কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জনপ্ৰতিনিধিCommon Noun
সাধাৰণ জনতাক প্ৰতিনিধিত্ব কৰা নিৰ্বাচিত নেতা
public representative
- জনপ্ৰাণীহীনjo.no.pra.ni.hinProper Adj.
কোনো মানুহ নথকা ঠাই৷
a place that is empty and not attractive, with no people or nothing pleasant in it.
- জনপ্ৰিয়jo.no.pri.yoProper Adj.
সাধাৰণ লোকৰদ্বাৰা মৰম, স্নেহ আৰু সন্মানিত ব্যক্তি ৷
Regarded with great favour, approval, or affection especially by the general public.
- জনপ্ৰিয়তাjo.no.pri.yo.taAbstract Noun
কোনো ৰাজনৈতিক নেতা, বোলছবি অভিনেতা আদিক জনসাধাৰণে কিমান ভাল পায় তাৰ মাত্ৰা
The degree of fondness public have towards a political leader, cine star or the like
- জনবলjo.no.bolAbstract Noun
the amound of labour done by human employees
- জনবসতিjo.bo.bo.xo.tiCommon Noun
কোনো ঠাই, অঞ্চল বা দেশৰ বাসিন্দা সকল একেলগে।
Inhabitants of a place, region, country, etc.
- জনবসতিহীনjo.no.bo.xo.ti.hinProper Adj.
য’ত মানুহ বা অন্য কোনো জীৱিত প্ৰাণীৰ বসতি নাই৷
(a place), which is not inhabited by a single living creature.
- জনবহুলjo.no.bo.hulProper Adj.
অধিক জনসংখ্যা থকা ঘন বসতিপূৰ্ণ ৷
Containing many people or inhabitants; having a large population.
- জনবাদjanabādaNoun
মানুহে কৰা দুৰ্নাম; লোকাপবাদ; যেনে-"হেন জনবাদে মোৰ প্ৰাণ ভৈল শেষ" (মা. ক., অযোধ্যাকাণ্ড)
infamy
- জনবিন্যাসAbstract Noun
the characteristics of a population in terms of ethnic, linguistic, religious or such other proportions of the people
- জনবিশ্বাসjo.no.bi.swaxAbstract Noun
কোনো সম্প্ৰদায় বা জনগোষ্ঠীয়ে ধাৰণ কৰা উমৈহতীয়া বিশ্বাস
A common belief held by a community
- জনমjanamaNoun
জীবন
life
- জনম যুগীয়াjo.nom ju.giyaAdjective Adj.
কাৰোবাৰ সম্পূৰ্ণ জীৱন জুৰি কিবা চলা বা হোৱা৷
lasting or existing all through somebody's life; lasting a lifetime
- জনম লjo.nom loVerb-Intran.
জীৱন পা, পৃথিৱীলৈ আহ্ বা পৃথিৱীত অস্তিত্ব ধাৰণ কৰ্
to come forth; to come to live
- জনম-যাত্ৰাjanama-yātrāNoun
জন্ম-যাত্ৰা; কৱষ্ণৰ জন্ম-তিথিৰ উপলক্ষে কৰা যাত্ৰাৰ উৎসব; সেই নামৰ এখন নাটক
an anniversary or musical performance celebrating the birth of Kṛṣṇa; the name of a drama about that event written by Gopāladeva of Bhavanipur
- জনম-যুগীয়াjanama-yugīẏāAdjective
এটা জীবনৰ পৰিমিত কাল থকা
lasting for one's life
- জনমতjo.no.motAbstract Noun
সমাজত প্ৰচলিত জনপ্ৰিয় মতামত৷
Widespread or generally prevalent views in the society.
- জনমতীjanamatīAdjective
জন্ম দিয়া (আই)
giving birth to
- জনমতী-শুদাjanamatī-śudā
একেবাৰেই শুদা; অতি সাধাৰণ (খোবা আহাৰ)
very poor (said of diet)
- জনমদিনjon.mo.dinAbstract Noun
যিটো দিনত জন্ম লাভ কৰে
The day on which one is born