কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইন্দ্ৰিয়indriẏaNoun
গাৰ একোটা ভাগ বা যন্ত্ৰ, যাৰ দ্বাৰা মানুহে কাম কৰে বা কোনো বস্ত্তৰ উমান বা জ্ঞান লয়; . [ইন্দ্ৰিয় চৌধটা-কৰ্ম্মেন্দ্ৰিয় বা কামকৰা ইন্দ্ৰিয় পাচোটা-হাত, ভৰি, মল-দ্বাৰ, লিঙ্গ বা যোনি আৰু নিশ্বাসৰ নলীৰ ওপৰ ভাগ বা বাক্-ইন্দ্ৰিয়।
an organ of sense of action
- ইন্দ্ৰিয় জয়in.dri.yo joyAbstract Noun
ইন্দ্ৰিয়ক দমন কৰি আৱেগক নিয়ন্ত্ৰণ কৰা কাৰ্য্য৷
the controlling or restraining of the passions.
- ইন্দ্ৰিয় নিগ্ৰহin.dri.yo ni.grohAbstract Noun
ইন্দ্ৰিয়ক দমন কৰি আৱেগক নিয়ন্ত্ৰণ কৰা কাৰ্য্য৷
the controlling or restraining of the passions.
- ইন্দ্ৰিয়-দমনin.dri.yo-do.monVerbal Noun
ইন্দ্ৰিয় সমূহক বশ কৰি ৰখা কাৰ্য্য, অৰ্থাৎ নিজৰ আকাংক্ষাবোৰ দমন কৰি ৰখা
control over the sensual organs of the body, i.e. control over one's desires
- ইন্দ্ৰিয়-দোষindriẏa-doṣaNoun
ইন্দ্ৰিয়ৰ উচ্ছৱঙ্খল আচৰণ; ইন্দ্ৰিয়ৰপৰা হোবা কুকৰ্ম্মৰ ইচ্ছা
sensual propensity
- ইন্দ্ৰিয়-পৰায়ণindriẏa-parāẏaṇaAdjective
সকলো প্ৰকাৰ শৰীৰৰ সুখত আসক্ত; স্ত্ৰী সঙ্গমত বনকৈ আসক্ত
wholly given to the pleasures of the senses; sensual
- ইন্দ্ৰিয়-সুখindriẏa-sukhaNoun
চকু, জিভা, নাক, কাণ আদি ইন্দ্ৰিয়বিলাকৰপৰা পোবা সুখ বা তৱপ্তি
pleasures derived from the gratification of the senses
- ইন্দ্ৰিয়-সেবাindriẏa-sebāNoun
ইন্দ্ৰিয়বিলাকৰ সুখ লগা কাৰ্য্য কৰা
indulgence of the passions or the senses
- ইন্দ্ৰিয়গতProper Adj.
ইন্দ্ৰিয় আৰু শাৰীৰিক সন্তুষ্টিৰ সৈতে জড়িত
relating to or involving gratification of the senses and physical.
- ইন্দ্ৰিয়গ্ৰাহ্যin.dri.yo.gra.jyoProper Adj.
ইন্দ্ৰিয়বোৰে অনুভৱ বা গ্ৰহণ কৰিব পৰা৷
highly susceptible to influence through the senses.
- ইন্দ্ৰিয়জয়ীCommon Noun
ইন্দ্ৰিয় সুখ দমন কৰোঁতা
one who has total control on his passions
- ইন্দ্ৰিয়পৰায়ণin.dri.yo.po.ra.yonProper Adj.
কামভাৱত প্ৰবলভাৱে আসক্ত।
inclined to, characterized by, or inciting to lust or lechery.
- ইন্দ্ৰিয়বাদAbstract Noun
সকলো ধাৰণা ইন্দ্ৰিয়ৰ পৰাই উদ্ভৱ হোৱা বুলি ধৰা তত্ত্ব৷
the theory that all ideas spring from the senses.
- ইন্দ্ৰিয়বোধin.dri.yo.bo`dhAbstract Noun
ইন্দ্ৰিয় বা আত্মাৰ দ্বাৰা কোনো বিষয়ে সজাগতা অৰ্জন
the awareness of sth through the senses or the soul
- ইন্দ্ৰিয়সুখাভিলাসীin.dri.yo.xu.kha.bhi.la.xiVerbal Adj.
সকলো প্ৰকাৰৰ শাৰীৰিক সুখ বা ইন্দ্ৰিয়ৰ পৰিতৃপ্তি বিচৰা
full of, characterized by, or ministering to indulgence in luxury, pleasure, and sensuous enjoyment
- ইন্দ্ৰিয়াতনin.dri.ya.tonMaterial Noun
জীৱিত বা মৃত, প্ৰাণী বা উদ্ভিদৰ শাৰীৰিক গঠন বা ভৌতিক ৰূপ।
the physical structure and material substance of an animal or plant, living or dead.
- ইন্দ্ৰিয়ানুভূতProper Adj.
সদায় সম্ভাৱ্য বিপদ সম্পৰ্কে সচেতন
always mindful of possible trouble
- ইন্দ্ৰিয়ানুভূতিin.dri.ya.nu.bhu.tiAbstract Noun
শৰীৰৰ যিকোনো এক গুণ (দৰ্শন, শ্ৰৱণ, ঘ্ৰাণ, স্বাদ বা স্পৰ্শ), যাৰ দ্বাৰা ইন্দ্ৰিয় জাগৃত হয়।
any of bodily faculties (of sight, hearing, smell, taste, touch)by which sensation is roused.
- ইন্দ্ৰেশ্বৰProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- ইন্দ্ৰৰাজ্যin.dro.raj.yoAbstract Noun
ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷
The place of existence (sometimes held to exist in our own universe) in religions and spiritual philosophies, typically described as the holiest possible place, accessible by people according to various standards of divinity (goodness, piety, etc.).