কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তকুনাtakunāNoun
ভাত-ঘিল।
- তক্তাtaktāNoun
ডাঙৰ কাঠ চাঁচি বা ফালি কৰা চেপেটা কাঠ; কাঠৰ চুলা
a plank
- তক্তা-পোছNoun
তক্তাৰে কৰা দীঘল-ৰহল বহা বা শোবা খুৰা লগা আসন
a platform made of planks for sitting or sleeping on
- তক্তিtaktiNoun
মাটি জৰিপ কৰোঁতে ব্যবহাৰ কৰা দীঘল খুৰা লগা তক্তাৰ এবিধ সৰু মেজ
a plane-table
- তক্ষকtakṣakaNoun
পৰীক্ষিত ৰজাক খুঁটি মৰা এটা বিখ্যাত সাপৰ নাম
a famous snake who bit King Parīkṣita to death
- তক্ষশিলাtakṣaśilāNoun
এখন প্ৰাচীন নগৰ [ভৰতৰ পুত্ৰ তক্ষৰ নামেৰে স্হাপিত নগৰ, জন্মেজয়ে ইয়াতে সৰ্প-যজ্ঞ কৰিছিল।]
an ancient city named after Takṣam the son of Bharata; Janamejaya performed the snake-sacrifice in this city
- তক্ৰসাৰMaterial Noun
গাখীৰ বা ক্ৰীম ঘুঁটিলে বেলেগ হৈ অহা কোমল, বগা অথবা সামান্য হালধীয়া বৰণৰ চৰ্ব্বী অংশ।
the fatty portion of milk, separating as a soft whitish or yellowish solid when milk or cream is agitated or churned.
- তকৰ মৰ্to.kor marVerb-Trans.
কোনো টান কাঠ, শিল আদিত সৰু সৰু শব্দ কৰি খুন্দিয়া৷
to make light taps on the surface.
- তকৰালtakarālaNoun
বাদানুবাদ; তৰ্ক।
- তগৰtagaraNoun
গোন্ধ থকা এবিধ বগা ফুলৰ আৰু তাৰ গছৰ নাম [ই কেইবাজাতৰো আছে-জাঁপ-তগৰ আৰু নৰা-তগৰ]
a kind of strong scented flower
- তঙলুবাtaṅalubāAdjective
"তমলুবা" চোবাঁ।
- তঙাtaṅāTransitive verb
শ্ৰী বঢ়া; ভাল অবস্হালৈ আন্; যেনে-"নৰিয়াই গা তঙাইছে
to improve
- তঙালtaṅālaNoun
বস্ত্ত আদি বান্ধিবৰ কাৰণে কোমল বাঁহৰপৰা তুলাই লোবা জৰী।
- তঙ্কtaṅkaNoun
অতিপাত খং; যেনে-"ৰাবণৰ তঙ্ক দেখি উঠি তাবক্ষণে। শাস্ত্ৰ-নয় দেখায়া ৰাখিল বিভীষণে" (মা. ক., সুন্দৰাকাণ্ড)
excessive anger
- তঙ্কাল্taṅkāl
টোক্; টকালি আন্; এটাও নোহোবাকৈ আন্; যেনে-"তঙ্কালিয়া ফলগুটি আনি হনুমন্ত" (শ., উত্তৰা- কাণ্ড)
to pluck without leaving anything
- তঙ্কাৰীAdjective
বৰকথীয়া; অহঙ্কাৰী
blustering; boastful
- তঙ্ক্taṅkIntransitive verb
খং কৰ্; যেনে-"মোৰ বোল শুনি তঙ্কিবা ৰুক্মিণী দিৰা মোক প্ৰত্যুত্তৰ" (ৰুক্মিণীৰ প্ৰেমকলহ)।
- তঙৰাtaṅarāNoun
তমালৰ মোচৰ।
- তঙৰা-গাঁঠিtaṅarā-gām̐ṭhiNoun
খেৰৰ বেছা বন্ধা গাঁঠি।
- তচ-নচtaca-nacaAdjective
তল-ওপৰ; বিশৱঙ্খল; খেলিমেলি
disordered