কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডংকাdong.kaMaterial Noun
এটা ডাঙৰ নাগাৰা সদৃশ ডাঙৰ বাদ্য | ইয়াৰ অৰ্দ্ধগোলাকাৰ অংশটো মাটিৰে গঢ়া | পশ্চিমীয়া দেশত কাঁহ-পিতলৰেও গঢ়োৱা দেখা যায় |
A large hemispherical brass or copper percussion instrument with a drumhead that can be tuned by adjusting the tension on it. The hemispherical portion may be made of earthen material also.
- ডংকামোকামdong.ka.mo`.kamProper Noun
কাৰ্বি আংলং জিলাৰ উল্লেখযোগ্য স্থান৷
An important place of Karbi Anglong district of Assam.
- ডংডঙীয়াḍaṇḍaṅīẏāAdjective
ডাঙৰ দীঘল আৰু শকত (মানুহ)
tall and strong
- ডঃdoc.torAbstract Noun
Doctor of Philosophyৰ সংক্ষিপ্ত ৰূপ| যিকোনো বিষয়ত সফলতাৰে গৱেষণা কৰি গৱেষণা পত্ৰ বিশ্ববিদ্যালয়ক জমা দিয়াৰ পিছত বিশ্ববিদ্যালয়ে প্ৰদান কৰা এক সৰ্বোচ্চ ডিগ্ৰী বা উপাধিৰ অন্যতম| এই উপাধি প্ৰাপ্তিৰ পিছত প্ৰাপকে নিজৰ নামৰ আগত ড (ডক্টৰ) লিখিব পাৰে
the abbreviation for 'Doctor of Philosophy'. A university degree of a very high level (in many places the highest university degree) that is given to somebody who has done research in a particular subject in any descipline. The recipient can write Dr. in front of his/her name.
- ডঃ ভবেন্দ্ৰ নাথ শইকীয়াdok.tor bho.ben.dro nath xoi.ki.yaProper Noun
ভবেন্দ্ৰ নাথ শইকীয়া অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু বোলছবি পৰিচালক সকলৰ ভিতৰত অন্যতম৷ তেখেতৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত৷ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে ৷ তেখেতৰ বহুতো গল্প অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ হৈছে৷ অসমীয়া ভাষাৰ পষেকীয়া আলোচনী ’প্ৰান্তিক’ আৰু শিশু আলোচনী ’সঁফুৰা’-ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেখেতে ১৯৭৬ চনত ’সাহিত্য একাডেমি’ আৰু ১৯৯০ চনত ’অসম উপত্যকা বঁটা’ লাভ কৰাৰ উপৰিও ’পদ্মশ্ৰী’ সন্মান লাভ কৰে৷ অসমীয়া নাট্য জগতত ভবেন্দ্ৰ নাথ শইকীয়াই বিশেষ অৱদান আগবঢ়াই গৈছে৷ কেইবাখনো ৰেডিঅ’ নাট, একাঙ্কিকা নাটক ৰচনা কৰাৰ উপৰিও ভ্ৰাম্যমাণ মঞ্চৰ বাবেই তেখেতে একাধিক নাটক ৰচনা কৰে৷ বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে৷ তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ’ৰজত কমল বঁটা’ প্ৰদান কৰে৷ ২০০৩ চনৰ ১৩ আগষ্টত গুৱাহাটীত ড. শইকীয়াৰ মৃত্যু হয়৷ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৰচনাসমূহৰ ভিতৰত অন্যতম হ’ল- আত্মজীৱনী- জীৱন বৃত্ত, জীৱন ৰেখা৷ প্ৰৱন্ধ সংকলন- শেষ পৃষ্ঠা (চাৰিটা খণ্ড)৷ শিশু গ্ৰন্থ- মৰমৰ দেউতা, তোমালোক ভালে থাকা, শান্তশিষ্ট হিষ্টপুষ্ট মহাদুষ্ট, মহাদুষ্টৰ দুষ্টবুদ্ধি, মৰম৷ চুটিগল্প- প্ৰহৰী, সেন্দুৰ, গহ্বৰ, শৃঙ্খল, উপকণ্ঠ, এই বন্দৰৰ আবেলি, বৃন্দাবন, তৰংগ, সন্ধ্যা ভ্ৰমণ, গল্প আৰু শিল্প, আকাশ৷ উপন্যাস- অন্তৰীপ,ৰম্যভূমি ইত্যাদি ৷
Bhabendra Nath Saikia was a top ranking novelist, short story writer, play writer and film director from Assam. He was born on February 20, 1932 at Nagaon town. He worked as reader in Physics in Gauhati University. Many stories have been translated into indian languages. He was the founder of two most popular magazines: Prantik, a vernacular fortnightly, & Safura, a childrens monthly. He won many literary awards, including Sahitya Academy (1976), Assam valley Literary award ( 1990) and was also recognised with the Padma Shri. He had also written a large number of plays for All India Radio (AIR). He has been associated actively with the stage as a playwrit and director. He has written many plays for 'Mobile Theatre' of Assam, and a number of One Act Plays. He had directed eight feature films. These films have been screened at International Film Festivals held at various places of india and world. Seven out of his eight films have been selected for Indian Panorama Section of the International Film Festival of India. He received the Rajat Kamal Award of the Government of India for his sevent films. Dr. Saikia died on August 13, 2003 in Guwahati.
- ডকচাdo.ko.saProper Adj.
ভালকৈ নপকা(ফল)|
not fully ripe (fruit).
- ডকডকীয়াḍakaḍakīẏāAdjective
তেজ থকা; তেজাল; কঁহকঁহীয়া; গোটেই নতুন
full of blood; fresh
- ডকাḍakāNoun
যৰ বেগেৰে বৈ যাওঁতে নৈৰ তলিত খুন্দা খাই হো হো শব্দ কৰি ওপৰলৈ উঠি চাৰিওফালে মেল খাই যোবা পানী
a current of water rising up to the surface in a circle with a roaring noise
- ডকা দি
বলেৰে অপহৰণ কৰ্
to rob
- ডকাইতḍakāitaNoun
বলেৰে লোকৰ বস্ত্ত নিওঁতা বা অপহৰণ কৰোঁতা; দস্যু
a robber; a freebooter
- ডকাইতিNoun
ডকাইতৰ কাৰ্য্য বা বৱত্তি
robbery
- ডক্টৰḍakṭaraNoun
পাণ্ডিত্য বুজোবা উপাধি।
Doctor
- ডকৰাAdjective
পকিবলৈ ধৰা; আধা পকা
beginning to ripen
- ডকৰা পৰ্do.ko.ra porVerb-Trans.
অলপকৈ পক্ বা পকিবলৈ ধৰ্
to ripen slightly or to begin to ripen
- ডকৰ্do.korVerb-Trans.
অলপকৈ পক্ বা পকিবলৈ ধৰ্
to ripen slightly or to begin to ripen
- ডকৰ্, ডকৰা পৰ্ḍakar, ḍakarā, parIntransitive verb
অলপকৈ পক্; পকিবলৈ ধৰ্
to ripen slightly; to begin to ripen
- ডগḍagaNoun
চাহ পাতৰ কোঁহ।
dug
- ডগডগḍagaḍagaNoun
ঢকঢক।
- ডগডগীḍagaḍagīNoun
এবিধ দীঘলীয়া গাৰে আৰু সৰু দীঘল ডিঙিৰে লোটা
a water vessel with a long and narrow neck
- ডগবগাVerb-Intran.
মৰিবলৈ ধৰা প্ৰাণীৰ দৰে কাতি হৈ পৰি খৰকৈ উশাহ ল
to roll on the ground and gasp for breath, like an animal about to die