কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থেথা-গেলীthethā-gelīNoun
গেদ্গেদী; খালৈভাঙী
a kind of fish
- থেনথেন-মেনমেনNoun
পানী লাগি বা আন কোনো কাৰণত হোবা অলপীয়া অসুখ
seediness; slight indisposition
- থেনথেনাthen.the.naVerb-Intran.
আমনি পাই বা কিবা কষ্টত কেঁচুৱা, সৰু ল’ৰা-ছোৱালীয়ে (ডাঙৰকৈ)কান্দি থাক৷
to cry noisily making distressing sounds (usually by a small child)
- থেন্ থেন্then, thenNoun
কাণ ছিগা বা ফটা পাত্ৰত আঘাত কৰিলে হোবা বা অলপ অলপকৈ কান্দি অসুখ প্ৰকাশ কৰা শব্দ
an imitative word used to express the sound like that produced by striking a cracked vessel or a low cry
- থেন্থেননিNoun
থেন্থেন্ কৰা কাৰ্য্য।
- থেপথেপীয়াthepathepīẏāAdjective
লেপথেপীয়া; কোমল আৰু ঘন; যোকাৰ নিচিনা; লেপলেপীয়া
to the consistency of mud; paste-like
- থেপাthepāNoun
ৰোকাৰ নিচিনা কোমল বস্ত্তৰ সোপা; ধৰিলে বা পিটিকিলে থোপ খোবা কোমল বস্ত্তৰ লদা
a lump or small mass of thick mud or similar thing
- থেপা খা
থূপ হ; থোপ খা; একে ঠাইতে বহুত গোট খা
to assemble or exist in large numbers at the same place; to huddle; to crowd
- থেপা-থেপAdjective
অনেক থেপা থকা; বহুত থেপা কৰা বা হোবা
divided into many lumps or heaps
- থেপা-থেপিকৈ থাক্the.pa-the.pi.koi thakVerb-Trans.
গাত গা লগাই কম ঠাইত বহুত বস্তু বা মানুহ গোট খা
over-crowded or assembled in large numbers in a small space
- থেপাখোৱাthe.pa.kho`.waVerbal Adj.
বহুতো বস্তু একেলগে, কম ব্যৱধানত থকা অৱস্থা
a lot of things crowded together
- থেপাথেপিthe.pa.the.piProper Adj.
কম ঠাইত লগালগিকৈ বহু বস্ত/মানুহ আদি থকা অৱস্থা৷
a placed filled with too many items.
- থেপাপৰাthe.pa.po.raVerbal Adj.
বহুতো বস্তু একেলগে, কম ব্যৱধানত থকা অৱস্থা
a lot of things crowded together
- থেপেৰাProper Adj.
চাপৰ কিন্তু শকত লোক
someone short and stout .
- থেপেৰ্theperNoun
লঘু বস্ত্ত ৰোকাত পৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound like that of a light body falling upon mud or slush; slump
- থেল্থেলীয়াthelthelīẏāAdjective
বোকাৰ নিচিনা; থেপথেপীয়া
of a soft and thick consistency like the mud
- থেৰবাদther.badAbstract Noun
বৌদ্ধধৰ্মৰ এটা ভাগ৷
A Sanskrit term literally meaning: the `Smaller Vehicle`, the Buddhist path followed by one who wishes to become an arhat. It has been used as a synonym for the Theravada tradition, which continues as the main form of Buddhism in Sri Lanka and South-East Asia, but some scholars deny that the term included Theravada Buddhism.
- থেৰেজুtherejuNoun
বকুল-গছৰ পাতৰ সমান ডাঙৰ আৰু কাচিদঁৰিয়া পাতেৰে এবিধ ওখ-ডাঙৰ গছ আৰু তাৰ বগৰীৰ নিচিনা ফল
a kind of fruit and its tree; Docynia indica
- থেৰোগেঁৰোtherogem̐roNoun
কোনো দুটা কাৰ্য্যৰ কোনটো কৰা উচিত তাক স্হিৰ কৰিব নোবৰা অবস্হা
indecision; hesitation
- থেৰোগেৰোthe.ro`.ge.ro`Abstract Noun
দুটা কাৰ্য্যৰ কোনটো কৰা উচিত তাক নিশ্চিত কৰিব নোৱাৰা অৱস্থা ৷
A situation that requires a choice between options that are or seem equally unfavorable or mutually exclusive