কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দধিচীdo.dhi.siProper Noun
অসুৰৰ ৰজাক বধ কৰিবলৈ ঋষি দধিচিয়ে নিজৰ হাড় দান দিছিল৷
A Vedic king, son of Atharvan, who turned a great Rishi. Dadhicha gave his bones to destroy Vritra, a brahmin, who became the head of the Asuras.
- দধিফলCommon Noun
এচিয়া মহাদেশত বিশেষকৈ পোৱা এক চিৰসেউজ উদ্ভিদ৷ তৰপে তৰপে বাকলি থকা এবিধ টেঙা ফল ধৰে৷
an evergreen shrub or tree found in Asia that bears a fruit with multiple layers of skin with an edible, sour pulp inside
- দধিশোনCommon Noun
প্ৰাইমেট বৰ্গৰ অন্তৰ্গত দীঘল-নেজীয়া মজলীয়া আকাৰৰ এক স্তন্যপায়ী জন্তু।
Any of various long-tailed, medium-sized members of the order Primates, including the macaques, baboons, guenons, capuchins, marmosets, and tamarins and excluding the anthropoid apes and the prosimians.
- দধীচিdadhīciNoun
এজন ঋষিৰ নাম [বৱত্ৰাসুৰক মাৰিবৰ কাৰণে বজ্ৰ সাজিবলৈ তেওঁৰ হাড়বিলাক ইন্দ্ৰক দিবলৈ তেওঁ প্ৰাণ এৰিছিল।]
name of a saint
- দধুৰProper Adj.
গাত অতিমাত্ৰা চৰ্বী বা মাংস থকা
Having much or too much fat or flesh
- দধৃকCommon Noun
যিজন ব্যক্তিয়ে সন্মতিৰ অবিহনে আন এজনৰ সৈতে যৌনকৰ্মত লিপ্ত হয়।
a person who indulges in unconsented sexual act with another person.
- দনdanaNoun
আঁৰকাপোৰ, জাল আদি দাঙি ধৰি থাকিবৰ কাৰণে লগোবা দীঘল জৰী
a long rope on which a net or a screen is fitted up or stretched
- দন কৰ্don korVerb-Trans.
বিপৰীত মতামত বা দাবী উত্থাপন কৰ্
to assert an opposing views or claims
- দন-হাইdon-haiAbstract Noun
ৰাজনৈতিক, আৰ্থিক, সামাজিক বা ব্যক্তিগত কাৰণত শত্ৰুতা কৰা অৱস্থা বা কাৰ্য্য, সাধাৰণতে শাৰীৰিক হিংসা অবিহনে।
A state or act of enmity for political, economic, or social reasons usually without physical violence.
- দনাdanāNoun
কল-পটুবাৰ খোল
a deep plate made from the sheath of a plantain
- দনা ওলম্
কাপোৰ ফাটি দনা ওলম্
to hang in tatters
- দনা-বাখল
বৌখা।
- দনুdanuNoun
কশ্যপ ঋষিৰ ভাৰ্য্যা আৰু দক্ষ ৰজাৰ কন্যা
a wife of the sage Kāśyapa and daughter of Dakṣa
- দনুজ
দনুৰপৰা জন্ম হোবা; অসুৰ; দৈত্য
a demon
- দনুজদমনdo.nuj.do.monProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- দনুজদলনীdo.nuj.do.lo.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- দনুজাৰিNoun
বিষ্ণু
a name of Viṣṇu
- দন্Abstract Noun
দুই বিৰোধী দলৰ মাজৰ বিবাদ, য’ত এটাই আনটোক অস্ত্ৰ বা শাৰীৰিক শক্তিৰে অপকাৰ কৰিবলৈ বা বশীভূত কৰিবলৈ চেষ্টা কৰে ৷
A confrontation between opposing groups in which each attempts to harm or gain power over the other, as with bodily force or weapons.
- দন্তdantaNoun
দাঁত
a tooth
- দন্ত চিকিত্সকdon.to si.kit.sokCommon Noun
দাত ৰোগৰ বৈদ্য, দাতৰোগৰ চিকিৎসাবিধান দিয়া বিশেষজ্ঞ
a licensed practitioner who is skilled in the prevention, diagnosis, and treatment of diseases, injuries, and malformations of the teeth, jaws, and mouth and who makes and inserts false teeth