কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সংশ্লিষ্টsaṃśliṣṭaAdjective
সংযুক্ত; সম্বন্ধযুক্ত
connected; related; joined
- সংশ্লেষxong.slexVerbal Noun
দুটা বা ততোধিক বস্তৰ, ঘটনা অথবা মানুহৰ মাজত থকা সম্পৰ্ক|
A relation between things or events (as in the case of one causing the other or sharing features with it).
- সংশ্লেষণxongs.le.xonVerbal Noun
কৃত্ৰিম উপায়েৰে প্ৰস্তুতকৰণ
preparation of something artificially
- সংশ্লেষিতProper Adj.
বিভিন্ন উপাদান মিহলি কৰি, বিশেষকৈ ৰাসায়নিক পদাৰ্থ মিহলি কৰি প্ৰস্তুত কৰা
pertaining to a product produced by combining or mixing components, esp. chemicals
- সংশ্ৰৰsaṃśraraNoun
সংসৰ্গ; সম্পৰ্ক
connection
- সংশ্ৰৱxong.srobVerbal Noun
অতি অন্তৰঙ্গভাৱে একেলগে বাস কৰা
living together in an intimate relationship
- সংশয়saṃśaẏaNoun
অঠাবৰ; আশঙ্কা; সন্দেহ; ভয়; . বিণ. সংশয়ী। সংশয় কৰ্। সংশয়াত্মা সন্দেহযুক্ত আত্মা বা প্ৰাণ; যেনে-"সবাতো কৰি সংশয়াত্মা সৰ্ব্বথা নষ্ট হয়" (ক., গী.)। সংশয়াপন্ন বিণ. আশঙ্কা লগা; সন্দেহ-যুক্ত
doubt; uncertainty; fear ; doubtful; diffident
- সংশয়ান্বিত হxong.xo.yan.nitVerb-Intran.
সন্দিহান হৈ ৰৈ দিয়া; কিং-কৰ্ত্তব্য-বিমূঢ় হৈ আগবাঢ়িব নোৱাৰা।
pause in doubt; unable to proceed becuase not sure what/how to do.
- সংশয়াপন্নxong.xoya.pon.noProper Adj.
অবিশ্বাস বা আস্থাহীনতাৰ ভাৱ সৃষ্টি কৰা
Causing distrust or disbelief
- সংষ্পৰ্শxong.spor.xoAbstract Noun
the communication with someone
- সংসক্তxong.xok.toVerbal Adj.
কোনো বিষয়-বস্তুৰ প্ৰতি বৰকৈ মন লগোৱা|
Compulsively or physiologically dependent on something habit-forming.
- সংসক্তিxong.xok.tiAbstract Noun
কোনো অভ্যাস, বিশেষকৈ ৰাগীয়াল বস্তু সেৱনৰ ওপৰত কৰা অস্বাভাৱিক নিৰ্ভৰতা।
the condition of being abnormally dependent on some habit, esp compulsive dependency on narcotic drugs.
- সংসতিAbstract Noun
the act of sticking together.
- সংসদsaṃsada
সভা; সমিতি।
- সংসদী গণতন্ত্ৰxong.xo.di go.no.ton.troAbstract Noun
বিধানমণ্ডলৰ দ্বাৰা পৰিচালিত গনতান্ত্ৰিক শাসনব্যৱস্থা ৷
A parliamentary democracy is one in which the people choose representatives at regular elections. These representatives are responsible for a number of functions.
- সংসদীয়xong.xo.di.yoProper Adj.
সংসদ বা আইন-কানুন তথা সাংসদ সম্বন্ধীয় ৷
Relating to a legislature or composed of members of a legislature.
- সংসদীয় গণতন্ত্ৰxong.xo.di.yo go.no.ton.troAbstract Noun
বিধানমণ্ডলৰ দ্বাৰা পৰিচালিত গনতান্ত্ৰিক শাসনব্যৱস্থা ৷
A parliamentary democracy is one in which the people choose representatives at regular elections. These representatives are responsible for a number of functions.
- সংসাধনxong.xa.dhonVerbal Noun
প্ৰ্য়োজনীয় তথ্য আহৰণৰ বাবে বা কোনো বিশেষ কাম সমাধা কৰিবৰ বাবে নিৰ্দিষ্ট পদ্ধতি অৱলম্বন কৰা কাৰ্য্য
The act of taking something through an established and usually routine set of procedures to convert it from one form to another, processing data, as a manufacturing procedure, such as processing milk into cheese. Processing can also refer to administrative procedure such as processing paperwork to grant a mortgage loan.
- সংসাধন কৰ্xong.xa.dhon korVerb-Trans.
কোনো নিৰ্দ্দিষ্ট পদ্ধতিৰে প্ৰস্তুত কৰ্
to treat or prepare by some particular process, as in manufacturing
- সংসাধিতxong.xa.dhi.toVerbal Adj.
কোনো বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰস্তুত কৰা
treated or prepared by some particular process, as in manufacturing