কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঔ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঔদ্যোগীকৰণou.dyo.gi.ko.ronVerbal Noun
ব্যাপক পৰিসৰত উদ্যোগ গঢ়ি তোলা
development of industry in a large scale
- ঔদৰিকou.do.rikProper Adj.
প্ৰয়োজনতকৈ অধিক সম্পত্তি আহৰণ কৰিবলৈ বা খাদ্য খাবলৈ বিছৰা লোক।
immoderately desirous of acquiring wealth, wanting to eat more than enough.
- ঔধস্যou.dho.syoMaterial Noun
নাৰীৰ বুকুত থকা দুগ্ধ নিঃসৰণকাৰী আৰু কোমল মঙহাল অংগদুটাৰ যিকোনো এটা ৷
Either of two soft fleshy milk-secreting glandular organs on the chest of a woman.
- ঔন্নত্যoun.no.tyoAbstract Noun
ভূমিৰ পৰা শীৰ্ষলৈ অথবা গুৰিৰ পৰা মূৰলৈ জোখ
Measurement from base to top or from foot to head
- ঔপচাৰিকoi.po.sa.rikProper Adj.
কঠোৰ নিয়ম-নীতিৰ মাজেৰে পৰিচালিত
markedly formal ceremony conforming to rigid rules and regulations
- ঔপচাৰিক লক্ষণাaupacārika, lakṣaṇāNoun
অচেতন বস্ত্তক সচেতন বস্ত্তৰ নিচিনা উক্ত কৰা অলঙ্কাৰ; যেনে-"দেখিয়ো আশ্চৰ্য্য দদা ইটো বৱক্ষগণ। ফল ফুল লই ছোবে তোমাৰ চৰণ" (দশম)।
- ঔপচাৰিকতাoi.po.sa.ri.ko.taAbstract Noun
কোনো ৰীতি অনুসৰি নিৰ্দ্ধাৰিত অনুষ্ঠানৰ এক ব্যৱস্থা
a system of ceremonies prescribed by a ritual
- ঔপজীবিকaupajībikaAdjective
জীবিকা-সম্পৰ্কীয়
occupational
- ঔপনিবেশিকaupanibeśikaAdjective
উপনিবেশ-সংক্ৰান্ত
colonial
- ঔপনিৱেশিকতাবাদou.po.ni.be.xi.ko.ta.badAbstract Noun
বলপূৰ্বকভাৱে আন এখন দেশ আক্ৰমণ কৰি শাসন কৰা আৰু তাৰ পৰা সম্পদ আহৰণ কৰা কাৰ্য্য অথবা মতবাদ ।
Exploitation by a stronger country of weaker one; the use of the weaker country's resources to strengthen and enrich the stronger country.
- ঔপনিৱেশিকতাবাদীou.po.ni.be.xi.ko.ta.ba.diProper Adj.
যি ঔপনিৱেশিকতাবাদৰ সমৰ্থন কৰে
someone who supports colonialism
- ঔপন্যাসিকaupanyāsikaNoun
উপন্যাস-লিখোঁতা
a novelist
- ঔপম্যou.po.myoAbstract Noun
একে গঢ় বা আকৃতি বা গুণৰ হোৱা অবস্থা ৷
The quality of being similar in appearance or external or superficial details.
- ঔপলProper Adj.
শিল সম্পৰ্কীয়
related to stone, rock
- ঔপৰাNoun
যেনে -"চোৰক ঔপৰা দিলে"।
- ঔবা-লতাaubā-latāNoun
ঔ-গছৰ পাতৰ নিচিনা পাতেৰে এবিধ ডাঙৰ লতা [এই গছ ডাঙৰ হ'লে সোমলতাৰ দৰে গুৰি কাটি দিলে তাৰপৰা অধিক পৰিমাণে পানী ওলায়]।
- ঔবীজলুৱাProper Adj.
পূৰাকৈ বিকশিত নোহোৱা; বয়স বা অভিজ্ঞতাৰ দিশৰ পৰা আশানুৰূপ জ্ঞানী বা নম্ৰ নোহোৱা
not fully developed, not being as wise and calm as people expect from one's age or experience
- ঔমProper Noun
বেদৰ মূল মন্ত্ৰ৷ ঈশ্বৰৰ স্ৰজন, পালন আৰু সংহৰণ এই তিনি শক্তি বুজোৱা শব্দ৷ ‘অ’, ‘উ’ আৰু ‘ম’ এই তিনিটা ধ্বনি মিলি ওঁ হৈছে৷ ‘অ’ মানে পালন কৰ্তা বিষ্ণু, ‘উ’ মানে সংহাৰ কৰ্তা শিৱ, আৰু ‘ম’ মানে সৃষ্টি কৰ্তা ব্ৰহ্মা৷ সৃষ্টি, স্থিতি আৰু পলয়ৰ অধিকাৰী পৰম ঈশ্বৰৰ স্বৰূপক ‘প্ৰণৱ’ ওঁ শব্দই একে আখৰৰে চমুকৈ এক মূৰ্হুত্বতে বিজ্ঞাপন কৰে দেখি ওঁ পৱিত্ৰ আৰু জপৰ বিধান৷
The supreme and most sacred syllable, consisting in Sanskrit of the three sounds (a), (u), and (m), representing various fundamental triads and believed to be the spoken essence of the universe. It is uttered as a mantra and in affirmations and blessings. this mantric word thought to be a complete expression of Brahman and interpreted as having three sounds representing Brahma or creation, Vishnu or preservation, and Siva or destruction, or as consisting of the same three sounds, representing waking, dreams, and deep sleep, along with the following silence, which is fulfillment.
- ঔষধauṣadhaNoun
ৰোগ দূৰ কৰা গুটি, পাত, মূল আদি; সকলো বিধৰ দৰব
medicinal herb; medicine
- ঔষধালয়auṣadhālaẏa
দৰব পোবা ঘৰ; দৰব তৈয়াৰ কৰা ঘৰ
dispensary