কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একাশীতিতমe.ka.xi.ti.tomAbstract Noun
আশীতকৈ এক বেছি ৷
one more than eighty; the symbol denoting 81. (৮১ in Assamese)
- একাষাৰekāṣāraNoun
একেষাৰ; নিচেই অলপ কথা
a word
- একাষৰীয়াekāṣarīẏāAdjective
একাষৰত থকা; এফালে থকা; দাঁতিত থকা
living or existing on a side or border; outlandish
- একাষৰীয়া কৰ্e.ka.xo.ri.ya korVerb-Trans.
To go away from designated path.
- একাহাৰekāhāraNoun
দিনে-ৰাতিয়ে এবাৰ মাত্ৰ কৰা আহাৰ।
- একাহাৰী
দিনে-ৰাতিয়ে এবাৰ মাত্ৰ আহাৰ কৰোঁতা।
- একাৰekāraNoun
এ আখৰ; . এ; ঘাইকৈ "ে" এই চিন্
the letter ; the symbol "ে"
- একাৰ্থকekārthakaAdjective
একে বা তুল্য অৰ্থ থকা
having the same meaning
- একাৱনe.ka.wonProper Noun
পঞ্চাশতকৈ এক বেছি ৷
one more than fifty; the symbol denoting 51. (৫১ in Assamese)
- একাৱলীe.ka.wo.liAbstract Noun
প্ৰতি শাৰীত এঘাৰটা আখৰ থকা এক ছন্দ
a rhyme with eleven letters in a line
- একীকৃতe.ki.kri.toVerbal Adj.
থূপ খুওৱা বা একেলগে কৰা
brought together into a single whole
- একীকৰণekīkaraṇaNoun
ঠাইত গোট খুওবা কাৰ্য্য; একে সমান কৰা কাৰ্য্য।
- একীকৱতekīkawataAdjective
থূপ খুওবা
consolidated
- একীভাৱe.ki.bhabAbstract Noun
এক বা একেলগ হোৱা অৱস্থা।
the state of being one or together.
- একীভূতekībhūtaAdjective
একে ঠাইত লগ লগা; সমত্বপ্ৰাপ্ত।
- একুঁচীয়াekum̐cīẏāAdjective
এপাক বা এমেৰ দি পিন্ধা; যেনে -"একুঁচীয়া শাৰী পিন্ধিলে আবুৰ নেথাকে"
going once round the body (as cloth)
- একুইডাক্টNoun
একুইডাক্ট/ জলৱাহিকা
একুইডাক্ট/ জলৱাহিকা
- একুণেekuṇeAdverb
নকত্ৰে; সমুদায়ে; মুঠতে
altogether
- একুতিekutiNoun
এটা ল'ৰা বা এজনী ছোবালী থকা তিৰোতা; যেনে-"একুতিৰ পুত্ৰ মই আইক পাৰিহৰোঁ" (মা. ক. অযোধ্যাকাণ্ড)
woman having only one child
- একুতীekutīNoun
এটা ল'ৰা বা এজনী ছোবালী থকা তিৰোতা; যেনে-"একুতিৰ পুত্ৰ মই আইক পাৰিহৰোঁ" (মা. ক. অযোধ্যাকাণ্ড)
woman having only one child