আদিৰ বাবে বৃত্তিগতভাৱে পানীৰ তলত ডুব মৰা ব্যক্তি৷
a person whose job is to dive into water bodies for rescue, research or exploration
- ডুবিḍubiNoun
নৈ বা বিলৰ বৰ দ ঠাই
the deepest part of a river or lake
- ডুবৈCommon Noun
দ ঠাইত চৰি ফুৰা এবিধ চৰাই
A species of bird that feed at lowland
- ডুব্ḍubIntransitive verb
বুৰ যা; পানীৰ তললৈ যা
to sink; to be drowned
- ডুবৰিdu.bo.riCommon Noun
ধৰ্ম্মীয় উত্সৱত ব্যৱহাৰ কৰা এবিধ তৃণ ৷ ইয়াক ঔষধ হিচাবেও ব্যৱহাৰ কৰা হয় ৷
A kind of grass people use in any religious function. It is a medicinal grass .
- ডুমুনী-চোৰাতḍumunī-corātaNoun
একপ্ৰকাৰ চোৰাত।