কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খনিkhaniNoun
ঠাইত সোণ আদি বস্ত্ত খানিলে পোবা যায়; যি ঠাইত ধাতু আদি স্বভাবতে উৎপন্ন হয়; আকৰ
a mine
- খনিকটীয়াkho.ni.ko.ti.yaCommon Noun
খনিত কাম কৰা লোক।
One who workd in a mine.
- খনিকৰkhanikaraNoun
কাঠ, শিল আদি চাঁচি, কাটি বা খুলি মূৰ্ত্তি বা আন বস্ত্ত তৈয়াৰ কৰোঁতা
a sculptor; an engraver, a carpenter
- খনিজkho.nijMaterial Noun
এক নিৰ্দ্দিষ্ট ৰাসায়নিক গঠন আৰু বৈশিষ্ট্যপূৰ্ণ দানাকৃতি, বৰণ আৰু কঠিনতাযুক্ত, প্ৰাকৃতিকভাবে উপলভ্য অজৈৱ গোটা পদাৰ্থ।
A naturally occurring, homogeneous inorganic solid substance having a definite chemical composition and characteristic crystalline structure, color, and hardness.
- খনিজ তেলkho.nij telMaterial Noun
কলা বা ডাঠ মাটি ৰঙৰ জৈৱ পদাৰ্থৰ পৰা সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক তেল৷
a dark oil formed from fossilified organic matter and accumulated in porous rocks consisting mainly of hydrocarbons
- খনিজ দ্ৰব্যkho.nij dor.byoMaterial Noun
এক নিৰ্দ্দিষ্ট ৰাসায়নিক গঠন আৰু বৈশিষ্ট্যপূৰ্ণ দানাকৃতি, বৰণ আৰু কঠিনতাযুক্ত, প্ৰাকৃতিকভাবে উপলভ্য অজৈৱ গোটা পদাৰ্থ।
A naturally occurring, homogeneous inorganic solid substance having a definite chemical composition and characteristic crystalline structure, color, and hardness.
- খনিজ পদাৰ্থkho.nij po.dar.thoMaterial Noun
এক নিৰ্দ্দিষ্ট ৰাসায়নিক গঠন আৰু বৈশিষ্ট্যপূৰ্ণ দানাকৃতি, বৰণ আৰু কঠিনতাযুক্ত, প্ৰাকৃতিকভাবে উপলভ্য অজৈৱ গোটা পদাৰ্থ।
A naturally occurring, homogeneous inorganic solid substance having a definite chemical composition and characteristic crystalline structure, color, and hardness.
- খনিজ লোণkho.nij lo’nMaterial Noun
সিন্ধু নদীৰ পানীয়ে পোৱা ঠাইৰ আকৰত হোৱা ডুখৰীয়া লোণ, খনিজ লোণ
common salt occurring in extensive, irregular beds in rock like masses, naturally occurring crystalline sodium chloride
- খনিজাতkho.ni.ja.toProper Adj.
প্ৰাকৃতিক অৱস্থাত খনিত উপলভ্য বা উৎপন্ন হোৱা, যেনেঃ খনিজ তেল।
naturally occurring in mines.
- খনিতেকkhanitekaAdverb
খন্তেক; যেনে-"খনিতেক ৰহ সবাহাঙ্কে পাইবি লাগ" (বিৰাটপৰ্ব্ব)।
- খনিয়াkhaniẏāTransitive verb
খন খন কৰ্; অনেক খণ্ড কৰ্ (খাবলৈ কটা তামোল)
to cut into many pieces or slices, as a betel-nut for chewing
- খনীয়াkhanīẏāNoun
এআগে ফুল থকা দুৰুলিয়াই এখন কৰি লোবা দীঘল কপাহী কাপোৰ
a cloth with an embroidered border at the end of one fold
- খনীয়া কাপোৰkho.ni.ya ka.porMaterial Noun
এটা মূৰে ফুল থকা পুৰুষে জাপ কৰি গাত লোৱা দীঘল কপাহী কাপোৰ
a cloth used by men with an embroidered border at the end of one fold
- খনীয়া-কাপোৰkhanīẏā-kāporaNoun
এআগে ফুল থকা দুৰুলিয়াই এখন কৰি লোবা দীঘল কপাহী কাপোৰ
a cloth with an embroidered border at the end of one fold
- খন্তাkhantāNoun
কঁহাৰে পাত্ৰ পৰিষ্কাৰ কৰা এবিধ বটালীৰ নিচিনা লোৰ অস্ত্ৰ
a chisel-like polishing implement of a bell- metal worker
- খন্তিkhantiNoun
মাটি খোঁচৰা বা শস্য নিৰোবা চুটি নালেৰে এবিধ লোৰ সৰু সঁজুলি; খুৰ্পী
a spud
- খন্তিয়াTransitive verb
খন্তিৰে মাটি উজাৰ্ বা খোঁচৰ্; খন্তিৰে নিৰাই দি
to weed or dig with a spud
- খন্তীয়াkhantīẏāNoun
এবিধ ভৰিত হোবা ৰোগ [ইয়াত অলপ ঘা আৰু বিষ হৈ ভৰি উখহে।]
a disease confined to the leg and accompanied by swelling and pain
- খন্তীয়া সাপkhantīẏā, sāpaNoun
এবিধ কেঁচুৰ নিচিনা কীট [তাৰ মুখ খন্তিৰ দৰে চেপেটা আৰু জোঙা।]
a species of poisonous earth-worm
- খন্তীয়া-খুচুৰীয়াkhantīẏā-khucurīẏāAdjective
অলপীয়া; সৰু-সুৰা; চুৰচুৰীয়া
trifling