কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঢ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঢেণ্ডাকাৰḍheṇḍākāraAdjective
উখহি বৰ ডাঙৰ হোবা
very much swollen or inflated
- ঢেপাḍhepāAdjective
কন্কনীয়া নোহোবা; ভালকৈ পাগত নুঠা (মাটিৰ পাত্ৰ)
half-baked, as an earthen pot
- ঢেপেচাḍhepecāAdjective
বেছি শকত আৰু সহজে উঠিব-মেলিব নোবৰা; স্ত্ৰী. ঢেপেটী।
- ঢেপেলাḍhepelāAdjective
বৰ বহল (পাত আদি)
very wide or broad, as a leaf
- ঢেপেৰাḍheperāNoun
বাদুবা; ধাৰ নথকা
blunt
- ঢেপ্ঢেপনিNoun
ঢেপ্ ঢেপ্ কৰা কাৰ্য্য।
- ঢেপ্ঢেপ্ḍhepḍhepNoun
ভালকৈ পাগ নুঠা মাটিৰ পাত্ৰৰ শব্দ; সোপোকা উখহা পেট আদিত আঘাত কৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the dull sound produced by a blow on a half-baked earthen pot or a soft thing
- ঢেমেকাProper Adj.
মেঘেৰে ঢাকি থকা আকাশ
Full of or covered with clouds.
- ঢেলḍhelaNoun
চকুৰ মণিৰ চাৰিওফালৰ বগা অংশ
the white portion of the eye round the pupil
- ঢেল খা, ঢেল ওলা
চকুৰ বগা ভাগ ওলা।
- ঢেল-ওপঙাNoun
চকুৰ ঢেল উলিয়াই আধা-মৰা হৈ পানীত ওপঙা কাৰ্য্য
the act of floating on water almost dead
- ঢেল-ওপঙা দি
মৰাৰ নিচিনা হৈ পানীত উট্ বা ওপঙ্
to float on water almost dead
- ঢেলওপঙাAbstract Noun
আধা মৰা হৈ চকুৰ ঢেল উলিয়াই পানীত ওপঙি থকা অৱস্থা
the condition of floating on the water in a dying state with eyes widely open and fixed
- ঢেলঢেলীয়াAdjective
শেঁতা; নিস্তেজ; তেজ-নাইকিয়া
pale-coloured
- ঢেলাḍhelāAdjective
শেঁতা; নিস্তেজ
pale
- ঢেলা পৰ্dhe.la porVerb-Intran.
to lose brightness or vividness of color
- ঢেলা-চকুবাAdjective
ঢেল-খোবা চকু থকা; বগা বেছিকৈ ওলোবা চকু-যুক্ত
having the white of the eye unusually exposed
- ঢেলুকা-ঢেলুকḍhelukā-ḍhelukaNoun
মৰণৰ সময়ত ঢেল উলিয়াই কৰা চকুৰ লুটিয়া- লুটি
the rolling of the eyes, as of a dying man
- ঢেহকাḍhehakāAdjective
আটিল নোহোবা; ঢিলা (গা)
flaccid
- ঢেৰḍheraAdjective
অনেক; বিস্তৰ; প্ৰচুৰ; বহুত
much; many; abundant