কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডাঠ বকলাdath bo.ko.laMaterial Noun
পেলনীয়া কাগজ, তুহঁ, কাপোৰৰ আহঁ আদি হেঁচা দি বনোৱা ডাঠ কাগজ৷ কাগজৰ বাকচ আদি বনাবলৈ ব্যৱহাৰ কৰা হয় ৷
A material similar to thick, stiff paper, that is made of pressed paper pulp or pasted sheets of paper. It is used for making cartons and signs.
- ডাঠ হাবিdath ha.biCommon Noun
বনৰীয়া গছ-লতাৰে ভৰা গভীৰ অৰণ্য
a thick jungle full of wild trees and underbush
- ডাঠাḍāṭhāNoun
শাকৰ মঙহাল ঠাৰি
the pithy stalk of vegetables
- ডাঠিḍāṭhiAdverb
ডাঠি।
- ডাঠি ক
দৱঢ় বা নিশ্চিতৰূপে ক
to speak firmly or emphatically
- ডাঠুবাḍāṭhubāAdjective
সাহিয়াল; মন বা বুকু ডাঠ
fearless; courageous
- ডাঠুৱাda.thu.waProper Adj.
বিপদ বা ভয়ৰ সন্মুখীন হ’ব বা মোকামিলা কৰিব পৰা সামৰ্থ্য থকা
able to face and deal with danger or fear
- ডাণ্টḍāṇṭaAdjective
দৱঢ়; যেনে-"অতিশয় বৰ ডাণ্ডঃ লোহাৰ নিহল পাণ্টঃ নাৰায়ণ দাসৰ ভৰিৰ খহিলা" (শঙ্কৰদেব-দ্বিজ ভূষণ)।
- ডাফলীḍāphalīNoun
ডফলা জাতিৰ তিৰোতা
a Daffla woman
- ডাবḍābaNoun
নপকা বা কুমলীয়া নাৰিকল
a green or unripe cocoanut
- ডাব কটাৰিdab ko.ta.riMaterial Noun
জপাই মেলি ৰাখিব পৰা নাল থকা এবিধ সৰু কটাৰি বা চুৰি
a knife with a blade that folds into the handle.
- ডাব কাট্ḍāba, kāṭ
প্ৰতিজ্ঞা কৰ্
to take a vow
- ডাব নাৰিকলdab na.ri.kolMaterial Noun
পূৰঠ নোহোৱা নাৰিকল
Young coconut (with still green outside) used specially for its water
- ডাব-কটাৰী
ডাব লগোবা কটাৰী; ডবুবা-কটাৰী
a clasp knife
- ডাবহীḍābahīNoun
ডবহাৰ স্ত্ৰী।
- ডাবিḍābiNoun
খং কৰি দেখুওবা ভয়; ধমক
throat; menace
- ডাবি দি
ডবিয়াই; খঙেৰে ভয় দেখুবাই
to threaten
- ডাবি মাৰ্
ভেকাহি মাৰ্; খঙেৰে ডাঙৰকৈ তিৰস্কাৰ কৰ্; হুকি মাৰ
to intimidate with loud, sudden and angry words
- ডাবি মেল্
ডবিয়া।
- ডাবি-ধমকিda.bi-dhom.kiVerbal Noun
কাৰোবাক উদ্দেশি টান বা বেয়া কথা কোৱা কাৰ্য্য।
the act of scolding someone or saying bad things about.