কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইন্ধনindhanaNoun
জুই জ্বলোবা কাঠ; যেনে-"দুখ ইন্ধন মহ; বিষয়- আমিষ ৰস; ওহি ভব-গহন-অনলা" (বনগীত)
fire-wood
- ইন্ধন কোষin.dhon.koxMaterial Noun
ৰাসায়নিক ইন্ধনত অন্তৰ্নিহিত হৈ থকা শক্তি প্ৰত্যক্ষভাৱে বিদ্যুতলৈ পৰিবৰ্তন কৰা এবিধ কোষ
A device that delivers an electric current by direct conversion of chemical energy stored in a fuel (fuel is like hydrogen, methanol etc.)
- ইন্জেক্চনin.jek.sonVerbal Noun
ৰোগীৰ দেহত ছিৰিঞ্জেৰে ঔষধ সুমুৱাই দিয়া কাম ৷
Something that is injected, especially a dose of liquid medicine injected into the body with a syringe.
- ইপাৰ-সিপাৰi.par-xi.parAbstract Noun
নদীৰ দুয়োপাৰ, উভয়পাৰ
both the banks of a river.
- ইপিনে-সিপিনেipine-sipineAdverb
ইফালে-সিফালে; এইদিশে-সেইদিশে
towards this side and that; in this direction and that
- ইপুৰীipurīNoun
বৰ্ত্তমান জীবন বা সংসাৰ
present life or world
- ইপুৰী-সিপুৰী
এই জন্ম আৰু পৰজন্ম।
- ইপৰীয়াiparīẏāAdjective
নৈৰ এই বা ওচৰ পাৰত থকা
pertaining to this side of the river
- ইফটাৰif.tarAbstract Noun
মুছলমানসকলে ৰমজান মাহত দিনটো উপবাস থকাৰ পাছত গ্রহণ কৰা আহাৰ
<img src= "http://xobdo.org/dic07dev/priyankoo/islam.gif" width="24" height="24" alt="Islam Related" title="Islam Related">The evening meal that breaks the day's fast in the month of Ramadan
- ইফলীয়াiphalīẏāAdjective
এইফালৰ; এই ঠাইৰ
of this side
- ইফালi.phalAbstract Noun
এইফাল, অৰ্থাৎ কওঁতাৰ পিনে থকা ফাল
this side or the side towards the speaker
- ইফাল-সিফালiphāla-siphālaAdjective
এবাৰ এই ফাললৈ, এবাৰ সিফাললৈ ঘুৰোবা; এবাৰ এই পোনলৈ, আকৌ আ পোনলৈ ঘুৰোবা
turned to this side and that
- ইফাল-সিফাললৈi.phal-xi.pha.lo.loiPronoun
কোনো নিৰ্দিষ্ট ঠাইত নথকা, অনেক ঠাইত ঘূৰি ফুৰা ৷
to this place and that.
- ইফালে-সিফালেi.pha.le-xi.pha.leAdverb
ইঠাইত বা আন এঠাইত |
In this place and in that; at various places.
- ইবন বটুটাi.bon bo.tu.taProper Noun
এজন বিখ্যাত মুছলমান পৰ্যটক৷ চতুৰ্দশ শতিকাৰ আটাইতকৈ বেছি ভ্ৰমণ কৰা লোক৷ এইবোৰ তেওঁ টোকা আকাৰে লিখি গৈছে৷
An explorer of Berber descent, who is widely recognised as one of the greatest travelers of all time. He is known for his extensive travels, accounts of which were published in the Rihla.
- ইবনাইটMaterial Noun
চাৰ্লচ গুডইয়েৰে আবিস্কাৰ কৰা কঠিন ৰবৰ৷ ইয়াক ইবনী নামৰ কাঠৰ বিকল্প হিচাপে ব্যবহাৰ কৰিবৰ মনেৰে আবিস্কাৰ কৰা হৈছিল৷
Ebonite was a brand name for very hard rubber first obtained by Charles Goodyear by vulcanizing rubber for prolonged periods. It is about 30% to 40%sulfur. Its name comes from its intended use as an artificial substitute forebony wood
- ইবম্মদibammadaNoun
বজ্ৰাগ্নি; বিজুলীৰ চিকিমিকি
a flash of lightening; the fire of thunderbolt
- ইবাইibāiAdverb
এইবাৰ; এই বেলি
this time; on this occasion
- ইবাৰibāraAdverb
এইবাৰ; এইবেলি
this time
- ইব্ৰাহিমib.ra.himProper Noun
ইব্ৰাহিম বা ইব্ৰাহীম, সম্মানাৰ্থে হজৰত ইব্ৰাহিম বা জনাব ইব্ৰাহিম৷ ইচলাম ধৰ্মৰ এজন গুৰুত্বপূৰ্ণ নবী৷
known as Abraham in the Hebrew bible, is recognized in Islam as a prophet and apostle