কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খতৰkhataraNoun
নিজৰ কথাতে খোবা ঘাটি; অসাবধানতাৰ কাৰণে নিজৰ মুখতে প্ৰকাশ হোবা নিজৰ দোষ
self-condemnation
- খতৰ খা
অসাবধানতাৰ কাৰণে নিজৰ দোষ ওলোবা কথা ক; নিজৰ কথাতে ঘাটি খা
to speak carelessly something that goes against one's self
- খদমদমkho.dom.domAbstract Noun
চিয়ঁৰ-বাখৰ, শৃঙ্খলাহীন আৰু বিমোৰত পৰা এক অৱস্থা
a state of commotion and noise and confusion; violent agitation
- খদমদম কৰ্kho.dom.dom korVerb-Intran.
কিবা কাম খৰকৈ কৰিবলৈ লোৱা
to speed up the rate of doing something
- খদম্-দম্khadam-damAdjective
খৰ-খৰ; লৰা-লৰি; খৰ-খেদা
bustle; hurry
- খদম্দমkho.dom.domAbstract Noun
কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
urgent need of quick action;
- খদাkhadāNoun
গোবৰ পেলোবা মাটি কঢ়িওবা এবিধ ঢৰীয়া কাঠিৰ সৰু পাচি
an open basket for carrying earth, etc.
- খদা-টুকুৰিMaterial Noun
বাঁহেৰে নিৰ্মাণ কৰা পাত্ৰ ৷
a container made of cane or bamboo
- খদাবানNoun
খদাৰ নিচিনা বহল-মুখীয়া বান-বাটি; এবিধ মেলাহী বান-বাটি
a kind of wide-mouthed cup with a foot
- খদৌমদৌkho.dou.mo.douAbstract Noun
কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
urgent need of quick action;
- খদৌমদৌ লাগ্kho.dou.mo.dou lagVerb-Intran.
কিবা কাম খৰকৈ কৰিবলৈ লোৱা
to speed up the rate of doing something
- খদ্দৰkhaddaraNoun
হাতে কটা সূতাৰ হাতে বোবা কাপোৰ
hand-woven cloth of hand-spun yarn
- খদ্যোতkhadyotaNoun
জোনাকী পৰুবা
a fire-fly
- খদৰkhadaraNoun
হাতে কটা সূতাৰ হাতে বোবা কাপোৰ
hand-woven cloth of hand-spun yarn
- খনkhanaNoun
দহ শ বা এহেজাৰ (মুগা পলুৰ সংখ্যা)
one thousand (said of silk cocoons)
- খন-খনkhana-khanaAdjective
খান-খান।
- খননkho.nonVerbal Noun
ভূগৰ্ভৰ পৰা বাণিজ্যিক পৰ্য্যায়ত আকৰ আহৰণ কৰা কাৰ্য্য
the activity of extracting underground ore in commercial scale
- খনন কাৰ্যkho.non kar.jyoVerbal Noun
ভূগৰ্ভৰ পৰা বাণিজ্যিক পৰ্য্যায়ত আকৰ আহৰণ কৰা কাৰ্য্য
the activity of extracting underground ore in commercial scale
- খনন কৰ্kho.non korVerb-Trans.
কোনো সমতলত ফুটা বা গাঁত সৃষ্টি কৰা
to create a hole on a plain surface
- খনাkhanāTransitive verb
আনৰ হতুবাই খানিবলৈ দিয়া; আনৰ দ্বাৰায় উৎপাটন কৰা
to cause to be dug