কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জনসাধাৰণjo.no.xa.dha.ronAbstract Noun
কোনো সম্প্ৰদায়, ৰাজ্য বা ৰাষ্ট্ৰৰ নিৰ্দিষ্ট মানুহৰ গোট৷
a particular group of people in a community, state, or nation.
- জনসাহিত্যjo.no.xa.hi.tyoProper Noun
জনসাধাৰণৰ মাজত পৰম্পৰাগতভাৱে চলি অহা গীত-মাত আদি ৷
traditional popular literature of community. Folk literature includes fairy tales, myths, legends, fables, tall tales, and other oral traditions of preliterate societies.
- জনসেৱকjo.no.xe.wokCommon Noun
নিৰ্বাচন অথবা নিযুক্তিৰ জড়িয়তে কোনো চৰকাৰী পদবী বা চাকৰিত থকা এজন ব্যক্তি
a person holding a government office or job by election or appointment
- জনসেৱাjo.no.xe.waAbstract Noun
জনসাধাৰণৰ হিতৰ কাৰণে কৰা কাম৷
A service performed for the benefit of the public, especially by a nonprofit organization.
- জনস্বাস্থ্যjo.no.swas.thoAbstract Noun
জনসাধাৰণৰ স্বাস্থ্যৰ কল্যাণ কৰা বিষয়ক বা তেনে ধৰণৰ বিভাগ৷
health services to improve and protect community ( public) health, esp. sanitation, immunization, and preventive medicine.
- জনস্বাৰ্থAbstract Noun
The interest or benefits of the general public.
- জনস্ৰোতjo.no.sro`tAbstract Noun
বহুত মানুহ লানি লাগি গৈ থকা বা আহ-যাহ কৰা ৷
movement of people in large numbers.
- জনহিতকৰjo.no.hi.to.korProper Adj.
জনসাধাৰণৰ বাবে মঙ্গলজনক বা কল্যাণকৰ কোনো কাম ৷
beneficial to the people or relating to public welfare.
- জনহিতকৰ সেৱাAbstract Noun
জনসাধাৰণৰ কাৰণে কল্যাণজনক কাম
service that is beneficial to the people or relating to the public welfare.
- জনহীনjo.no.hinProper Adj.
কোনো মানুহ নথকা ঠাই৷
a place that is empty and not attractive, with no people or nothing pleasant in it.
- জনহীনতাAbstract Noun
কোনো এখন ঠাইৰ জনসংখ্যা কমি যোৱা বা অভাৱ হোৱা
population reduction of an area
- জনাjanāNoun
প্ৰবীৰ বীৰৰ নাক; গঙ্গাৰ কন্যা; নীলধ্বজ ৰজাৰ ভাৰ্য্যা
an ancient war-like woman
- জনা-জনিjanā-janiAdjective
অনেকে জনা; বহুতৰ আগত প্ৰকাশ কৰা
known to many; made public
- জনা-জনি হjo.na-jo.ni hoVerb-Trans.
ব্যক্ত হ বা জনা-জনি হ
to come to light
- জনা-বুজাjanā-bujāAdjective
বহুত দেখি-শুনি হোবা জ্ঞানী
wise; experienced
- জনা-শুনাjanā-śunāAdjective
প্ৰখ্যাত; যাক ভালকৈ জনা গৈছে
well-known
- জনাকীৰ্ণjanākīrṇaAdjective
মানুহেৰে ভৰা
full of people
- জনাজনিকৈjo.na.jo.ni.koiAdverb
সকলোৱে দেখাকৈ বা জনাকৈ কৰা
done or carried out with the knowledge of everyone
- জনাজাতjanājātaAdjective
জনা-জনি।
- জনাজাত হjo.na.jat hoVerb-Intran.
খ্যাতি অৰ্জ্জন কৰ্
to earn fame or reputation