কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উচ্ছাদucchādaNoun
উচ্ছেদ; বিনাশ; যেনে-"গৱহ শৰীৰকো মোৰ কৰিলে উচ্ছাদ" (
- উচ্ছাদকNoun
(পু. অ.) ধ্বংসকাৰী
destroyer
- উচ্ছিতucchitaAdjective
ওখ; যেনে-"প্ৰথমে উচ্ছ্ৰিত; বৱক্ষ বাছি বাছিঃ সুধিবে লৈলে সাদৰি" (দশম)
high; elevated
- উচ্ছিত্তিVerbal Noun
অবৈধভাৱে বাস কৰা লোক অথবা নিয়মমতে ভাড়া আদায় নিদিয়া ভাড়াতীয়াক আইনসঙ্গতভাৱে মাটি বা ঘৰৰ পৰা জোৰকৈ বাহিৰ কৰি দিয়া কাৰ্য্য।
to expel (a person, esp. a tenant) from land, a building, etc., by legal process, as for nonpayment of rent.
- উচ্ছিন্নucchinnaAdjective
উৎপাটিত; যিহক উঘালি পেলোবা হৈছে; ; সংযোগ নথকা
uprooted ; cut off
- উচ্ছিষ্টucchiṣṭaNoun
খাই এৰা বস্ত্ত; এৰেহা; খোবাৰ আগলিকা; চুবা; অবশেষ
the remnants of a meal; leavings; orts
- উচ্ছিষ্টভোজনAbstract Noun
আনৰ পেলনীয়া খোৱা বস্তু বা এৰেহা ভোজন কৰা কাৰ্য
feeding of leftovers in another person`s plate
- উচ্ছিষ্টান্নus.sis.tan.noMaterial Noun
খোৱাৰ পিচত ৰৈ যোৱা অথবা এৰি অহা খাদ্যভাগ ৷
The remnant of food eaten; portion of food left after eating.
- উচ্ছুকus.sukProper Adj.
ধৈৰ্য্যবিহীন হৈ কিবা জানিবলৈ বা পাবলৈ বিছৰা
impatiently wanting to know/have more of something
- উচ্ছুকেucchukeAdverb
আগ্ৰহেৰে; আনন্দেৰে; যেনে-"মাধবত মতি দিয়া শুনিয়ো উচ্ছুকে" (দ্বাদশ)
eagerly
- উচ্ছৃংখলতাu.sring.kho.lo.taAbstract Noun
নিয়ন্ত্ৰণ নমনা বা কাৰো হাক-বচন নুশুনা স্বভাৱ
the trait of lacking restraint or control
- উচ্ছৃঙ্খলu.sring.kholProper Adj.
যাক দমন বা শাসন কৰিব নোৱাৰি, যেনেঃ ব্যক্তি, বাসনা বা সাহস।
that cannot be subdued or overcome, as persons, will, or courage.
- উচ্ছৃঙ্খলতাu.sring.kho.lo.taAbstract Noun
নিয়ন্ত্ৰণ নমনা বা কাৰো হাক-বচন নুশুনা স্বভাৱ
the trait of lacking restraint or control
- উচ্ছেদucchedaNoun
ধ্বংস; নষ্ট; বিনাশ; উবাৰ কৰা
ruin; destruction
- উচ্ছেদ কৰ্us.sed korVerb-Trans.
আইনসঙ্গত প্ৰক্ৰিয়াৰ দ্বাৰা কোনো ভাৰাতীয়া অথবা দখলদাৰক বাহিৰ কৰি দে
To throw out or expel a tenant or occupant, etc. by legal process
- উচ্ছেদসাধন
নষ্ট বা নিৰ্ম্মুলকৰণ
extirpation; destruction
- উচ্ছেদিতus.se.di.toProper Adj.
কোনো এঠাইৰ মূল পৰ্য্যন্ত উঠাই পেলোৱা; চিন মোকাম নোহোৱা কৰা |
Destroyed completely, as if down to the roots.
- উচ্ছোষিতProper Adj.
শাৰীৰিক আৰু মানসিক ভাৱে কষ্ট পোৱা ৷
burdened psychologically or mentally.
- উচ্ছ্বসিতus.so.xi.toAbstract Noun
উথলি উঠা ।
The act or an instance of rising up from or as if from a lower source.
- উচ্ছ্বাসucchbāsaNoun
বৰকৈ প্ৰকাশ; কোনো ভাবেৰে ফুলি উঠা বা পূৰ্ণ হোবা অবস্হা; যেনে-"আনন্দ বা শোকৰ উচ্ছ্বাস"
outburst; overflowing