কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰচনro.sonVerbal Noun
গদ্য বা পদ্য লিখা কাৰ্য্য ।
The act of writing of prose and poetry.
- ৰচনাracanāNoun
লিখা কৰ্ম্ম; প্ৰবন্ধ; লিখিত বৰ্ণনা
a literary composition; an essay
- ৰচনা কৰ্ro.so.na korVerb-Trans.
কোনো সাহিত্যিক বা কাব্যিক ৰচনা সৃষ্টি কৰ্
to produce a literary work like write an essay, author a book or compose a poem
- ৰচনা-সমগ্ৰro.so.na-xo.mo.groCommon Noun
কোনো লিখকৰ বৰ্তমানলৈকে প্ৰকাশিত আৰু অপ্ৰকাশিত কৰ্মৰাজিৰ সংকলন৷
collection of all the published or unpublished works of a writer in a book form.
- ৰচনাকাৰীro.so.na.ka.riCommon Noun
যি বৃত্তিগতভাৱে গল্প, উপন্যাস, নাটক আদি ৰচনা কৰে।
one who writes story, novel, drama etc in a professional manner.
- ৰচনাৱলীCommon Noun
কোনো লিখকৰ বৰ্তমানলৈকে প্ৰকাশিত আৰু অপ্ৰকাশিত কৰ্মৰাজিৰ সংকলন৷
collection of all the published or unpublished works of a writer in a book form.
- ৰচিতracitaNoun
কোনো বস্ত্ত পোবাৰ লিখা প্ৰমাণ বা কাকত
a receipt
- ৰচিদracidaNoun
কোনো বস্ত্ত পোবাৰ লিখা প্ৰমাণ বা কাকত
a receipt
- ৰচুracuNoun
জেউতি; উজ্জ্বলতা; জিলিকনি
brightness; gloss; brilliance
- ৰচুনro.sunCommon Noun
এবিধ পিয়াঁজ গছৰ দৰে সৰু গছ আৰু তাৰ শিপাত হোৱা ফুটাৰ সমষ্টি।
An onionlike plant having a white bulb that breaks up into separable cloves with a strong distinctive odor and flavor.
- ৰচুলraculaNoun
ঈশ্বৰ-প্ৰেৰিত পুৰুষ; যেনে-"মহম্মদ ৰচুল"
a prophet
- ৰচোঁতাro.su~.taCommon Noun
যি বৃত্তিগতভাৱে গল্প, উপন্যাস, নাটক আদি ৰচনা কৰে।
one who writes story, novel, drama etc in a professional manner.
- ৰচ্racTransitive verb
সাজ্; প্ৰস্ত্তত কৰ্
to make; to construct
- ৰচয়িতাracaẏitāNoun
ৰচক।
- ৰছগোল্লাrachagollāNoun
ৰছগোল্লা; গাখীৰৰপৰা কৰা মিঠাই।
- ৰছদrachadaNoun
"ৰোজ"; দৈনিক সিধা।
- ৰছদ পথro.sod pothMaterial Noun
যি পথেৰে প্ৰয়োজনীয় সামগ্ৰী সৰবৰাহ কৰা হয়৷
a route by which supplies are transported
- ৰছাrachāNoun
ডাঙৰ-দীঘল জৰী; ফঁই; লেজু
a rope; a cable
- ৰছিতrachitaNoun
কোনো বস্ত্ত পোবাৰ লিখা প্ৰমাণ বা কাকত
a receipt
- ৰছিদrachidaNoun
কোনো বস্ত্ত পোবাৰ লিখা প্ৰমাণ বা কাকত
a receipt