কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফচৌphacauNoun
আহোমসকলৰ মূৰত পাগুৰিৰ দৰে মৰা কাপোৰ।
- ফচ্ফচীয়াphacphacīẏāAdjective
হাতেৰে মোহাৰিলে এৰাই যোবা; বালীয়া; "ফহঁফহীয়া" চোবাঁ; ঢিলা; অলপতে ছিগি যোবা
crumbling at the touch; loose; devoid of cohesion
- ফচৰাই, ফচৰ কৰেphacarāi, phacara, kareAdverb
ফচ বা ফচৰ শব্দ কৰি
with a feeble and dull bursting sound
- ফছজিনNoun
ফছজিন
ফছজিন
- ফছফিনNoun
ফছফিন
ফছফিন
- ফছফেটphos.phetMaterial Noun
ফছফৰিক এচিডবোৰৰ পৰা ক্ষাৰকৰ ক্ৰিয়াৰ ফলত উৎপন্ন হোৱা এবিধ লোণজাতীয় পদাৰ্থ ৷
Salt of phosphoric acid.
- ফছফৰাছphos.pho.rasMaterial Noun
এবিধ অধাতু৷ পৰ্যাবৃত্ত তালিকাত ইয়াৰ স্থান ১৫ ৷
Non-metallic element.
- ফছফৰাছ এছিডNoun
ফছফৰাছ এছিড
ফছফৰাছ এছিড
- ফছফ’প্ৰ’টিনNoun
ফছফ’প্ৰ’টিন
ফছফ’প্ৰ’টিন
- ফছলphachalaNoun
খেতিৰ উৎপন্ন বস্ত্ত; শস্য
a crop
- ফছলী-নক্সা
ফচলৰ বিবৰণ থকা ফৰ্দ্দ বা বৰ্ণনা
A crop statement
- ফজিৰphajiraNoun
বৰ পুবা
the early morning
- ফটং-গিৰীphaṭam-girīNoun
গণ্ডপী মানুহ; ফুটনি কৰা লোক
a blustering or vainglorius person
- ফটকphaṭakaNoun
জপনা; যেনে-"সুষেণ ফুৰন্ত ফটকৰ চাৰি দ্বাৰ" (মা. ক. লঙ্কাকাণ্ড)
a gate
- ফটকাpho.to.kaMaterial Noun
উৎসৱ-পাৰ্বন বা আনন্দৰ মুহূৰ্তত ফুটুৱা সৰু বোমা।
A small bomb that are cracked during celebrations.
- ফটকা-phaṭakā-Noun
জুই লগালে ফট্কৰে শব্দ কৰি উঠা খাৰ ভৰাই তুলা-পাতেৰে সজা এবিধ ওমলা বস্ত্ত
a squib; a cracker
- ফটফটীয়াphot.pho.ti.yaProper Adj.
যাৰ মাজেদি পোহৰ পাৰ হ’ব পাৰে
through which light passes
- ফটফটীয়া কৰ্phot.pho.ti.ya korVerb-Trans.
কিহবাক স্পষ্ট কৰ্
to make something unambiguous and clear
- ফটাpho.taProper Adj.
ফাট মেলা বা ফালি পেলোৱা (বস্তু)
(object) pulled apart or made into pieces by tearing
- ফটা-ছিটাphaṭā-chiṭāAdjective
ফাটি ছিৰাছিৰ হোবা; জীৰ্ণ
tattered