কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উচ্ছ্ৰায়ীVerbal Adj.
নতুনকৈ প্ৰতিষ্ঠা লাভ কৰিবলৈ আৰম্ভ কৰা |
One who has grown and advancing or becoming higher or greater in degree or value or status.
- উচ্ছ্ৰিতus.sri.toProper Adj.
ৰূপ-গুণ অথবা অৱস্থাৰ উন্নতি হোৱা।
Standing above others in quality or position.
- উচ্ছ্ৰয়Abstract Noun
ভূমিৰ পৰা শীৰ্ষলৈ অথবা গুৰিৰ পৰা মূৰলৈ জোখ
Measurement from base to top or from foot to head
- উচ্ছৱঙ্খলucchawaṅkhalaAdjective
আনৰ কথাত বান্ধ নোখোবা; ডেও পৰা; অবাধ্য
self-willed; uncontrolled
- উচ্পিচনিNoun
উচ্ পিচ্ কৰা কাৰ্য্য; অক. ধা. উচপিচা; বিণ. উচ্পিচীয়া।
- উচ্পিচ্ucpicNoun
উঠা-নমা কৰা; উতল- পাতল; অস্হিৰ বা চিন্তিত অবস্হা; উগুল-থুগুল
anxiety; restlessness
- উচ্-পিচ্us-pisAbstract Noun
কোনো অস্বাভাৱিক মুহূৰ্ত্তত হোৱা মনৰ অস্থিৰতা
a feeling of agitation expressed in continual motion.
- উচ্পিচনিus.pi.so.niAbstract Noun
অনিশ্চয়তা বা দুৰ্ভাগ্যই সৃষ্টি কৰা মানসিক অশান্তি
distress or uneasiness of mind caused by uncertainly or misfortune
- উচ্পিচাooch.pee.chaAbstract Noun
অনিশ্চয়তা বা দুৰ্ভাগ্যই সৃষ্টি কৰা মানসিক অশান্তি
distress or uneasiness of mind caused by uncertainly or misfortune
- উচৰ্গucargaNoun
উৎসৰ্গ।
- উচৰ্গা কৰ্u.sor.ga korVerb-Intran.
একান্তভাৱে কোনো কামত নিয়োজিত হ
To give or apply (one's time, attention, or self) entirely to a particular activity, pursuit, cause, or person
- উছনu.sonProper Adj.
কোনো এঠাইৰ মূল পৰ্য্যন্ত উঠাই পেলোৱা; চিন মোকাম নোহোৱা কৰা |
Destroyed completely, as if down to the roots.
- উছন কৰ্u.son korVerb-Trans.
কিবা বেয়া, অনিষ্টকাৰী বস্তুক সম্পূৰ্ণভাবে নাইকীয়া ধ্বংস কৰা যাতে সি পুনৰায় অপকাৰ কৰিব নোৱাৰে৷
to destroy something completely.
- উছন্uchanNoun
ধ্বংস।
- উছল্uchalIntransitive verb
ওপৰলৈ উঠ্ (পানী আদি)।
- উছাহuchāhaNoun
উদগনি
encouragement
- উছৰ্গuchargaNoun
উৎসৰ্গ।
- উছৰ্গাu.sor.gaAbstract Noun
the offering of animal, plant, or human life or of some material possession to a deity, as in propitiation or homage.
- উছৰ্গিতu.sor.gi.toVerbal Adj.
সন্মান বা শ্ৰদ্ধা সহকাৰে দিয়া (কোনো বস্তু)
(something) offered with respect
- উছৱu.sobAbstract Noun
ভোজ-ভাত খোৱা বা আনন্দ উপভোগ কৰা অনুষ্ঠান বা সময়, বিশেষকৈ ধৰ্মীয় বা সামাজিক গুৰুত্ব থকা দিন বা সময়, যিটো নিয়মিত সময়ৰ অন্তৰে-অন্তৰে পালন কৰা হয়৷
An occasion for feasting or celebration, especially a day or time of religious or social significance that recurs at regular intervals.