কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মঞ্জৰ্mañjarIntransitive verb
গজালি মেল্; কুঁহি পাত ধৰ্; কলি পেলা
to sprout; to bud
- মটকmaṭakaNoun
টাই-মঙ্গোলীয় গোষ্ঠীৰ এজাতি অসমীয়া।
- মটমটনিmaṭamaṭaniNoun
কাঠ, বাঁহ আদি টান খাই উঠা শব্দ।
- মটহাmaṭahāAdjective
টান; শকত; মিহি আৰু কোমল নোহোবা; মোটোহা
hard; rough
- মটীয়াmaṭīẏāAdjective
মাটিৰ নিচিনা; মাটি-বৰণীয়া
like earth; earth-coloured
- মটীয়া শোষNoun
এজাতি শোৰ ৰোগ।
- মটীয়া ৰঙাmo.ti.ya rongaProper Noun
ধোঁৱা বৰণীয়া মটীয়া ৰঙ (<i>চিত্ৰ চাওঁক</i>)|
A colour or pigment varying around a light grey-brown colour (<i>refer picture</i>).
- মটুকাmaṭukāNoun
তুলসীৰ ফুল
the flower of the holy basil
- মট্মটmaṭmaṭaNoun
কাঠ, বাঁহ আদি টান খাই উঠা শব্দ।
- মটৰmaṭara
বিদ্যুত্-চালিত যন্ত্ৰ, যাৰ সহায়েৰে আন যন্ত্ৰ চলোবা হয়
motor
- মটৰ গাড়ীmo.tor ga.riMaterial Noun
যন্ত্ৰচালিত স্থল পথত চলাব পৰা বাহন।
A road vehicle powered by an engine.
- মটৰ চাইকেলmo.tor sai.kelMaterial Noun
ইঞ্জিন থকা দুচকীয়া বাহন
A bicycle with a motor or engine.
- মটৰ-গাড়ীmaṭara-gāṛīNoun
মটৰৰ সহায়ত চলা যান; হাবাগাড়ী
motor-car
- মটৰমাহmaṭaramāhaNoun
এবিধ খেতিত হোবা মাহ
a pea; Pisum arvense or pisum sativum
- মটৰ্maṭar
কোনো শকত বস্ত্ত ভাগোঁতে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound caused by the sudden snapping or breaking of a hard susbstance
- মঠmaṭhaNoun
দ'ল; দেবালয়; দেবতাৰ পকী ঘৰ
a Hindu pagoda; a temple
- মঠ-মন্দিৰmoth-mon.dirMaterial Noun
হিন্দু বা বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ উপাসনাৰ ঠাই
a place of worship, specially for Hindus and Budhist etc
- মঠঘৰীয়াmoth.gho.ri.yaCommon Noun
নামঘৰৰ তত্ত্বাৱধায়ক, পুৱা-গধূলি নামঘৰত চাকি জ্বলোৱা, নামঘৰ পৰিষ্কাৰ কৰি ৰখা ব্যক্তি ৷
a person who care and supervision of a "Vaishnavite Namghar". It is also used as a surname in Assam by their descendants.
- মঠঙাmaṭhaṅāAdjective
ডাঙৰ আৰু টান
stout and rough
- মঠঙা শালিmaṭhaṅā, śāliNoun
মঠা চাউল হোবা এবিধ শালি ধান
a kind of paddy producing coarse rice