কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সংযমsaṃyamaNoun
ইন্দ্ৰিয়াদিক দমন কৰা কাৰ্য্য
reatraining or subduing of the passions.
- সংযমনxong.jo.monAbstract Noun
ইন্দ্ৰিয়ক দমন কৰি আৱেগক নিয়ন্ত্ৰণ কৰা কাৰ্য্য৷
the controlling or restraining of the passions.
- সংযমহীনতাxong.jom.hi.no.taAbstract Noun
নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা৷
The quality or state of being incontinent.
- সংযমীxong.jo.miProper Adj.
আচাৰ-ব্যৱহাৰ, কথা-বতৰা আদিৰ ক্ষেত্ৰত অত্যন্ত গহীন আৰু আন্তৰিকতাপূৰ্ণ।
marked by seriousness, gravity, solemnity, etc., as of demeanor, speech, etc.
- সংযুক্তsaṃyuktaAdjective
লগ লগা; সংলগ্ন
joined ; united
- সংযুক্ত আৰব আমিৰাতxong.juk.to a.rob a.mi.ratProper Noun
মধ্যপ্ৰাচ্য অঞ্চলত আৰব উপদ্বীপৰ দক্ষিণ-পূৱ কোনত অৱস্থিত সাতখন স্বাধীন ৰাষ্ট্ৰৰ এখন ফেডাৰেচন।
A country located in the southeast end of the Arabian Peninsula on the Persian gulf.
- সংযুক্ত কৰ্xong.juk.to korVerb-Trans.
এটাৰ লগাত আন এটা লগাই দে৷
to join one thing with another
- সংযুক্ত মুক্তি বাহিনী - অসমxong.juk.to muk.ti - o.xom ba.hi.niProper Noun
The largest armed seperatist group of Assam
- সংযুক্ত হxong.juk.to hoVerb-Intran.
ইটোৰ লগত সিটোৰ সংস্পৰ্শ ঘটা, মিলিত হোৱা৷
to come together into one substance or group.
- সংযুক্তকৰণxong.juk.to.ko.ronAbstract Noun
দুই বা ততোধিক সত্ত্বা একেলগ হোৱা বা এক হোৱা৷
The act of two or more bodies coming together and becoming one.
- সংযুক্তিxong.juk.tiVerbal Noun
দুটা বা ততোধিক বস্তৰ, ঘটনা অথবা মানুহৰ মাজত থকা সম্পৰ্ক|
A relation between things or events (as in the case of one causing the other or sharing features with it).
- সংযুগ্মxong.jug.moVerbal Adj.
একেলগ হৈ থকা, বিশেষকৈ এটা বা ততোধিক যুটি বা যোৰত
joined together, esp. in a pair or pairs
- সংযুতিxong.ju.tiAbstract Noun
কোনো এটা বস্তু গঢ় লোৱা প্ৰক্ৰিয়া
the way in which a thing is composed or made up
- সংযুতিবাদAbstract Noun
সংযুতিবাদ হৈছে ভাষাবিজ্ঞানত পোন প্ৰথমে ব্যৱহৃত এক তত্ত্ব৷ অন্য সমাজবিদ্যাতো ইয়াক সমানে ব্যৱহাৰ কৰা দেখা যায়৷ ফাৰ্দিনাণ্ড দি চচ্যুৰ ক এই তত্ত্বৰ উদ্ভাৱক বুলি জনা যায়৷ এই তত্ত্বমতে পৃথিবীৰ সকলো ব্যৱস্থাই এক এক ধৰণৰ তন্ত্ৰত সংপৃক্ত হৈ থাকে৷ ভাষাকো তেনেধৰণেৰে চাব পাৰি৷
This is a school of thought mainly present in Linguistics and other social sciences propagated by Ferdinand de Saussure. It says that all systems including linguistics have self-contained relational structures.
- সংযোগxong.jo`gVerbal Noun
দুটা বা ততোধিক সংখ্যা লগ লগাই এটা কৰা প্ৰক্ৰিয়া ৷
The operation of combining numbers so as to obtain an equivalent simple quantity.
- সংযোগ কৰ্xong.jog korVerb-Trans.
দূৰে-দূৰে থকা দুটা বস্তু বা দুজন ব্যক্তিৰ মাজত যোগাযোগ স্থাপন কৰ্
to establish communication between two distant objects/persons
- সংযোগ-সক্ষমProper Adj.
কথা ক’ব পৰা বা তথ্য প্ৰদান কৰিব পৰা৷
able to talk or impart information.
- সংযোগস্থলীxong.jo`g.stho.liAbstract Noun
A place where things are connected
- সংযোগাত্মকProper Adj.
ইয়াৰ দ্বাৰা মনৰ ভিতৰত জ্ঞানৰ সংগঠনক বুজোৱা হয়৷
This refers to the organization of knowledge within the mind.
- সংযোগীAdjective
সংযুক্ত; মিলি বা লগ লাগি থকা
united; joined