কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডিক্ḍikTransitive verb
পোন আঁক টান্
to draw lines; to aule
- ডিক্ৰিḍikriNoun
দেবানী মোকৰ্দ্দমাত বাদীৰ জয় হোবা হুকুম।
decree
- ডিক্ৰীḍikrīNoun
দেবানী মোকৰ্দ্দমাত বাদীৰ জয় হোবা হুকুম।
decree
- ডিক্ৰী-জাৰি
ডিক্ৰীমতে পাওনি টকা আদি আদায় কৰিবলৈ আদালতৰপৰা জাৰি হোবা হুকুম
execution of a decree
- ডিক্ৰী-দাৰ
ডিক্ৰীমতে টকা আদি পাব লগীয়া মানুহ
a decree-holder
- ডিগবৈdig.boiProper Noun
<br><center><iframe width="425" height="350" frameborder="0" scrolling="no" marginheight="0" marginwidth="0" src="http://maps.google.com/maps?f=q&hl=en&geocode=&time=&date=&ttype=&q=digboi,+assam&ie=UTF8&ll=27.371615,95.629892&spn=0.032625,0.080338&t=h&z=14&iwloc=addr&om=1&output=embed&s=AARTsJqVRPYFm9snuwcaTfnAjMQIJUFU-g"></iframe><br /><small><a href="http://maps.google.com/maps?f=q&hl=en&geocode=&time=&date=&ttype=&q=digboi,+assam&ie=UTF8&ll=27.371615,95.629892&spn=0.032625,0.080338&t=h&z=14&iwloc=addr&om=1&source=embed" style="color:#0000FF;text-align:left">View Larger Map</a></small></center>
An oil town in upper Assam where the first oil refinery of Asia and the second oil well in the world was built in 1860. <br>
- ডিগবৈ নৈdig.boi noiProper Noun
এই নৈ খন তিনিচুকীয়া জিলাৰ বগাপানী সংৰক্ষিত বনাঞ্চলৰ পৰা খাৰজান নামেৰে ওলায়৷ তাৰ পাচত দিহিং বনাঞ্চলৰ মাজেদি আহি দক্ষিণ বালিজান আৰু বৰজান নামৰ দুটা জানৰ সৈতে লগ হৈ ডিগবৈ তেল নলাই দি আহি ডিগবৈ নৈ নাম লয়৷ তাৰ পৰা দক্ষিণ-পশ্চিম দিশত বৈ গৈ ভাদৈ পাঁচ আলি হৈ দুটা মান জানৰ লগ হৈ উষাপুৰেদি এটা অৰ্ধবৃত্তাকাৰ হৈ ডিগবৈ মুখত বুঢ়ী দিহিঙত পৰিছে৷ এই নৈ দীঘ ৪৮ কি:মি: আৰু অৱবাহিকাৰ কালি ১৬০ বৰ্গ কি:ম:৷
A tributary of Burhidihing in upper Assam
- ডিগিৰিdi.gi.riVerbal Noun
বাদীৰ সপক্ষে দেৱানী আদালতে কৰা ঘোষণা বা ৰায় ৷
A legally binding command or decision entered on the court record (usually in favour of plaintiff).
- ডিগ্ৰিḍigriNoun
এক সমকোণৰ ¹⁄₉₀ অংশ
degree
- ডিগ্ৰীdig.riAbstract Noun
এক নিৰ্দ্দিষ্ট পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে অথবা সন্মানসূচকভাবে কোনো বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ে প্ৰদান কৰা শৈক্ষিক বঁটা
an academic award conferred by a university or college on successful completion of a course or as an honorary distinction ( honorary degree )
- ডিগ্ৰীধাৰীdi.gri.dha.riProper Adj.
processing an educational/academic degree.
- ডিঙাḍiṅāNoun
পান্চৈ নাও; ডিৰাই
a boat
- ডিঙিḍiṅiNoun
গল; মূৰ আৰু গাৰ মাজৰ চিয়াঁ অংশ
the neck
- ডিঙি চেপ্di.ngi sepVerb-Trans.
শ্বাসনলী বা ডিঙি মুচৰি দে, বিশেষকৈ হত্যা কৰাৰ উদ্দেশ্যে
Squeeze the windpipe or neck, esp. so as to kill
- ডিঙি-চেপAdjective
চেপা-মৰা বা চিয়াঁ ডিঙি-যুক্ত
narrow-necked
- ডিঙীয়াAdjective
ডিঙিলৈকে তল যোবা; ডুঙিলৈকে ওখ
neck-deep; reaching up to the neck
- ডিঙৰḍiṅaraNoun
দাস; চাকৰ; যেনে-"হেন ৰাবণক ৰাম তুমি কৰা ডৰ। ৰণচেৰ যেন মোৰ ঘৰৰ ডিঙ্গৰ" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)।
- ডিঙৰাḍiṅarāNoun
মাজ-বহল আৰু দুই মূৰে অলপ চেপ এবিধ বাঁহৰ কাঠীৰে সজা মাছ ধৰা যতন
a kind of fish trap
- ডিঙৰিAdjective
যেনে-ডিঙৰি পিঠা।
- ডিঙৰি পিঠাdin.go.ri pi.thaMaterial Noun
ডিঙৰি(ঘন চালনীৰে পিঠাগুৰি চালোতে নসৰকা খুদ চাউলতকৈয়ো সৰু চাউলৰ টুকুৰা)ৰ লগত গুৰ-পানী মিহলাই থুপথুপীয়া কৰি মিঠাতেলত ভজা গোল আকাৰৰ পিঠা৷
a kind of traditional Assamese pitha. Made up of a mixture of dingori, jaggery and water. This mixture is deep fried in mustard oil.