কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভণ্ডbhaṇḍaNoun
যি মানুহে তাৰ আচল স্বভাবটো ঢাকি লোকক অইন এটা স্বভাব দেখুবাব খোজে; বঞ্চক; ছলাহী মানুহ
a hypocrite; a pretender; a deceiver
- ভণ্ডল কৰ্bhaṇḍala, kar
নষ্ট কৰ্; চুবা-নিকা একে কৰ্
to spoil by mixing up what is good and bad
- ভণ্ডামিbhon.da.miAbstract Noun
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
the act of fooling others by using dishonest method
- ভণ্ডামি-(-লি)Noun
ভণ্ডৰ স্বভাব।
- ভণ্ডালিbhon.da.liAbstract Noun
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
the act of fooling others by using dishonest method
- ভণ্ডাৰbhaṇḍāraNoun
ভঁৰাল।
- ভণ্ডাৰীNoun
ভঁৰালী।
- ভতভইতাProper Adj.
বহু পৰিমাণৰ প্ৰাকৃতিক অথবা কৃত্ৰিম পোহৰ যুক্ত৷
Having lots of light either natural or artificial.
- ভতাbhatāTransitive verb
তাঁত বোবাৰ আগেয়ে পাট, মুগা আদি ৰেচমৰ সূতাত নিসনিৰে বা সিজাই ভাতৰ নিচিনা কৰি খুন্দা ধানৰ পানীৰে মাড় লগা
to size silk thread previous to weaving
- ভতাতকেAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- ভতাৰbhatāraNoun
স্বামী
a husband
- ভতিজাbhatijāNoun
ভাই বা ককাইৰ পুতেক
a brother's son
- ভতিজা-ছোৱালীbho.ti.ja-so`.wa.liCommon Noun
ককায়েক-ভায়েক অথবা বায়েক, ভনীয়েকৰ ছোৱালী
the daughter of a brother or sister
- ভতিজীbho.ti.jiCommon Noun
ককায়েক-ভায়েক অথবা বায়েক, ভনীয়েকৰ ছোৱালী
the daughter of a brother or sister
- ভতুবাbhatubāNoun
জিল্মিল্ শাক্
a kind of pot herb; Chenopodium album
- ভতুৱাbho.tu.waProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- ভতুৱা শাকbho.tuwa xakProper Noun
উচ্চ নাইট্ৰ’জেনযুক্ত মাটিত গজা আৰু পাচলি হিছাপে খাব পৰা এবিধ খৰকৈ বঢ়া বনশাক, যাৰ পৰাগৰেণুৱে এলাৰ্জি কৰিব পাৰে৷
a fast growing weed pollens that can cause allergy found in nitrogen rich soil and can be eaten as vegetable.
- ভতোৱাbho.to`.waProper Adj.
ভাতৰ ওপৰত নিৰ্ভৰ কৰা, ভাত খাই জীয়াই থকা ৷
Someone subsisting or living on rice.
- ভতৰাbhatarāNoun
নবন্ধোবা মতা গৰু
a bull
- ভতৰা গৰুgho.to.ra go.ruCommon Noun
পূৰ্ণবয়স্ক মতা গৰু৷
The male of bovine quadrupeds, especially the domestic animal when castrated and grown to its full size, or nearly so. Mostly used to say about an adult male cow.